ETV Bharat / bharat

Killers appear in court : প্ৰয়াগৰাজ আদালতত হাজিৰ হ’ব গেংষ্টাৰ হত্যাকাৰী 3 শ্বুটাৰ

আৰক্ষীৰ আবেষ্টনীও ৰক্ষা কৰিব নোৱাৰিলে আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক(Atiq Ahmed and Ashraf murder case) ৷ দেওবাৰে বিয়লি তিনি শ্বুটাৰক প্ৰয়াগৰাজ আদালতত হাজিৰ কৰোৱাৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়ে আদালতত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে (Atiq Ahmed and Ashraf Killers appear in court)৷

author img

By

Published : Apr 16, 2023, 9:07 PM IST

killers of Atiq Ahmed and Ashraf will appear in the court
আদালতত হাজিৰ হ’ব গেংষ্টাৰ হত্যাকাৰী 3 শ্বুটাৰ

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল: শনিবাৰে নিশা গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আততায়ীয়ে অন কেমেৰা গুলীয়াই হত্যা কৰাৰ পিচতেই ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (Atiq Ahmed murder case update)৷ এই ঘটনাৰ পিচতে আৰক্ষীৰ ওচৰত তিনি হত্যকাৰীয়ে আত্মসমৰ্পণ কৰে (killers of Atiq Ahmed and Ashraf surrendered)৷ দেওবাৰে বিয়লি তিনি শ্বুটাৰক প্ৰয়াগৰাজ আদালতত হাজিৰ কৰোৱা হ'ব । তিনিওজনৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়ে আদালতত কঠোৰ নিৰীক্ষণৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে (Atiq Ahmed and Ashraf Killers appear in court)৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি শ্বুটাৰত সোধা পোছাৰ পিচত তিনিওটা শ্বুটাৰৰ নাম লাভলেশ তিৱাৰী, ছানী আৰু অৰুণ মৌৰ্য বুলি প্ৰকাশ কৰিছিল (Atiq Ahmed and Ashraf murder case)। তিনিওৱে স্বীকাৰ কৰিছিল যে, সিঁহতে ডন হ'ব বিচাৰিছিল, সেয়েহে এই ঘটনাটো সংঘটিত কৰিছিল । নিশালৈকে, আৰক্ষীয়ে তিনিওকে কেইবাটাও বিষয়ত সোধা পোছা অব্যাহত ৰাখিছিল । ভাতৃদ্বয় আৰক্ষীৰ জিম্মাত থকাৰ পৰা হত্যাকাৰীকেইটাই পৰিকল্পনা কৰিছিল ৷

এই ঘটনা সংঘটিত কৰা তিনিও আক্ৰমণকাৰীৰ বিৰুদ্ধে আইপিচি, অস্ত্ৰ আইন আৰু ফৌজদাৰী আইন সংশোধনী আইনৰ ধাৰা ৩০২ (হত্যা), ৩০৭ (হত্যাৰ চেষ্টা)ৰ অধীনত (Atiq Ahmed killers arrested) গোচৰ ৰুজু কৰা হৈছে ৷ এই তিনি হত্যাকাৰী লাভলেশ তিৱাৰী বান্দাৰ বাসিন্দা, মোহিত ওৰফে ছানি হামিৰপুৰৰ বাসিন্দা আৰু অৰুণ মৌৰ্য কাচগঞ্জৰ বাসিন্দা ৷

দেওবাৰে, আৰক্ষীয়ে তিনিওকে আদালতত উপস্থাপন কৰাৰ প্ৰস্তুতি চলাই ৷ আতিক আৰু আশ্ৰাফৰ হত্যাকাৰীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰিছে । আদালতৰ লগতে সমগ্ৰ পথটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । পথটোৰে অন্য লোকক অহা যোৱা কৰিবলৈ অনুমতি দিয়া হোৱা নাই । তিনিওকে আদালতত উপস্থাপন কৰাৰ সময়ত কাকো আদালতত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ।

লগতে পঢ়ক: Atiq Ahmed killing latest updates: উত্তৰ প্ৰদেশত ধাৰা 144 ধাৰা জাৰি, প্ৰয়াগৰাজত ইণ্টাৰনেট কৰ্তন

আতিকৰ হত্যাৰ পিচত, আৰক্ষীয়ে প্ৰতিটো পদক্ষেপ অতি সাৱধানে গ্ৰহণ কৰিছে । লগতে তিতি হত্যাকাৰীক সংবাদ মাধ্যমৰ পৰা দূৰত ৰখা হৈছে । দৰাচলতে, তিনি হত্যাকাৰীয়ে আতিক আৰু আশ্ৰাফক হত্যা কৰিবলৈ সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আহিছিল । ইয়াৰ বাবে, সংবাদ মাধ্যমকো আদালতৰ পৰা আঁতৰাই ৰখা হ'ব । আৰক্ষীয়ে জনোৱা মতে আতিকৰ হত্যাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ’ব দিব নোৱাৰি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.