ETV Bharat / bharat

Margadarsi Chit Funds case: মাৰ্গদৰ্শী চিটফাণ্ড গোচৰৰ কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিবলৈ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:51 PM IST

বুধবাৰে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে মাৰ্গদৰ্শী চিটফাণ্ড কাৰ্যালয়সমূহত পৰিদৰ্শন স্থগিত ৰাখি অন্তৱৰ্তীকালীন আদেশৰ ৰায়দান কৰিছে ৷ ইয়াৰ লগতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কোম্পানীটোৰ দৈনন্দিন কাৰ্যকলাপত ব্যাঘাত নকৰিবলৈ নিৰ্দেশ দিয়ে ৷

Margadarsi Chit Funds case
মাৰ্গদৰ্শী চিট ফাণ্ডৰ কোনো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিবলৈ নিৰ্দেশনা

নেশ্যনেল ডেস্ক, 23 আগষ্ট : প্ৰসংগ বিতৰ্কিত মাৰ্গদৰ্শী চিটফাণ্ড গোচৰ ৷ বুধবাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে মাৰ্গদৰ্শী চিটফাণ্ড কাৰ্যালয়সমূহত পৰিদৰ্শন স্থগিত ৰাখি অন্তৱৰ্তীকালীন আদেশৰ ৰায়দান কৰিছে ৷ ইয়াৰ পিচতে যদি কাৰ্যালয়সমূহ পুনৰ পৰিদৰ্শন কৰিব লগা হয় তেনেহ’লে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে 46-এ নিয়ম অনুসৰণ কৰাৰ নিৰ্দেশ জাৰী কৰিছে ৷ ইয়াৰ লগতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কোম্পানীটোৰ দৈনন্দিন কাৰ্যকলাপত ব্যাঘাত নকৰিবলৈ নিৰ্দেশ দিয়ে ৷

আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়ে অন্ধ প্ৰদেশৰ চিআইডিক মাৰ্গদৰ্শীৰ গোচৰৰ বিৱৰণ সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিবলৈ মৌখিক নিৰ্দেশনা দিয়া হৈছে ৷ আদালতে চিআইডিক প্ৰশ্ন কৰিছিল যে মাৰ্গদৰ্শী গোচৰৰ ওপৰত সংবাদমেল অনুষ্ঠিত কৰাৰ কি প্ৰয়োজন আছিল ? তেলেংগানা উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি অহা মাহৰ 12 তাৰিখলৈ স্থগিত ৰাখিছে ৷

মাৰ্গদৰ্শীৰ পৰামৰ্শদাতাই আদালতক কৈছিল যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে প্ৰতিবেদন দাখিলত পলম কৰিছে ৷ তেলেংগানা উচ্চ ন্যায়ালয়ে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধিবক্তাক এখন কাউণ্টাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷

উল্লেখ্য যে , অন্ধপ্ৰদেশৰ চি আই ডিয়ে মাৰ্গদৰ্শী চিটফাণ্ড কোম্পানীত বিত্তীয় অনিয়মৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছিল ৷ এই অভিযোগৰ পাচতে মাৰ্গদৰ্শী চিটফাণ্ড প্ৰাইভেট লিমিটেডেৰ বিৰুদ্ধে ৩০ জুলাইত জাৰি কৰিছিল এখন ৰাজহুৱা জাননী ৷

কোম্পানীটোৱে অন্ধ্ৰ প্ৰদেশৰ অপৰাধ তদন্ত বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰি কৈছিল যে, তেওঁলোকে গ্ৰাহকসকলক “সম্পূৰ্ণ কল্পিত আৰু মিছাৰ ভিত্তিত জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰিছে । চিটফাণ্ড ব্যৱসায়ৰ বাবে নিৰ্ধাৰিত নিয়মৰ ভিতৰত কোম্পানীটোৱে নিজৰ ব্যৱসায় ভালদৰে চলাই আহিছে । আমাৰ বিত্তীয় অনুশাসন হৈছে আমাৰ শক্তি আৰু আমি কোনো সময়তে নিয়ম উলংঘনৰ কোনো সুযোগ এৰি নিদিওঁ ৷’’

লগতে পঢ়ক: Margadarshi cases: মাৰ্গদৰ্শী চিট ফাণ্ড গোচৰৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.