ETV Bharat / bharat

পাণ্ডিয়া ব্ৰাদাৰ্চৰ মহানুভৱতা: দান কৰিব 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ

ভাৰতীয় ক্ৰিকেটত পাণ্ডিয়া ভাতৃখ্যাত হাৰ্দিক আৰু কুৰ্ণাল পাণ্ডিয়াই পুনৰ এবাৰ ক’ভিড মহামাৰীৰে যুঁজি থকা লোকসকলৰ সহায়ৰ বাবে আগুৱাই আহিছে ৷ দুয়োগৰাকী ক্ৰিকেটাৰে বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰলৈ অক্সিজেন কণচেন্ট্ৰেট’ৰ প্ৰেৰণ কৰি আছে ৷ ভাৰতীয় ক্ৰিকেট দলৰ তৰফৰ পৰা এদিনীয়া আৰু টি-20 মেচ খেলা কুৰ্ণাল পাণ্ডিয়াই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে ৷

author img

By

Published : May 24, 2021, 4:00 PM IST

Krunal and Hardik Pandya send new batch of oxygen concentrators to Covid-19 centres
পাণ্ডিয়া ব্ৰাদাৰ্চৰ মহানুভৱতা: দান কৰিব 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ

স্পৰ্ট্চ ডেস্ক, 24 মে’: ভাৰতীয় ক্ৰিকেটৰ পাণ্ডিয়া ভাতৃখ্যাত হাৰ্দিক আৰু কুৰ্ণাল পাণ্ডিয়াই পুনৰ এবাৰ ক’ভিড মহামাৰীৰে যুঁজি থকা লোকসকলৰ সহায়ৰ বাবে আগুৱাই আহিছে ৷ দুয়োগৰাকী ক্ৰিকেটাৰে বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰলৈ অক্সিজেন কণচেন্ট্ৰেট’ৰ প্ৰেৰণ কৰি আছে ৷ ভাৰতীয় ক্ৰিকেট দলৰ তৰফৰ পৰা এদিনীয়া আৰু টি-20 মেচ খেলা কুৰ্ণাল পাণ্ডিয়াই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে ৷

কুৰ্ণাল পাণ্ডিয়াই ফটোৰ সৈতে টুইট কৰি কয় যে, " সকলোৰে দ্ৰুত আৰোগ্য কামনাৰে অক্সিজেন কণচেন্ট্ৰেট’ৰৰ ক’ভিড কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰি থকা হৈছে ৷ "

  • This new batch of Oxygen Concentrators are being dispatched to Covid centres with prayers in our hearts for everyones speedy recovery 🙏

    सभी के जल्द स्वस्थ होने की प्रार्थनाऔ के साथ ऑक्सजीन कंसंट्रेटर का यह नया बैच कोविड सेंटर्स में भेजा जा रहा है.🙏 pic.twitter.com/fKKZavNCgp

    — Krunal Pandya (@krunalpandya24) May 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে হাৰ্দিক পাণ্ডিয়ায়ো সামাজিক মাধ্যম যোগে কয় যে, সকলোৱে মিলি এই মহামাৰীৰ বিৰুদ্ধে চলা যুঁজখনত জয়ী হ’ব পৰা যাব ৷

মন কৰিবলগীয়া যে, চলিত মাহৰ আৰম্ভণিতে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই ঘোষণা কৰিছিল যে, তেওঁৰ ভাতৃ কুৰ্ণাল সহ তেওঁৰ সম্পূৰ্ণ পৰিয়ালে দেশৰ গ্ৰাম্যঞ্চলত কৰ’ণা মহামাৰীৰে যুঁজিবলৈ 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ দান কৰিব ৷

উল্লেখ্য যে, বিগত ২৪ ঘন্টাৰ নিহতৰ সংখ্যাৰ সৈতে দেশত এতিয়ালৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩,০৩,৭২০ জন । ইফালে, দেওবাৰৰ দিনটোত দেশত নতুনকৈ ২,২২,৩১৫ গৰাকী কৰ'ণাত আক্ৰান্ত লোক ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ২,৬৭,৫২,৪৪৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে, বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য হৈ ঘৰলৈ উভতিছে ৩,০২,৫৪৪ গৰাকী লোক । ইয়াৰ লগে লগে বৰ্তমানলৈকে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে গৈ ২,৩৭,২৮,০১১ জন । দেশত এতিয়াও ২৭,২০,৭১৬ গৰাকী সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: ক'ভিড-১৯: দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.