ETV Bharat / bharat

Shahbad dairy murder case update : ৰিথালাৰ পৰা উদ্ধাৰ ডেইৰী হত্যাকাণ্ডত ব্যৱহৃত দাখন

শ্বাহবাদ ডেইৰী হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে লাভ কৰিছে যথেষ্ট সফলতা (Shahbad dairy murder case update) । ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাত অভিযুক্ত ছাহিলে ব্যৱহাৰ কৰা দাখন ৰিথালাৰ পৰা উদ্ধাৰ কৰিছে (knife used in incident was recovered from Rithala) ।

author img

By

Published : Jun 2, 2023, 10:24 AM IST

Shahbad dairy murder case update
চৰ্চাত দিল্লীৰ শ্বাহবাদ ডেইৰী হত্যাকাণ্ড

নেশ্যনেল ডেস্ক, ২ জুন : আকৌ চৰ্চাত দিল্লীৰ শ্বাহবাদ ডেইৰী হত্যাকাণ্ড ৷ শেহতীয়া তথ্য অনুসৰি, দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডেইৰী হত্যাকাণ্ডত অভিযুক্ত ছাহিলে ব্যৱহাৰ কৰা দাখন ৷ ৰিথালাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই দাখন (Shahbad dairy murder case update)।

আউটাৰ নৰ্থৰ ডিচিপি ৰবি কুমাৰ সিঙে সংবাদ সংস্থা ANI ক জনোৱা মতে, অভিযুক্ত ছাহিলে ব্যৱহাৰ কৰা দাখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । ঘটনা সংঘটিত কৰাৰ পিচতে অভিযুক্তই দাখন পেলাই দিছিল (knife used in incident was recovered from Rithala) । অৱশ্যে এই দাখন উদ্ধাৰ হোৱাৰ পিচতে এই গোচৰৰ তদন্ত অতি সহজ হৈ পৰিব ৷ বৰ্তমান উদ্ধাৰ কৰা দাখন ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হৈছে ৷

আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় যে দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ভুক্তভোগীৰ ১০ জনতকৈ অধিক বন্ধুৰ বক্তব্য লিপিবদ্ধ কৰিছে । ইয়াৰ উপৰিও CCTV ত প্ৰত্যক্ষ কৰা ৮ জন লোকক চিনাক্ত কৰা হৈছে (Delhi Murder Case) ৷

লগতে আৰক্ষী কয় যে অভিযুক্তটোৱে প্ৰথমে ভুক্তভোগীগৰাকীক ২১ বাৰকৈ দাৰে ঘপিয়াইছিল । ইয়াৰ পিচত তেওঁক শিলেৰে থেতেলিয়াই মাৰি পেলাইছিল (Girl brutally murdered in Delhi by boyfriend) ৷ সমগ্ৰ ঘটনাৰ দৃশ্যাংশ বন্দী হৈছে CCTV কেমেৰাত ৷ তাৰ পাচতে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল অভিযুক্তটোৱে ৷ অৱশেষত আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰৰ পৰা গ্ৰেপ্তাৰ কৰা এই ঘটনাৰ মূল অভিযুক্তটোক ৷

তাৰ পাচতে অভিযুক্তটোক আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতৰ নিৰ্দেশ মৰ্মে প্ৰথমে ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়, তাৰ পিচত বৃহস্পতিবাৰে ৰিমাণ্ড শেষ হোৱাত ৰোহিনী আদালতে পৰৱৰ্তী ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰে ।

বৰ্তমান অভিযুক্তটোক আৰক্ষীয়ে কঠোৰভাৱে জেৰা চলায় আছে ৷ উক্ত ঘটনাৰ লগত জড়িত সকলো বিষয় তন্নতন্নকৈ পৰীক্ষা কৰি আছে আৰক্ষীয়ে ৷ অৱশ্যে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে, অভিযুক্ত ছাহিলে বাৰে বাৰে পুলিচক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : Delhi Murder Case: শ্বাহবাদ ডেইৰী হত্যাকাণ্ডৰ লগত সাঙোৰ খাইছে 7 টা চৰিত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.