ETV Bharat / bharat

চিকিৎসক, বৈজ্ঞানিকৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কেজৰিৱালৰ

ভাৰতত প্ৰস্তুত কৰা কৰ'ণাৰ প্ৰতিষেধকৰ সন্দৰ্ভত মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । আপাতকালীন ব্যৱহাৰৰ অনুমতি প্ৰদানৰ বাবে দেশত কৰ'ণাযোদ্ধা তথা দেশবাসীৰ বাবে ই এক ইতিবাচক দিশ হিচাপে পৰগণিত হ'ব ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
author img

By

Published : Jan 3, 2021, 7:26 PM IST

নিউজ ডেস্ক, ৩ জানুৱাৰী: দেশজুৰি আৰম্ভ হোৱা কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযানৰ সময়তে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতত প্ৰস্তুত কৰা কৰ'ণাৰ প্ৰতিষেধক সন্দৰ্ভত মন্তব্য কৰে । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে ডিচিজিআইয়ে কৰ'ণাৰ প্ৰতিষেধকৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছে ।

প্ৰতিষেধকৰ আপাতকালীন ব্যৱহাৰৰ অনুমতি প্ৰদানৰ বাবে দেশত কৰ'ণাযোদ্ধা তথা দেশবাসীৰ বাবে ই এক ইতিবাচক দিশ হিচাপে পৰগণিত হ'ব । ইয়াৰোপৰি দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে চিকিৎসক, বৈজ্ঞানিকসকলক কৃতজ্ঞতা জনাইছে কেজৰিৱালে ।

উল্লেখ্য যে, ডিচিজিআইয়ে দেওবাৰে নতুন দিল্লীত এক সংবাদমেলত পুণেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ SIIৰ 'কোবিছীল্ড' আৰু ভাৰত বায়টেকৰ 'কোভাক্সিন'ৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰেৰণ কৰিছে ।

এতিয়া ডিচিজিআইয়ে অনুমতি প্ৰদান কৰাৰ পাচত ভাৰতত প্ৰতিষেধকৰ ব্যৱহাৰ শীঘ্ৰেই আৰম্ভ হ'ব । অনাগত দিনত এই দুই প্ৰতিষেধকৰ বহুল ব্যৱহাৰ হ'ব । দেশৰ ১.৪৯ লোকে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযানক প্ৰশংসা কৰিছে । সমগ্ৰ দেশতে টীকাকৰণ অভিযান পূৰ্ণগতিত চলিছে ।

প্ৰতিখন জিলাতে কোভিড-১৯ প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে । দেশৰ ৭১৯ খন জিলাত ৫৭,০০০তকৈও অধিক লোকে কোভিড-১৯ প্ৰতিষেধক টীকাকৰণৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে । বৰ্তমানলৈ ৯৬,০০০ টীকাকৰণ দিয়া লোকক প্ৰশিক্ষণ দিয়া হৈছে । এই কথা টুইটযোগে জনায় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে ।

লগতে পঢ়ক: দিল্লীত একাংশ লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য়ু এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.