ETV Bharat / bharat

Kedarnath latest news : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ; ভক্তৰ সীমাহীন ভিৰ - কেদাৰনাথ যাত্ৰাৰ পঞ্জীয়ন

আজি বৈদিক নীতি-নিয়মৰ মাজেৰে ভক্তৰ বাবে মুকলি কৰা হয় বাবা কেদাৰনাথৰ দুৱাৰ । যাৰ বাবে মঙলবাৰে পুৱাই বাবা কেদাৰনাথৰ মূল প্ৰৱেশ দুৱাৰত কেবাশ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷ আগন্তুক ৬ মাহ পৰ্যন্ত খোলা থাকিব কেদাৰনাথৰ দুৱাৰ (Kedarnath Dham doors open)।

kedarnath update
কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰত ভক্তৰ ভিৰ
author img

By

Published : Apr 25, 2023, 9:35 AM IST

ভক্তিৰসত বিলীন বাবা কেদাৰনাথ ধাম

নেশ্যনেল ডেস্ক, 25 এপ্ৰিল : দেশৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম এক অনুষ্ঠান উত্তৰাখণ্ডৰ চাৰধামত অৱস্থিত বিখ্যাত কেদাৰনাথ মন্দিৰ ৷ কেদাৰনাথ মন্দিৰলৈ অৰ্থাৎ চাৰধাম যাত্ৰা 2023 ৰ বাবে আজিৰে পৰা মুকলি হৈছে কেদাৰনাথ ধামৰ দুৱাৰ । আজি অৰ্থাৎ মঙলবাৰে পুৱা 6.20 বজাত বৈদিক নীতি-নিয়মেৰে ভক্তৰ বাবে মুকলি কৰা হয় কেদাৰনাথ ধামৰ দুৱাৰ । বেণ্ডৰ্পাটীৰ সুৰৰ লগতে হৰ হৰ মহাদেৱৰ ধ্বনিৰে মুখৰিত হৈ পৰিল কেদাৰনাথ ধামৰ চৌহদ । উক্ত সময়চোৱাত কেদাৰ ধামত উপস্থিত থাকে মুখ্যমন্ত্ৰী ধামী । কেদাৰনাথৰ দুৱাৰ মুকলি উপলক্ষে আজি বিশেষ পূজা অৰ্চনাও কৰা হয় (kedarnath temple opening date 2023) ।

ঠাণ্ডা বতৰৰ মাজতে আজি পুৱাৰে পৰাই আৰম্ভ হৈছিল কেদাৰনাথ ধামৰ দুৱাৰ খোলা প্ৰক্ৰিয়া । হৰ হৰ মহাদেৱৰ ধ্বনি উচ্চাৰণেৰে মুকলি কৰা হয় কেদাৰনাথৰ দুৱাৰ । মুখ্যমন্ত্ৰী ধামি, বদ্ৰী কেদাৰ মন্দিৰ সমিতিৰ বিষয়া-বিষয়ববীয়া আৰু প্ৰশাসনৰ উপস্থিতিত বাবা কেদাৰনাথৰ দুৱাৰ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে মুকলি কৰা হয় (Chardham Yatra 2023)।

কেদাৰনাথ দ্বাৰ মুকলিৰ ঐতিহাসিক সময়ত কেদাৰনাথ ধামত বৃহৎ সংখ্যক ভক্ত উপস্থিত থাকে । কেদাৰনাথ দ্বাৰ মুকলি হোৱাৰ পিচত মন্দিৰত উপস্থিত ভক্তসকলক ভক্তিৰসত বিলীন হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ সকলোৱে বাবা কেদাৰনাথৰ পৰা আশীৰ্বাদ বিচাৰি শিৱৰ মন্ত্ৰোচ্চাৰণ কৰিছিল । দুৱাৰ খোলাৰ পূৰ্বে কেদাৰনাথ ধাম 23 কুইণ্টল ফুলেৰে সজাই পৰাই তোলা হয় (doors of Kedarnath Dham opened) ।

উল্লেখ্য যে, এইবাৰ কেদাৰনাথ যাত্ৰা সন্দৰ্ভত ভক্তসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে । প্ৰতিকূল বতৰৰ মাজতো বৃহৎ সংখ্যক ভক্তই কেদাৰনাথ ধামত উপস্থিত হৈছে । এতিয়াও কেদাৰনাথ ধামত বৰফ পৰি আছে ৷ ফলত ভক্তসকলৰ বাে কেদাৰনাথ যাত্ৰা কৰাত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। বতৰ বিজ্ঞান বিভাগেও আগন্তুক দিনত বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে । ইয়াৰ পাচতো বৃহৎ সংখ্যক ভক্তই প্ৰত্যাহ্বান নেওচি উপস্থিত হয় কেদাৰনাথ ধামত (CM Dhami in Kedarnath) ।

কেদাৰনাথত তীৰ্থযাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে চিকিৎসা সাহায্য পোষ্ট । যাত্ৰাপথত ১৩০ জন চিকিৎসক নিয়োগ কৰা হৈছে । চিকিৎসক, পেৰামেডিকেল ষ্টাফ, অক্সিজেন চিলিণ্ডাৰ আৰু ঔষধৰ সঠিক ব্যৱস্থাও কৰা হৈছে । যাত্ৰীসকলৰ বাবে স্বাস্থ্য এটিএমও স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও বৰষুণ আৰু তুষাৰপাতৰ বাবে কেদাৰনাথ যাত্ৰাৰ পঞ্জীয়ন বন্ধ কৰা হৈছে । কেদাৰনাথ যাত্ৰাৰ বাবে অহা যাত্ৰীসকলক নিৰাপত্তাজনিত কাৰণত ভ্ৰমণ পথত ৰখাই দিয়া হৈছে (kedarnath weather update) ।

লগতে পঢ়ক : Congress MLA press meet : কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব অভূতপূৰ্ব সফলতা : বিধায়ক কমলাক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.