ETV Bharat / bharat

ভূমি বিবাদ : ব্ৰু-হালাম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা - ব্ৰু সম্প্ৰদায়

মঙলবাৰে উত্তৰ ত্ৰিপুৰাৰ ডামছেৰাত ‘ব্ৰু’ আৰু ‘হালাম’ সম্প্ৰদায়ৰ মাজত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত ৷ পৰৱৰ্তী সময়ত এই সংঘাতে ভয়ংকৰ ৰূপ লয় ৷ এই সংঘাতত 18 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বাধ্য হৈ কন্দুৱা গেছ নিক্ষেপ কৰে ৷

Land conflict: Bru-Halam clash triggers tension in Tripura's Damcherra, 18 injured
ভূমি বিবাদ : ব্ৰু-হালম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা
author img

By

Published : Jul 27, 2021, 1:39 PM IST

Updated : Jul 28, 2021, 1:13 PM IST

নেশ্যনেল ডেস্ক, 27 জুলাই : উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰ মহকুমাৰ ডামছেৰাত ‘ব্ৰু’ (Bru) আৰু ‘হালাম’ (Halam) সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় 18 জনকৈ লোক আহত হৈছে ৷ মঙলবাৰে ত্ৰিপুৰা আৰক্ষীয়ে (Tripura Police) সদৰি কৰিছে এই কথা ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গৃহহীন ‘ব্ৰু’ (Bru) সম্প্ৰদায়ৰ লোকসকলে স্থানীয় ভূমি দখল কৰা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছিল ‘হালাম’ (Halam) সম্প্ৰদায়ৰ লোকসকলে ৷ ইয়াকে লৈ বিগত কেইবা সপ্তাহজুৰি অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷

Land conflict: Bru-Halam clash triggers tension in Tripura's Damcherra, 18 injured
ব্ৰু-হালম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা

প্ৰায় 15 দিন পূৰ্বে দুয়ো সম্প্ৰদায়ৰ মাজত সংঘাত মিমাংসা কৰাৰ উদ্দেশ্যে এখন শান্তি বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷ কিন্তু মঙলবাৰে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যেতিয়া দুয়ো সম্প্ৰদায়ৰ লোকে বাক-বিতণ্ডাৰ অন্তত সংঘৰ্ষত লিপ্ত হয় ৷ স্থানীয় সূত্ৰই দাবী কৰা অনুসৰি, অঞ্চলটোত কিছুসংখ্যক ‘ব্ৰু’ (Bru) সম্প্ৰদায়ৰ লোকে মুকলি ঠাইত বাসস্থান নিৰ্মাণ কৰি আছিল ৷ কিন্তু এই ভূমিখিনি ব্ৰু সম্প্ৰদায়ৰ লোকসকলৰ কেম্প স্থাপনৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা ভূমিৰ অংশ নহয় ৷

এই ভূমি ‘হালাম’ (Halam) সম্প্ৰদায়ৰ বুলি দাবী কৰিছে স্থানীয় লোকসকলে ৷ এই নিৰ্দিষ্ট ভূমিত যিকোনো ধৰণৰ কাম কৰাৰ বাবে ‘ব্ৰু’ (Bru) সম্প্ৰদায়ৰ লোকসকলে ‘হালাম’ (Halam) সম্প্ৰদায়ৰ অনুমতি ল’ব লাগে ৷ কিন্তু ‘ব্ৰু’ (Bru) সম্প্ৰদায়ৰ লোকসকলে এই নিয়ম মানিবলৈ অস্বীকাৰ কৰে ৷

লগতে পঢ়ক- ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ

এই ঘটনাক লৈয়ে প্ৰথমাৱস্থাত বাক-বিতণ্ডা আৰু পৰৱৰ্তী সময়ত হাতহতিত লিপ্ত হয় দুয়ো সম্প্ৰদায়ৰ লোকে ৷ ইয়াৰ পিছতে ‘ব্ৰু’ (Bru) সম্প্ৰদায়ৰ লোকসকলে কাষৰীয়া কাস্কো কেম্পৰ (Kaskao Camp) পৰাল সুৰক্ষাৰ বাবে আৰু লোক মাতি পঠিয়াই আৰু তেওঁলোকৰ কামৰ বিৰোধিতা কৰা ‘হালাম’ (Halam) সম্প্ৰদায়ৰ লোকসকলক আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত ‘হালাম’ (Halam) সম্প্ৰদায়ৰ লোকো ঘটনাস্থনীত উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ৷

ভূমি বিবাদক লৈ উত্তপ্ত ত্ৰিপুৰা

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও আৰক্ষীয়ে কোনো এটা দলকে বুজাবলৈ সক্ষম নহয় ৷ উপয়ন্তৰ হৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে ৷ এই সংঘৰ্ষত দুয়ো সম্প্ৰদায়ৰে 18 গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আন কিছু সংখ্যকক প্ৰাথমিক চিকিৎসাৰ অন্তত ৰেহাই দিয়া হয় ৷

আৰক্ষীয়ে কয়, ডামছেৰাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ 18 জাই গুলি চালনা কৰিবলগীয়া হয় ৷ কন্দুৱা গেছ নিক্ষেপ কৰাৰ উপৰিও লাঠিচাৰ্জো কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেইবাঘন্টাৰ প্ৰয়োজন হয় আৰক্ষীক ৷

ত্ৰিপুৰাৰ ডামছেৰা ব্ৰু-হালম সংঘৰ্ষ

অঞ্চলটোত পুনৰ কোনো অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ লোক মোতায়ন কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু জিলা দণ্ডাধীশে ৷

লগতে পঢ়ক- সমাধানৰ দিশে ব্ৰু সকলৰ সমস্যা : আৰম্ভ হ'ল স্থায়ী পুনৰ সংস্থাপন প্ৰক্ৰিয়া

Last Updated : Jul 28, 2021, 1:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.