ETV Bharat / bharat

প্ৰধানমন্ত্ৰীক 'দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি' ৰূপায়ণৰ আহ্বান কেজৰিৱালৰ

author img

By

Published : Jun 8, 2021, 9:24 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্বোধন কৰি লিখা এখন পত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাষ্ট্ৰীয় ৰাজধানীত 'দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি' ৰূপায়ণৰ অনুমতি দিবলৈ আহ্বান জনায়।

doorstep ration delivery scheme
কেজৰিৱালৰ আহ্বান

নেশ্যনেল ডেস্ক, ৮ জুন : শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) ৰাষ্ট্ৰীয় ৰাজধানীত ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল । সোমবাৰৰ পৰা এই আঁচনি আৰম্ভ হোৱাৰ কথা আছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়ণত বাধা দিছিল । ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কেৱল এয়াই নহয় দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লী চৰকাৰৰ ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ বন্ধ ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সুধিছিল যে কিয় পাঁচবাৰ কেন্দ্ৰলৈ পত্ৰ লিখা স্বত্বেও আঁচনিখন বন্ধ কৰি দিয়া হৈছে ।

doorstep ration delivery scheme
কেজৰিৱালৰ আহ্বান

আনকি ৰাজধানী দিল্লীত ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ ৰূপায়ণৰ অনুমতি দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ক আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। মুখ্যমন্ত্ৰীগৰাকীয়ে এক পত্ৰযোগে এই আহ্বান জনোৱাৰ লগতে এই আঁচনিখন সমগ্ৰ দেশতে কৰ'ণা পৰিস্থিতিত ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ।

doorstep ration delivery scheme
কেজৰিৱালৰ আহ্বান

দিল্লীৰ ৭০ লাখ দৰিদ্ৰ লোকৰ হৈ হাত জোৰ কৰি অনুৰোধ জনাই এই আঁচনি বন্ধ নকৰিবলৈ মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ জনায় । তেওঁৰ মতে যদি এই ঘৰে-ঘৰে ৰেচন আঁচনি কাৰ্যকৰী কৰা হয়, ৰেচন মাফিয়া বন্ধ হ'ব ।

উল্লেখ্য যে আঁচনিখনৰ নাম আছিল মুখ্যমন্ত্ৰী ঘৰ-ঘৰ ৰেচন যোজনা (MMGGRY), কিন্তু কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে ৯ মাৰ্চত এক জাননী জাৰি কৰিছিল যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (NFSA) অধীনত বিতৰণৰ বাবে বিভাগে আৱণ্টন কৰা ৰাজ সাহাৰ্যযুক্ত খাদ্যশস্য এনএফএছএ (NFFA)ৰ বাহিৰে আন কোনো নামেৰে কোনো ৰাজ্য-নিৰ্দিষ্ট বা আন আঁচনি চলাবলৈ ব্যৱহাৰ কৰিব নোৱাৰি । ইয়াৰ পিছত, দিল্লী চৰকাৰে নামটো প্ৰত্যাহাৰ কৰিছিল ।

লগতে পঢ়ক:ক'ত আছে সকলো প্ৰাপ্তবয়স্কক ভেকছিন প্ৰদান কৰা দেশৰ প্ৰথমখন গাঁও ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.