ETV Bharat / bharat

Solar sexual assault case : এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালক জাননী জাৰি কেৰালা উচ্চ ন্যায়ালয়ৰ - যৌন নিৰ্যাতনৰ গোচৰ

কেচি বেনুগোপালক জাননী জাৰি কেৰালা উচ্চ ন্যায়ালয়ৰ ৷ অভিযোগকাৰীৰ আৱেদন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে বিষয়টোত কে চি বেনুগোপালক জাননী জাৰি কৰে ৷

Solar sexual assault case
কেচি বেনুগোপালক জাননী জাৰি কেৰালা উচ্চ ন্যায়ালয়ৰ
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:00 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰ : চ’লাৰ যৌন নিৰ্যাতনৰ গোচৰত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক জাননী জাৰি কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে ৷

চ’লাৰ যৌন নিৰ্যাতনৰ গোচৰত অভিযোগকাৰীয়ে দাখিল কৰা পুনৰীক্ষণ আৱেদন কেৰালা উচ্চ ন্যায়ালয়ে মানি লয় ৷ কে চি বেনুগোপালক দোষমুক্ত কৰা চি বি আইৰ চূড়ান্ত তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰা নিম্ন আদালতৰ আদেশৰ বিৰুদ্ধে আবেদনকাৰীয়ে আবেদন দাখিল কৰে ৷ চি বি আইয়ে চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰিছে যে কে চি বেনুগোপালৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই ৷ অভিযোগকাৰীৰ আৱেদন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে বিষয়টোত কে চি বেনুগোপালক জাননী জাৰি কৰে ৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি এছ ডায়েছেও এই গোচৰত চি বি আই আৰু ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পূৰ্বে তিৰুৱনন্তপুৰমৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযোগকাৰীয়ে দাখিল কৰা ৰিট আবেদন খাৰিজ কৰে ৷ এই আদেশ পুনৰীক্ষণৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হয় ৷

অভিযোগকাৰীয়ে অভিযোগ কৰে যে নিম্ন আদালতে চি বি আইৰ প্ৰতিবেদন অনুমতি দিয়াৰ লগতে ৰিট আবেদন খাৰিজ কৰাত খৰখেদা কৰিছিল ৷ ইয়াৰ উপৰিও চি বি আইৰ দলটোৱে যৌন নিৰ্যাতনৰ গোচৰত বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ কৰাত ব্যৰ্থ হোৱাৰ লগতে অভিযুক্তক বচাবলৈ চেষ্টা কৰি থকাৰ অভিযোগ উত্থাপন কৰে ৷

চুটি বিচাৰৰ ভিত্তিত চিজেএম (CJM) আদালতত এই নিৰ্দেশ ঘোষণা কৰা বুলিও অভিযোগকাৰীয়ে অভিযোগ কৰিছে ৷ অভিযোগকাৰীক প্ৰতিনিধিত্ব কৰিছিল চেন্নাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা এছ নাগামুথুৱে ৷

লগতে পঢ়ক : Madhya Pradesh Assembly Election 2023: ৰাম মন্দিৰ সনাতন ধৰ্মৰহে প্ৰতীক, কোনো ৰাজনৈতিক দলৰ নহয়: কমল নাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.