নিউজ ডেস্ক, ২৫ জানুৱাৰী : ভাৰত আৰু চীনৰ মাজত লাডাখক লৈ অব্যাহত থকা সংঘাতৰ সময়তে ভাৰত আৰু চীনৰ কৰ্পছ কামাণ্ডাৰসকলৰ নৱম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে । এই বৈঠক ১৫ ঘন্টাতকৈও অধিক অনুষ্ঠিত হয় । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ দুয়োখন দেশৰ মাজত বিগত বৰ্ষৰ এপ্ৰিল মে' মাহৰ পৰা সংঘাতপূৰ্ণ পৰিৱেশে বিৰাজ কৰি আহিছে ।
চীন ভাৰত সীমান্তৰ মোল্ডত দেওবাৰে পুৱা ১১ বজাত আৰম্ভ হোৱা বৈঠকৰ সোমবাৰে পুৱতি নিশা ২.৩০ বজাত অন্ত পৰে এই বৈঠকৰ । সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা হৈছিল । যাতে সীমান্তত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰে । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ ভাৰত-চীন সীমান্তত সংঘাতৰ সৃষ্টি কৰি আহিছে ।
উল্লেখ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখ সমস্যাক লৈ বিগত বৰ্ষৰ ৬ নৱেম্বৰতো অষ্টম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল ।
লগতে পঢ়ক: গণৰাজ্য় দিৱসত ডি আৰ ডি অ’ৰ দুটাকৈ এন্টি টেংক নিৰ্দেশিত ক্ষেপনাস্ত্ৰ প্ৰদৰ্শন