ফেব্ৰুৱাৰী মাহটোক প্ৰেমৰ মাহ বুলি কোৱা হয় আৰু এই মাহতে পালন কৰা হয় ভেলেণ্টাইন ডে’ (Valentines day)। আজি 8 ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ দ্বিতীয়টো দিন অৰ্থাৎ প্ৰপ’জ ডে’।
যদি আপুনি কাৰোবাৰ সন্মুখত আপোনাৰ ভালপোৱা প্ৰকাশ কৰিব বিচাৰিছে, তেন্তে আপুনি মনত ৰাখক তলত উল্লেখিত এইকেইটা বিশেষ কথা (Happy Propose Day 2023) ৷ এই বিশেষ কথাকেইটা মনত ৰাখিহে আপোনাৰ ভালপোৱা গৰাকীক প্ৰেম প্ৰকাশ কৰিবলৈ আপুনি আগবাঢ়ক ৷
প্ৰেম প্ৰকাশ কৰাৰ সময়ত মনত ৰাখিব এইকেইটা বিশেষ কথা:
- যদি আপুনি কোনো যুৱতীক আপোনাৰ ভালপোৱা প্ৰকাশ কৰিবলৈ গৈ আছে, তেন্তে মনত ৰাখিব যে সেই যুৱতীগৰাকী যিমানেই আধুনিক নহওক কিয়, তেওঁ এগৰাকী ভাৰতীয় সভ্যতাৰে আগবঢ়া যুৱতী । সেয়েহে ভালপোৱা প্ৰস্তাৱটো প্ৰকাশ কৰাৰ সময়ত অলপ ধৈৰ্য্য ধৰিব ।
- যাক আপুনি প্ৰপ’জ কৰিব ওলাইছে, তেওঁৰ পছন্দ-অপছন্দৰ বিষয়ে আপুনি জনাটো উচিত ।
- আপুনি যাক আপোনাৰ ভালপোৱা প্ৰকাশ কৰিব বিচাৰিছে, সেয়া প্ৰকাশ কৰাৰ পূৰ্বেই জানি লওক যে তেওঁ ইতিমধ্যে আন কাৰোবাৰ লগত সম্পৰ্কত আছে নেকি ?
- যদি আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেম প্ৰকাশ কৰিবলৈ গৈ আছে, তেন্তে আপোনাৰ আচৰণেৰে তেওঁক অনুভৱ কৰাওক যে আপুনি তেওঁক কিমান ভাল পায় ।
- সন্মুখত থকা সেই বিশেষ ব্যক্তিগৰাকীক আপুনি যে বহুত ভাল পাই সেয়া অনুভৱ কৰাবলৈ হৃদয়েৰে চেষ্টা কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ বিষয়েও আপুনি যে জানিব বিচাৰে তাক অৱগত কৰক । লগতে আপোনাৰ পৰিয়ালৰ কথা কৈ তেওঁকো সহজ কৰিবলৈ চেষ্টা কৰক যাতে তেওঁ এই সম্পৰ্কৰ প্ৰতি আপোনাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰে ।
এইধৰণে আগবাঢ়িলে তেওঁ কেতিয়াও আপোনাৰ প্ৰস্তাৱ নাকচ নকৰে । এইকেইটা কথা মনত ৰাখি যদি আপুনি কাৰোবাক প্ৰপ’জ কৰিবলৈ ওলাইছে, তেন্তে মনত ৰাখিব যে এই দিনটো আপোনাৰ আৰু তেওঁৰ জীৱনৰ বাবে এটা ডাঙৰ দিন । আৰু এটা কথা, তেওক লগ কৰাৰ পূৰ্বে নিজকে ভালদৰে প্ৰস্তুত কৰি লৈহে আপুনি যে তেওঁক ভাল পাই সেয়া জনাই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব । আপুনি সফল হ’ব ৷