১১ এপ্ৰিল সমগ্ৰ বিশ্বতে ‘বিশ্ব পাৰ্কিনছন দিৱস’ পালন কৰা হয় । পাৰ্কিনছন হৈছে মগজুৰ এক বিকাৰ আৰু বেছিভাগেই এই সমস্যা বৃদ্ধাৱস্থাত দেখা দিয়ে । আজিও জনসাধাৰণৰ মাজত এই ভয়াৱহ ৰোগৰ বিষয়ে সঠিক তথ্যৰ অভাৱ দেখা যায় । ‘পাৰ্কিনছন দিৱস’ত জনসাধাৰণৰ মাজত এই সমস্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু অভিযানৰ আয়োজন কৰা হয় । এইবাৰ ‘বিশ্ব পাৰ্কিনছন দিৱস’ ‘ #Take6forPD শীৰ্ষক বিষয়বস্তুৰ অধীনত পালন কৰা হৈছে ।
এই ৰোগত মগজুৰ নিৰ্দিষ্ট মগজুৰ কোষৰ ক্ষতিৰ বাবে গতিবিধি প্ৰভাৱিত হয় । লগতে হাত-ভৰি কঁপে । পেশীবোৰ কঠিন হৈ পৰে । শাৰীৰিক ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হয় । এনে সমস্যাসমূহৰ বিকাশ হোৱাৰ বাবে ইয়াক প্ৰগ্ৰেছিভ নিউৰ’ডিজেনেৰেটিভ ডিছঅৰ্ডাৰ বুলিও কোৱা হয় । যদিও ইয়াৰ কোনো নিৰাময় নাই, কিন্তু কিছুমান বিশেষ ধৰণৰ খাদ্য সঠিকভাৱে খালে বা সেৱন কৰিলে পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ সহজে পৰিচালনা কৰিব পাৰি ।
পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ
Parkinson.orgত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাৰ্কিনছন ৰোগ (PD) হৈছে এক স্নায়ুৰ অৱক্ষয়ী বিকাৰ যিয়ে মূলতঃ মগজুৰ এটা নিৰ্দিষ্ট অংশৰ ড’পামিন উৎপাদনকাৰী (ড’পামিনাৰ্জিক) নিউৰনক প্ৰভাৱিত কৰে যাক ছাবষ্টেন্সিয়া নাইগ্ৰা বুলি কোৱা হয় । ইয়াৰ লক্ষণৰ কথা ক’বলৈ গ’লে সাধাৰণতে বহু বছৰৰ ভিতৰত ইয়াৰ লক্ষণসমূহ লাহে লাহে গঢ় লৈ উঠে । ৰোগবিধৰ বৈচিত্ৰ্যৰ বাবে লক্ষণসমূহৰ ৰূপ প্ৰায়ে ব্যক্তিভেদে বেলেগ বেলেগ হয় । পাৰ্কিনছন ৰোগৰ লক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ-
জিৰণি লোৱাৰ সময়ত হাত-ভৰি কঁপি থকা
গতি লেহেমীয়া হোৱা বা ব্ৰেডকাইনেচিয়া
অংগ-প্ৰত্যংগত জঠৰতা
খোজ কঢ়াৰ সময়ত ভাৰসাম্যৰ সমস্যা
ভংগীমা সম্পৰ্কীয় সমস্যা
অনিদ্ৰা
পাৰ্কিনছন ৰোগৰ কাৰণ
পাৰ্কিনছন ৰোগ হোৱাৰ সঠিক কাৰণৰ বিষয়ে এতিয়াও আমি বহু কথা জানিবলৈ বাকী আছে । যদিও পাৰ্কিনছন ৰোগৰ কোনো নিৰাময় নাই, তথাপিও ইয়াৰ চিকিৎসাৰ বিভিন্ন বিকল্প আছে । ইয়াৰ ভিতৰত ঔষধ আৰু অস্ত্ৰোপচাৰো অন্তৰ্ভুক্ত । পাৰ্কিনছন ৰোগ মাৰাত্মক নহয় যদিও ৰোগৰ জটিলতা গুৰুতৰ হ’ব পাৰে । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (CDC)ৰ মতে, পাৰ্কিনছনৰ জটিলতাই আমেৰিকাত এই ৰোগক ১৪ সংখ্যক মৃত্যুৰ কাৰণ হিচাপে ৰেটিং দিছে ।
স্বাস্থ্যসন্মত খাদ্যৰ দ্বাৰা পাৰ্কিনছন ৰোগ পৰিচালনা কৰক
সংবাদমাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি খাদ্যৰ কিছু পৰিৱৰ্তন কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায় । এই ৰোগত আক্ৰান্ত ব্যক্তিক এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য, মাছৰ তেল, ভিটামিন বি ১, চি, ডি সমৃদ্ধ খাদ্য খাবলৈ দিব লাগে ।
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, ওমেগা-৩ ফেটি এচিডে স্নায়ুৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে, স্নায়ুসংবহন বৃদ্ধি কৰিব পাৰে আৰু স্নায়ুৰ অৱক্ষয় ৰোধ কৰিব পাৰে । যদি এই ৰোগত আক্ৰান্ত ৰোগীক ওমেগা-৩ চৰ্বিযুক্ত মাছ বা ওমেগা-৩ পৰিপূৰক খাদ্য খাবলৈ দিয়া হয়, তেন্তে ইয়াৰ বহুত উপকাৰিতা সাধন হ’ব পাৰে ।
লগতে এই লোকসকলক চেনি, নিমখ, প্ৰচেছড খাদ্য, উচ্চ কলেষ্টেৰলযুক্ত খাদ্য, দুগ্ধজাত সামগ্ৰী যেনে পনীৰ, কম চৰ্বিযুক্ত গাখীৰ, দৈ, চেচুৰেটেড ফেট আদি একেবাৰে খাবলৈ বেছিকৈ খাবলৈ দিব নালাগে । সাধাৰণতে এই ৰোগীসকলৰ গিলি চোবাই খোৱাত সমস্যাৰ সৃষ্টি হয়, এনে পৰিস্থিতিত এনে ৰোগীক মাংস খাবলৈ দিয়াটো উচিত নহয় ।
লগতে পঢ়ক: Diabetes: High Blood Sugarৰ পৰম শত্ৰু এইবিধ ফুলৰ গছ, জানি লওক ব্যৱহাৰৰ পদ্ধতি