ETV Bharat / bharat

World Alzheimer's Day 2021 : আলঝেইমাৰৰ বিষয়ে জানো আহক

author img

By

Published : Sep 21, 2021, 1:30 PM IST

আলঝেইমাৰ হৈছে এক স্নায়বিক বিকাৰ, য'ত এজন ব্যক্তিয়ে লাহে লাহে হেৰুৱাব ধৰে স্মৃতিশক্তি ৷ ইয়াৰ মাত্ৰা ব্যক্তিৰ শৰীৰত বৃদ্ধি হোৱাৰ পিছত এগৰাকী ব্যক্তিয়ে শৰীৰৰ ভাৰসাম্য হেৰুৱাব ধৰে ৷ যাৰ প্ৰভাৱ পৰিলক্ষিত হয় ব্যক্তিগৰাকীৰ কাম-কাজৰ জৰিয়তে ৷ আলঝেইমাৰ শব্দটো বহুতৰ বাবে পৰিচিত যদিও বেছি সংখ্যকে নাজানে ইয়াৰ বিষয়ে ৷ সেয়েহে এই বিষয়ে সজাগতা বৃদ্ধিৰ অৰ্থে প্ৰতি বছৰৰ 21 ছেপ্তেম্বৰত পালন কৰা হয় বিশ্ব আলঝেইমাৰ দিৱস ৷

আলঝেইমাৰৰ বিষয়ে জানো আহক
World Alzheimer's Day 2021

নেশ্যনেল ডেস্ক, 21 ছেপ্তেম্বৰ : আলঝেইমাৰ হৈছে এক প্ৰকাৰৰ ডিমেনচিয়া ৷ যি বৃদ্ধসকলৰ ৰোগ হিচাপে সৰ্বসাধাৰণৰ মাজত পৰিচিত ৷ ইয়াৰ বৃদ্ধিৰ ফলত হ্ৰাস পায় স্মৃতিশক্তি ৷ এগৰাকী ব্যক্তিৰ শৰীৰত আলঝেইমাৰৰ পৰিমাণ বৃদ্ধি হ’লে কেৱল স্নায়ুতন্ত্ৰই নহয়, আন অংশবোৰো প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰে ৷ যাৰ দ্বাৰা ব্যক্তিগৰাকীয়ে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু আনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰে ৷

এক অধ্যয়ন অনুসৰি, বিশ্বব্যাপী 3 গৰাকী লোকৰ ভিতৰত গড়ে 2 গৰাকী লোকৰ নিজৰ নিজৰ দেশত আলঝেইমাৰ ৰোগ আৰু ইয়াৰে সম্পৰ্কিত ডিমেনচিয়াৰ বিষয়ে প্ৰয়োজনীয় জ্ঞানখিনিও নাই ৷ সেয়েহে প্ৰতি বছৰে 21 ছেপ্তেম্বৰত বিশ্ব আলঝেইমাৰ দিৱস পালন কৰা হয় ৷ এইবেলি এই দিৱস উদযাপনৰ দশম বছৰ ৷ ২০১২ চনত এই দিৱস পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ৷

উল্লেখ্য যে, এই বছৰৰ বিশ্ব আলঝেইমাৰ দিৱস পালনৰ মুখ্য বিষয়বস্তু হৈছে "ডিমেনচিয়া জানো, আলঝেইমাৰ জানক" ৷

বৃদ্ধসকলৰ ক্ষেত্ৰত আলঝেইমাৰ :

সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয় আৰু নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ দ্বাৰা জাৰি কৰা এক পৰামৰ্শত 2011 চনৰ লোকপিয়ল অনুসৰি দেশত প্ৰায় 16 কোটি বৃদ্ধ লোক (60 বছৰৰ ওপৰত) থকা বুলি প্ৰকাশ পাইছে ৷ যাৰ ভিতৰত প্ৰায় 8.8 কোটি লোক 60-69 বছৰ বয়সৰ লোকৰ ভিতৰত আছে, 70-79 বছৰ বয়সৰ 6.4 কোটি, 80 বছৰ বয়সৰ 2.8 কোটি লোক আছে ৷ তদুপৰি প্ৰায় 18 লাখ এনে বৃদ্ধ আছে, যি পৰনিৰ্ভৰশীল ৷

পৰিসংখ্যা অনুসৰি, ভাৰতত 40 লাখৰো অধিক লোকৰ এক প্ৰকাৰৰ ডিমেনচিয়া আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বব্যাপী প্ৰায় 55 নিযুত লোকৰ ডিমেনচিয়া আছে, যাৰ বেছিভাগেই বৃদ্ধ ৷ 60% ৰো অধিক নিম্ন আৰু মধ্য আয়ৰ দেশত বাস কৰে ৷ যিহেতু বৃদ্ধলোকৰ অনুপাত প্ৰায় প্ৰতিখন দেশতে বৃদ্ধি পাইছে, এই সংখ্যা 2030 চনত 78 নিযুত আৰু 2050 চনত 139 নিযুতলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

চিকিৎসক আৰু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, এই সংখ্যাৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে ৷ কিয়নো বেছিভাগ বৃদ্ধই তথ্যৰ অভাৱ আৰু অন্যান্য অৰ্থনৈতিক, সামাজিক আৰু পাৰিবাৰিক কাৰণত এই সমস্যা সংঘটিত হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম ৷

আলঝেইমাৰৰ কাৰণ :

কেৱল যে বৃদ্ধলোকৰ ক্ষেত্ৰতহে এয়া হ’ব পাৰে, তেনে নহয় ৷ কেতিয়াবা যুৱক-যুৱতীসকলেও এই ৰোগত আক্ৰান্ত হ'ব পাৰে ৷ মূলতঃ এই ৰোগটো বয়স সম্পৰ্কীয় নহয় ৷ এই ৰোগ হ’ব পৰা অন্যান্য কাৰকসমূহ হৈছে-

  • বংশগত : পৰিয়ালত পূৰ্বে কোনো লোকৰ আলঝেইমাৰ থাকিলে ই পৰৱৰ্তী সময়ত আন লোকৰো হোৱাৰ সম্ভাৱনা থাকে ৷
  • মূৰৰ আঘাত : মূৰত গুৰুতৰ আঘাত পোৱা লোকসকলৰ আলঝেইমাৰ বা ডিমেনচিয়া হোৱাৰ সম্ভাৱনা আছে ৷
  • আন যিকোনো ৰোগত আক্ৰান্ত : কেতিয়াবা ডায়েবেটিছ বা হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত আক্ৰান্ত লোকসকলে আলঝেইমাৰৰ লক্ষণ অনুভৱ কৰিব পাৰে ৷ সেয়েহে এনে ৰোগৰ সঠিক চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ ৷
  • চাপ : চাপ আৰু অন্যান্য মানসিক সমস্যাত ভূগি থকা লোকসকলৰ ক্ষেত্ৰত আলঝেইমাৰ হোৱাৰ আশংকা অধিক ৷

আলঝেইমাৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব ?

এতিয়ালৈকে এই ৰোগটোৰ কোনো সঠিক চিকিৎসা লাভ কৰা নাই চিকিৎসা বিজ্ঞানীসকলে ৷ কিন্তু চিকিৎসকসকলে বিশ্বাস কৰে যে ডিমেনচিয়া/আলঝেইমাৰ ৰোগৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক অৱস্থাই যথেষ্ট সহায় কৰিব পাৰে ৷ চিকিৎসকসকলে বিশ্বাস কৰে যে, এই ৰোগটো আগতীয়াকৈ চিনাক্ত আৰু নিৰ্ণয় কৰিব পাৰিলে ৰোগীক সুস্থ কৰি তুলিব পাৰি ৷ আগতীয়া ৰোগ নিৰ্ণয়ে সঠিক চিকিৎসা প্ৰদানত সহায়ক হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.