ETV Bharat / bharat

Punjab Assembly Polls: পাঁচ প্ৰতিশ্ৰুতিৰে ব্যৱসায়ীক আকৰ্ষিত কৰাৰ প্ৰয়াস কেজৰিৱালৰ - পঞ্জাৱ চৰকাৰৰ অস্থিৰতা

পঞ্জাৱ বিধানসভা নিৰ্বাচন(Punjab Assembly polls)ৰ প্ৰতি লক্ষ্য ৰাখি পাঁচটা বৃহৎ প্ৰতিশ্ৰুতিৰে পঞ্জাৱৰ ব্যৱসায়ীৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী( Delhi Chief Minister) অৰবিন্দ কেজৰিৱাল ৷ পঞ্জাৱ চৰকাৰৰ অস্থিৰতা অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি আম আদমী পাৰ্টিক এবাৰ সুযোগ দিয়াৰ আহ্বান কেজৰিৱালৰ ৷

Punjab Assembly Polls
কেজৰিৱালৰ পাঁচ প্ৰতিশ্ৰুতি
author img

By

Published : Sep 30, 2021, 8:40 PM IST

নেশ্যনেল ডেস্ক , 30 ছেপ্টেম্বৰ : আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচন(Punjab Assembly polls)ৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পাঁচটাকৈ বৃহৎ প্ৰতিশ্ৰুতি লৈ ব্যৱসায়ীসকলৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী( Delhi Chief Minister) অৰবিন্দ কেজৰিৱাল ৷ দলৰ হৈ পাঁচটা বৃহৎ প্ৰতিশ্ৰুতিৰে সৈতে বুধবাৰে আম আদমী পাৰ্টিৰ(Aam Aadmi Party) ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল লুধিয়ানাত ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

পঞ্জাৱৰ বাণিজ্য আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে অভিহিত লুধিয়ানাত কেজৰিৱালে পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ সমসযাসমূহ বুজ লয় ৷ চাইকেল উদ্যোগ, কুটিৰ উদ্যোগ, খাদ্য আৰু পাচলি উদ্যোগ আদিৰ সৈতে জড়িত শ শ উদ্যোগীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপত অংশ লয় ৷

সকলো দলে নিৰ্বাচনৰ পূৰ্বে ব্যৱসায়ীসকলৰ ওচৰলৈ টকা উপাৰ্জন কৰাৰ উদ্দেশ্যে আহে বুলি মন্তব্য কৰি কেজৰিৱালে কয় যে, "নিৰ্বাচনৰ পূৰ্বে সকলো দলে ব্যৱসায়ীসকলৰ ওচৰলৈ ধন উপাৰ্জন কৰাৰ আহে ৷ মই আপোনালোকৰ পৰা ধন নিবিচাৰো ৷ আপোনালোক সকলোকে অংশীদাৰ হিচাপে বিচাৰিছো" ৷

প্ৰতিটো উদ্যোগৰ কিছুমান সমস্যা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে সকলোৰে নিজা দৃষ্টিশক্তি তথা সপোন আছে । সেয়ে পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাচত এখন পেনেল গঠন কৰা হ'ব ৷ য'ত প্ৰতিটো উদ্যোগৰ এজন ব্যক্তিয়ে প্ৰতি 15 দিনৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু প্ৰতিটো সিদ্ধান্ত তেওঁৰ আদেশৰ সৈতে কাৰ্যকৰী কৰিব লাগিব ৷

কেজৰিৱালে কয়, "মই আপোনালোকৰ সমৰ্থন বিচাৰিবলৈ নহয়, আপোনালোকক অংশীদাৰ হ'বলৈ আমন্ত্ৰণ জনাবলৈ আহিছো ৷ সমগ্ৰ দেশতে কোৱা হৈছিল যে, ব্যৱসায়ীসকল বিজেপিৰ ভোট বেংক । কিন্তু, যোৱা 7 বছৰ ধৰি, দিল্লীৰ ব্যৱসায়ীসকলে আম আদমী পাৰ্টিৰ হৈ ভোট দি আহিছে ৷ এতিয়া, দিল্লীত ব্যৱসায়ীসকলৰ ওপৰত বিৰুদ্ধে কোনো অভিযান নচলে ৷ আমি কেইবাটাও সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিছিলো ৷ তৎস্বত্তেও কৰ ৰাজহ ৩০,০০০ কোটি টকাৰ পৰা ৬০,০০০ কোটি টকালৈ বৃদ্ধি পাইছে" ৷

সম্প্ৰতি পৰিলক্ষিত হোৱা পঞ্জাৱ চৰকাৰৰ অস্থিৰতা অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি কেজৰিৱালে আম আদমী পাৰ্টিক এবাৰ সুযোগ দিয়াৰ বাবে আহ্বান জনায় ৷ পাঁচ প্ৰতিশ্ৰুতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কেজৰিৱালে কয়, "প্ৰথমতেই আম আদমী পাৰ্টিৰ চৰকাৰৰ সময়ত শান্তি আৰু আইন-শৃংখলা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব ৷

দ্বিতীয়তে, আপোনালোকে (উদ্যোগপতিসকল) আমাৰ চৰকাৰক সিদ্ধান্ত লোৱাত সহায় কৰিব আৰু ব্যৱসায়ীসকলে এই সিদ্ধান্ত অনুসৰি কাম কৰিব ৷ তৃতীয়তে, আমি ইয়াত Inspector Raj system বন্ধ কৰিম আৰু ব্যৱসায়ীসকলে "Red System"ৰ পৰা স্বাধীনতা লাভ কৰিব ৷ চতুৰ্থতে, আমি ব্যৱসায়ীসকলক সহায় কৰিবলৈ 24 ঘণ্টাৰ হেল্পলাইন এটা আৰম্ভ কৰিম আৰু পঞ্চমত আমি ইয়াত ৰাজ্যখনত 24 ঘণ্টা বিদ্যুৎ যোগান নিশ্চিত কৰিম" ৷

লগতে পঢ়ক : বিজেপিত যোগদান নকৰিলেও কংগ্ৰেছত নাথাকে কেপ্টেইন অমৰিন্দৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.