ETV Bharat / bharat

গৱেষকে বিশ্ববিদ্যালয়ৰ কেণ্টিনত নিতৌ প্ৰস্তুত কৰে ৩০০ পৰঠা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:03 PM IST

Updated : Nov 18, 2023, 9:32 PM IST

মালয়ালমত স্নাতকোত্তৰ ডিগ্ৰীধাৰী কোল্লামৰ অখিল কাৰ্তিকেয়ানে কালাদি সংস্কৃত বিশ্ববিদ্যালয়ত গৱেষণাৰ অধ্যয়ন কৰি আছে । লগতে বিশ্ববিদ্যালয়খনৰ কেণ্টিনতো ৰান্ধনি হিচাপে কাম কৰে অখিলে । প্ৰতিদিনে পুৱাই ৩০০ পৰঠা প্ৰস্তুত কৰে গৱেষক অখিলে ।

Research student in Kaladi University
কেৰালাৰ গৱেষকে বিশ্ববিদ্যালয়ৰ কেণ্টিনত নিতৌ প্ৰস্তুত কৰে ৩০০ পৰঠা

নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ : কৰ্মত সৰু-ডাঙৰ নাই । বহুতে কয় যে কৰ্মৰ ক্ষেত্ৰত লজ্জা থকাটোও উচিত নহয় । ইচ্ছা শক্তি আৰু মনৰ বিশ্বাস থাকিলে মানুহে তীব্ৰ প্ৰত্যাহ্বানকো নেওচি সফল হ'ব পাৰে । সেই কথাই প্ৰমাণ কৰিলে কেৰালাৰ কালাদি সংস্কৃত বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে । গৱেষণাৰ উপৰিও তেওঁ বিশ্ববিদ্যালয়ৰ কেণ্টিনত ৰান্ধনি হিচাপে কাম কৰি গৈছে ।

ব্যক্তিগৰাকী হৈছে পণ্ডিত অখিল কাৰ্তিকেয়ান । তেওঁ অষ্টম শ্ৰেণীৰ পৰাই অধ্যয়নৰ সমান্তৰালকৈ আন কৰ্মৰ সৈতেও জড়িত হৈ আছে । বৰ্তমান তেওঁ গৱেষণা কৰি থকা বিশ্ববিদ্যালয়ৰ কেণ্টিনত ৰান্ধনি হিচাপে কাম কৰে ।

যোৱা ৪ মাহ ধৰি তেওঁ পুৱা ৫ বজাত কেণ্টিনলৈ গৈ ৩০০ পৰঠা প্ৰস্তুত কৰে । কেণ্টিনৰ কাম শেষ হোৱাৰ পাছত তেওঁ পুৱা ৯.৩০ বজাত শ্ৰেণীৰ বাবে সাজু হ'বলৈ নিজৰ হোষ্টেললৈ উভতি যায় ।

কেৰালাৰ কোল্লাম জিলাৰ সূৰানাদৰ বাসিন্দা অখিলে তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম দেখিছে । সকলো বাধা স্বত্বেও, তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু মালায়ালমত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে । তাৰ পাছত তেওঁ গৱেষণা কৰাৰ সিদ্ধান্ত লয় । ড০ বৎসলন ভাথুচেৰীৰ নিৰ্দেশনাত তেওঁ 'মালায়ালম বোলছবি আৱেগিক বিৱৰ্তন আৰু ব্যৱসায়ৰ ৰাজনীতি' সন্দৰ্ভত গৱেষণা চলাই আছে কিয়নো চিনেমাৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছে । লগতে, অখিল এগৰাকী কণ্ঠশিল্পী আৰু চিত্ৰশিল্পীও । ৫ বছৰৰ বাবে পঞ্চায়তৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে ।

বিশ্ববিদ্যালয়খনত গৱেষণাৰ বাবে নামভৰ্তি কৰাৰ পাছত তেওঁ নিজৰ খৰচ উলিয়াবলৈ কাম কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল । ইয়াৰ মাজতে বিশ্ববিদ্যালয়ৰ কেণ্টিনত কাম কৰি থকা প্ৰব্ৰজনকাৰী শ্ৰমিক এজনে হঠাতে চাকৰি এৰি দিয়ে । তেতিয়া অখিলে কেণ্টিনত খালী পদৰ বিষয়ে গম পালে আৰু তেওঁ লগে লগে সুযোগটো গ্ৰহণ কৰে ।

কিন্তু ইমানবোৰ মানুহৰ বাবে ৰন্ধা-বঢ়া কৰা দক্ষতা আৰু শাৰীৰিক শ্ৰম দুয়োটাৰ প্ৰয়োজন । প্ৰথমে কেণ্টিন অপাৰেটৰসকলে অখিলৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰিছিল । কিন্তু, অখিলে পুৱা ৫ বজাতে কেণ্টিনত উপস্থিত হৈছিল আৰু সকলোকে আচৰিত কৰি সুস্বাদু পৰঠা প্ৰস্তুত কৰিছিল । তেতিয়াৰ পৰাই অখিলে যোৱা ৪ মাহ ধৰি একেটা কামকে কৰি আহিছে ।

কেণ্টিনৰ ভিতৰত দীঘলীয়া সময়ৰ বাবে প্ৰচণ্ড গৰমৰ মাজত কাম কৰাটো সহজ নহয় । কিন্তু অধ্যয়নৰ সৈতে এনেদৰে কাম কৰাটো বিদেশৰ বাবে নতুন কথা নহয় । অখিলৰ মতে বিদেশৰ সেই আৰ্হি ভাৰতত পুনৰাবৃত্তি কৰিব পাৰি ।

অখিলে কয় যে তেওঁৰ পিতৃ-মাতৃ লীলা আৰু কাৰ্তিকেয়ানে নিতৌ তেওঁক নৈতিক সমৰ্থন দি আহিছে । লক্ষণীয়ভাৱে অখিলৰ পত্নী অনুশ্ৰী চন্দ্ৰন এগৰাকী লেখিকা আৰু শ্ৰী শংকৰাচাৰ্য বিশ্ববিদ্যালয়ৰ গৱেষক ।

লগতে পঢ়ক :বেতিয়াৰ এটা মুছলমান পৰিয়াালে ১৫ বছৰে উদযাপন কৰি আহিছে ষট পূজা

Last Updated : Nov 18, 2023, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.