ETV Bharat / bharat

Nipah outbreak : সবৰিমালা তীৰ্থযাত্ৰাৰ বাবে নতুন নিৰ্দেশনা জাৰিৰ নিৰ্দেশ কেৰালা হাইকোৰ্টৰ - death for nipah virus

নিপা ভাইৰাছ বিয়পাৰ পৰিপ্ৰেক্ষিতত কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সবৰিমালালৈ তীৰ্থযাত্ৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিবলৈ কৈছে । আনহাতে, কোজিকোডৰ সকলো শিক্ষানুষ্ঠান প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ২৪ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ।

Nipah outbreak
Nipah outbreak
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 11:10 AM IST

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : কেৰালাত গা কৰি উঠিছে নিপা ভাইৰাছৰ সংক্ৰমণ । তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে যথেষ্ট সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা । শুকুৰবাৰে কেৰালা হাইকোৰ্টে জাৰি কৰা নিৰ্দেশনাটোত কোজিকোড জিলাৰ নিপা প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য প্ৰয়োজনত সবৰিমালা তীৰ্থযাত্ৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিবলৈ কয় । আদালতে ট্ৰাভাঙ্কোৰ দেৱস্বম বোৰ্ডৰ আয়ুক্তক স্বাস্থ্য সচিবৰ সৈতে আলোচনা কৰিবলৈ আৰু বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'বলৈও কয় ।

উল্লেখ্য যে পাথানামথিট্টা জিলাৰ পাহাৰৰ চূড়াত অৱস্থিত মন্দিৰটো প্ৰতি মালায়ালম মাহত পাঁচ দিনৰ বাবে মুকলি কৰা হয় । চলিত মাহত মন্দিৰটো দেওবাৰে তীৰ্থযাত্ৰীসকলৰ বাবে মুকলি হ'ব । ইফালে ৰাজ্য চৰকাৰে আদালতক জনাইছে যে উত্তৰ কোজিকোড জিলাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । আনহাতে, শুকুৰবাৰে কোজিকোডত নিপা ভাইৰাছৰ এটা নতুন ঘটনা নিশ্চিত কৰা হৈছে । যাৰ ফলত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰি ৰাজ্যখনত এতিয়ালৈকে নিপা সংক্ৰান্তীয় কাৰণত দুজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

ইফালে নিপা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ কোজিকোডৰ সকলো শিক্ষানুষ্ঠান ২৪ ছেপ্টেম্বৰলৈকে এসপ্তাহৰ বাবে বন্ধ থাকিব । সকলো বিদ্যালয়, মহাবিদ্যালয় তথা আন আন শিক্ষা প্ৰতিষ্ঠানসমূহো এই নিৰ্দেশনাত পৰিব । আনহাতে, গোটেই সপ্তাহটোত অনলাইন পাঠদান কৰোৱাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে ।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে জনাইছে যে বৰ্তমান সংক্ৰমিত ব্যক্তিসকলৰ তালিকাত ১,০৮০ জন লোক আছে । আনহাতে, শনিবাৰে নতুনকৈ ১৩০ জন লোক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । তালিকাত নাম থকাসকলৰ ভিতৰত ৩২৭ জন স্বাস্থ্যকৰ্মী । আন জিলাৰ মুঠ ২৯ জন লোক নিপা সংক্ৰমিত লোকৰ সৈতে সম্পৰ্ক থকাৰ তালিকাত আছে । তেওঁলোকৰ ভিতৰত ২২ জন মালাপ্পুৰমৰ, ৱায়ানাডৰ এজন আৰু কান্নুৰ আৰু ত্ৰিশূৰৰ তিনিজনকৈ বুলি বীণা জৰ্জে কয় ।

উল্লেখ্য যে ইয়াৰে ভিতৰত উচ্চ-বিপদাশংকা শ্ৰেণীত থকা লোকসকলৰ ভিতৰত ১৭৫ জন সাধাৰণ লোক আৰু ১২২ জন স্বাস্থ্যসেৱা কৰ্মী । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে সম্পৰ্ক থকা তালিকাত থকা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কিয়নো ৩০ আগষ্টত মৃত্যু হোৱা ব্যক্তিজনৰ পৰীক্ষাৰ ফলাফল পজিটিভ হৈছে । এতিয়ালৈকে ৰাজ্যখনত নিপা ভাইৰাছৰ ছয়টা পজিটিভ ঘটনা ধৰা পৰিছে ।

আনহাতে, ৩০ আগষ্টত মৃত্যু হোৱা লোকজনৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা প্ৰায় ১৭ জন লোকক আইছ'লেচনত ৰখা হৈছে । আনহাতে, চাৰিজন সক্ৰিয় লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । নিপা ৰোগীৰ চিকিৎসা কৰা সকলো চিকিৎসালয়ে দিনত দুবাৰকৈ মিলিত হ'বলৈ এখন চিকিৎসা পৰিষদ গঠন কৰিব লাগে আৰু প্ৰতিবেদন স্বাস্থ্য বিভাগক হস্তান্তৰ কৰিব লাগে বুলি নিৰ্দেশ দিয়া হৈছে । ইফালে জিলা উপায়ুক্তই ৰাজ্যখনৰ সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ প্ৰটোকলৰ আধাৰত এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক :Nipah virus in Kozhikode : নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড; ২৪ ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.