নেশ্যনেল ডেস্ক,১৫ জুলাই : ভাৰত ৰত্ন (Bharat Ratna) প্ৰদানকলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) বিশেষ মন্তব্য । উত্তৰাখণ্ডৰ চিপকো আন্দোলনৰ (chipko movement) অন্যতম গুৰি ধৰোতা সুন্দৰলাল বহুগুণাক (Sunderlal Bahuguna) মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন মৰণোত্তৰভাৱে প্ৰসিদ্ধ পৰিৱেশবিদ সুন্দৰলাল বহুগুণাক প্ৰদান কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে ২১ মে'ত মৃত্যু হয় বিশিষ্ট পৰিৱেশবিদ গৰাকীৰ ।
কেজৰিৱালে কোৱা মতে তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও লিখিব । তেওঁ বহুগুণাৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি দিল্লী বিধান সভাৰ এক অনুষ্ঠানত এই মন্তব্য কৰে । অনুষ্ঠানটোত গছপুলি ৰোপণ কৰা হয় আৰু বহুগুণাৰ এখন প্ৰতিকৃতি উন্মোচন কৰা হয় । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বহুগুণা সমগ্ৰ বিশ্বতে পৰিচিত আছিল আৰু তেওঁৰ জীৱনৰ প্ৰতিটো মূহুৰ্তই বহু লোকক অনুপ্ৰাণিত কৰে ।
১৯৭৩ চনত উত্তৰাখণ্ডত হিমালয়ৰ পাদদেশত বহুগুণাৰ দ্বাৰা আৰম্ভ হৈছিল চিপকো আন্দোলন । সমগ্ৰ ভাৰততে বন সংৰক্ষণ আন্দোলনৰ ৰূপ লৈছিল । পিছলৈ ই সমগ্ৰ বিশ্বৰ বহুতো পৰিৱেশ আন্দোলনৰ এক মূল বিষয় হৈ পৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰীক দাবী জনাই কয় যে সুন্দৰলাল বহুগুণাক লৈ কেৱল ভাৰতে নহয় সমগ্ৰ বিশ্বই গৰ্ব কৰে ।
উল্লেখ্য যে ভাৰত ৰত্ন হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা । প্ৰতিবছৰে দেশৰ বিভিন্ন ক্ষেত্ৰৰ নিৰ্দিষ্ট কিছুমান লোকক প্ৰদান কৰা হয় । বিভিন্ন ক্ষেত্ৰত যিসকলে দেশৰ বাবে বা জনসাধাৰণৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে সেইসকল লোকৰ প্ৰতি শ্ৰদ্ধা জনাই এই সন্মান দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে । ইতিমধ্যে দেশৰ এনে বহু লোকক মৰণোত্তৰভাৱেও প্ৰদান কৰা হৈছে ভাৰত ৰত্ন বঁটা ।
লগতে পঢ়ক :কেৰালাত জিকা ভাইৰাছৰ সন্ত্ৰাস