নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : কেৰালা চৰকাৰে ৰাজ্যখনত উচ্চতৰ মাধ্যমিক শিক্ষাত পথ সুৰক্ষা নিয়মৰ সন্দৰ্ভত এখন গ্ৰন্থ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে (book on road safety in Kerala schools) । তাৰ লগতে উচ্চতৰ মাধ্যমিক শ্ৰেণীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে চালকৰ লাৰ্ণাৰ অনুজ্ঞা-পত্ৰ লাভ কৰিব ।
কেৰালাৰ পৰিবহণ মন্ত্ৰী (Kerala transport minister) এণ্টনি ৰাজু আৰু শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে একেলগে 'Road Safety today' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ।
উল্লেখ্য, ইয়াৰ ফলত উচ্চতৰ মাধ্যমিক শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰাৰ সময়ত আন এখন লাৰ্ণাৰ অনুজ্ঞা-পত্ৰ (learner driving license) লোৱাৰ প্ৰয়োজন নাথাকিব ।
শিৱানকুট্টিয়ে কয় যে গ্ৰন্থখন পাঠ্যক্ৰমত একত্ৰিত কৰাটো চূড়ান্ত হোৱাৰ পূৰ্বে আৰু অধিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব (road sfety book in kerala syllabus) ।
গ্ৰন্থখনত পথৰ নিয়ম, ছাইন বোৰ্ড, পথচিহ্ন, দুৰ্ঘটনাৰ কাৰণ, আইনী সমস্যা, পথ সুৰক্ষা আৰু ড্ৰাইভিং লাইচেন্স (driving license) লোৱাৰ আগতে জানিবলগা বিৱৰণৰ ওপৰত পাঠ আছে ।
লগতে পঢ়ক :ত্ৰিপুৰাত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা-চক্ৰ