ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত ভয়াৱহ ভূমিস্খলন

author img

By

Published : Aug 14, 2021, 5:32 PM IST

ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ শহতীয়াকৈ পূৱ চিয়াং জিলাত হোৱা ভয়াৱহ ভূমিস্খলনৰ বাবে ব্যাহত হৈ পৰিছে কেইবাখনো জিলাৰ যাতায়ত ব্যৱস্থা ৷

Landslides disrupts connectivity in Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত ভয়াৱহ ভূমিস্খলন

নিউজ ডেস্ক, 14 আগষ্ট : শেহতীয়াকৈ কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনৰ ঘটনা ৷ ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে পূৱ চিয়াং জিলাৰ মাজেৰে যোৱা 13 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ ৷ যাৰ বাবে পাচিঘাট, পাংগিন আৰু আলাও সংযোগী পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৷ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ পৰা চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে এই তথ্য ৷

উল্লেখ্য যে, উক্ত ভূমিস্খলনৰ ঘটনাত কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ বৰ্তমান সময়ত উক্ত পথটো ব্যৱহাৰ নকৰিবলৈ পূৱ চিয়াং জিলাৰ প্ৰশাসনে নিৰ্দেশনা প্ৰেৰণ জাৰি কৰিছে৷ লগতে উক্ত পথটো মেৰামতিৰ বাবে অতি কমেও 7 দিনৰ সময় লাগিব বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷

ইফালে ভয়াৱহ ভূমিস্খলৰ বাবে লিকাবালিৰ পৰা বাচাৰ সংযোগী পথটোও বন্ধ হৈ পৰা বুলি খবৰ পোৱা গৈছে ৷ যাৰ বাবে পথটোত শেহতীয়া 24 ঘন্টাত বহু যান-বাহন আৱদ্ধ হৈ আছে ৷ চৰকাৰী সূত্ৰে জানিবলৈ দিয়া মতে পথটোৰে যাতায়ত পুনৰ আৰম্ভ কৰিবৰ বাবে প্ৰচেষ্টা চলি আছে ৷

লগতে ভূমিস্খলনৰ বাবে আপাৰ চিয়াং জিলাৰ টুটিং আৰু য়াংকিয়ঙ মাজতো যোগাযোগ ব্যাহত হোৱাৰ খবৰ পোৱা গৈছে ৷

লগতে পঢ়কঃ ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.