ETV Bharat / bharat

কেৰালাৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা উলিওৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ISRO ক হস্তান্তৰ

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 5:08 PM IST

Updated : Dec 4, 2023, 5:54 PM IST

তিনি বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিচত কেৰালাত ছাত্ৰীসকলে নিৰ্মাণ কৰি উলিয়াই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ "উইছেট" ৷ উপগ্ৰহটো সোমবাৰে সন্ধিয়া ইছৰ’ক হস্তান্তৰ কৰা হ'ব।

Kerala's first all women satellite will hand over to ISRO today
ছাত্ৰীসকলে নিৰ্মাণ কৰা প্ৰথমটো উপগ্ৰহ সোমবাৰে ISRO ক হস্তান্তৰ কৰা হয়

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : কেৰালাত মহিলাৰ দ্বাৰা নিৰ্মিত প্ৰথম কৃত্ৰিম উপগ্ৰহ "উইছেট" সাজু । WESAT উপগ্ৰহটো LBS ইনষ্টিউট অৱ টেকন’লজী পূজাপপুৰা, তিৰুৱন্তপুৰমৰ স্পেচ ক্লাবৰ নেতৃত্বত এটা ছাত্ৰীৰ বৃহৎ দলে নিৰ্মাণ কৰি উলিয়াই ৷ এই উপগ্ৰহটো কেৰালাত জলবায়ু পৰিৱৰ্তনৰ ওপৰত অতি বেঙুনীয়া ৰশ্মি নিৰ্গমনৰ প্ৰভাৱ নিৰীক্ষণ কৰা লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে ৷

তিনি বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিচত উইছেট নামৰ এই কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াই ৷ উপগ্ৰহটো সোমবাৰে সন্ধিয়া ইছৰ’ক হস্তান্তৰ কৰা হ'ব। নেনো উপগ্ৰহটো পৰৱৰ্তী সময়ত পিএছএলভি অভিযানৰ সৈতে কক্ষপথলৈ উৎক্ষেপণ কৰিবলৈ সাজু কৰা হৈছে ৷

ইছৰোৰ পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি)য়ে কেৰালাৰ শিক্ষাৰ্থীসকলে তৈয়াৰ কৰা কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিব। উপগ্ৰহটো ইছৰোৰ আটাইতকৈ বিশ্বাসযোগ্য উৎক্ষেপণ বাহন PSLV.Space ক্লাবৰ জৰিয়তে নিৰ্ধাৰিত কক্ষপথত উপনীত কৰা হ'ব ৷ এলবিএছ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ লিজি আব্ৰাহামৰ নেতৃত্বত ৩০গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে "উইছেট" নামৰ কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াইছে।

চলিত বৰ্ষৰ ছেপ্টেম্বৰত, এলবিএছ মহাবিদ্যালয়ে কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল।

উইছেটৰ উদ্দেশ্য হৈছে কেৰালাত জলবায়ু পৰিৱৰ্তনৰ ওপৰত অতিবেঙুনীয়া বিকিৰণৰ প্ৰভাৱ নিৰীক্ষণ কৰা। প্ৰাপ্ত তথ্য অনুসৰি, মহাকাশ আৰু পৃথিৱীৰ পৃষ্ঠত ইউভি বিকিৰণৰ স্তৰ আৰু জলবায়ুত ইয়াৰ ফলত হোৱা পৰিৱৰ্তন নিৰীক্ষণ কৰাটো সম্ভৱ। ইছৰ’ৰ বিষয়াসকলৰ উপস্থিতিত ভিএছএছচিত উপগ্ৰহৰ তাপ পৰীক্ষা, ভেকুৱাম পৰীক্ষা আৰু কম্পন পৰীক্ষা কৰা হৈছিল ৷

শিক্ষাৰ্থীসকলে কয়, "প্ৰথমতে, আমি উপগ্ৰহ নিৰ্মাণ কৰিবলৈ আমাৰ আগ্ৰহ প্ৰকাশ কৰি ইছৰ’লৈ এখন আবেদন লিখিছিলো। তাৰ পিচতে প্ৰকল্পটোত কাম কৰাৰ বাবে তিৰুৱন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সৈতে এক চুক্তি কৰা হৈছিল ৷"

লগতে পঢ়ক: সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণ দক্ষিণ কোৰিয়াৰ

Last Updated : Dec 4, 2023, 5:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.