ETV Bharat / bharat

কুম্ভমেলাক মাৰ্কাজৰ সৈতে তুলনা কৰা অনুচিত - Uttarakhand CM on Markaz

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটৰ মতে হৰিদ্বাৰৰ কুম্ভমেলাক নিজামুদ্দিন মাৰ্কাজৰ সৈতে তুলনা কৰা উচিত নহয় । তেওঁৰ মতে মাৰ্কাজ হৈছিল বন্ধ ঠাইত আৰু কুম্ভমেলা আয়োজন কৰা হৈছে গংগা নদীৰ ঘাটবোৰৰ মুকলি স্থানত ।

কুম্ভমেলাক মাৰ্কাজৰ সৈতে তুলনা কৰিব নালাগে:উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

author img

By

Published : Apr 14, 2021, 3:18 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে সামাজিক মাধ্যমত বহুতে নিজামুদ্দিন মাৰ্কাজ আৰু কুম্ভমেলাক একে বুলি শ্বেয়াৰ কৰিছে । ইয়াৰ পিছতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলি থকা কুম্ভমেলাক লৈ তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হৈছে । এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটৰ বিশেষ মন্তব্য । মুখ্যমন্ত্ৰীগৰাকীৰ মতে মুকলি ঠাইত আয়োজিত হৰিদ্বাৰৰ কুম্ভমেলাক নিজামুদ্দিন মাৰ্কাজৰ সৈতে তুলনা কৰা উচিত নহয় । তেওঁৰ মতে মাৰ্কাজ হৈছে বন্ধ ঠাইত আৰু কুম্ভমেলা আয়োজন কৰা হৈছে গংগা নদীৰ ঘাটবোৰৰ মুকলি স্থানত ।

কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ সময়ত কুম্ভমেলাতো যথেষ্ট লোকৰ সমাৱেশ হয় ৷ মুখ্যমন্ত্ৰীৰ মতে দুয়োটা ধৰ্মীয় অনুষ্ঠানক সমান কৰিব নালাগে । তীৰথ সিঙ ৰাৱটৰ মতে কুম্ভমেলাত উপস্থিত থকা ভক্তসকল বাহিৰৰ নহয় ।

তদুপৰি, যেতিয়া মাৰ্কাজ অনুষ্ঠিত হৈছিল, কৰ'ণা সম্পৰ্কে বিশেষ সজাগতা নাছিল বা কোনো নিৰ্দেশনা নাছিল । কোনেও নাজানিছিল যে মাৰ্কাজত উপস্থিত থকাসকল কিমান দিন কোঠাৰ ভিতৰত আছিল । এতিয়া ক'ভিড আৰু ইয়াৰ সৈতে জড়িত নিৰ্দেশনা সম্পৰ্কে ৰাইজ অধিক সজাগ ।

তেওঁ ইয়াকো কয় যে কুম্ভ ১২ বছৰত এবাৰ আহে আৰু লাখ লাখ লোকৰ বিশ্বাস আৰু অনুভূতিৰ সৈতে জড়িত । তেওঁ দাবী কৰে যে এছওপিক সকলোৱে কঠোৰভাৱে অনুসৰণ কৰাটো নিশ্চিত কৰি ক'ভিড-১৯ ৰ দ্বাৰা হ'ব পৰা প্ৰত্যাহ্বানৰ মাজত ইয়াক সফলতাৰে আয়োজন কৰাটো ৰাজ্য চৰকাৰৰ লক্ষ্য ।

মুখ্যমন্ত্ৰী গৰাকীৰ মতে, আক্ৰান্তৰ সংখ্যা পলমকৈ বৃদ্ধি পাইছে কিন্তু স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি থকা হৈছে আৰু আৰোগ্যৰ হাৰো সন্তোষজনক । যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ব্যৱস্থাও পৰ্যাপ্ত আছে বুলি দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী ৰাৱটৰ মতে মেলা অঞ্চলত মাস্ক আৰু চেনিটাইজাৰ বৃহৎ পৰিমাণে উপলব্ধ লগতে ক'ভিডৰ নিৰ্দেশাৱলী সকলোৱে অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ সমগ্ৰ প্ৰশাসন যন্ত্ৰ দিন-ৰাতি কাম কৰি আছে । মেলাত প্ৰৱেশৰ পূৰ্বে ক'ভিড পৰীক্ষা কৰা বাধ্যতামূলক কৰা হৈছে ৷ লগতে সকলোতে ৰেণ্ডম টেষ্টৰো ব্যৱস্থা কৰা হৈছে ।

ইফালে উত্তৰাখণ্ডত মঙলবাৰৰ দিনটোত ক'ভিডৰ ক্ষেত্ৰত বছৰৰ সৰ্বাধিক দৈনিক আক্ৰান্তৰ হাৰ বৃদ্ধি হৈছে ৷ ৰাজ্যখনত একেদিনাই ১,৯২৫ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । ৰাজ্যখনৰ ডেৰাডুনত ৭৭৫ টা, হৰিদ্বাৰত ৫৯৪ টা, নাইনিতালত ২১৭ আৰু উধম সিং নগৰত ১৭২ টা কৰ’ণাৰ নতুন ঘটনা পোহৰলৈ আহিছে । সমান্তৰালকৈ ৰাজ্যখনত ১৩ গৰাকী লোকৰ মৃত্যু হৈছে মঙলবাৰৰ দিনটোত ।

লগতে পঢ়ক: মোডী আৰু মমতা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি : আছাদুদ্দিন ওৱেছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.