নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : সন্ত্ৰাসবাদীৰ হাতত পুনৰ নিহত হ'ল এগৰাকী কাশ্মীৰী পণ্ডিত (Kashmiri pandit shot dead by terrorists)। এইবাৰ স্থান জম্মু-কাশ্মীৰৰ পুলৱামা । পুলৱামা জিলাৰ আচান গাঁৱত দেওবাৰে সন্ত্ৰাসবাদীয়ে এগৰাকী কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰে । আৰক্ষী সূত্ৰই জনোৱা মতে সঞ্জয় শৰ্মা নামৰ নিহত কাশ্মীৰী পণ্ডিতগৰাকী বেংকৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল । বজাৰলৈ যোৱাৰ সময়তে অচিনাক্ত সন্ত্ৰাসবাদীয়ে লোকজনক লক্ষ্য কৰি গুলীচালনা কৰে । সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন (Terrorists attacked Kashmiri Pandit)।
কাশীনাথ শৰ্মাৰ পুত্ৰ সঞ্জয়ক সংকটজনক অৱস্থাত পুলৱামা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু গুলীবিদ্ধ লোকজনৰ অত্যধিক ৰক্তক্ষৰণৰ বাবে অৱশেষত মৃত্যুক আঁকোৱালি ল'লে লোকজনে । চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে (Kashmiri Pandit shot dead by militants in Pulwama)। ইফালে এই ঘটনাৰ পাছতে মৃত লোকজনৰ গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । গাঁওখনত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে ।
সমান্তৰালকৈ অঞ্চলটোত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে । লগতে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । আৰক্ষীয়ে এই ঘটনাত জড়িত সন্ত্ৰাসবাদীক আটক কৰাৰ বাবে ইতিমধ্যে বিভিন্ন পন্থা হাতত লৈছে । কাশ্মীৰ আৰক্ষীয়েও স্পষ্ট কৰিছে যে সন্ত্ৰাসবাদীৰ গুলীচালনাত আঘাতপ্ৰাপ্ত সাধাৰণ লোকজনৰ চিকিৎসালয়ত মৃত্যু হয় (Police reacts over Kashmiri Pandit killed)। অৱশ্যে এই ঘটনাত জড়িত সন্ত্ৰাসবাদী গোটটো সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই ।
উল্লেখ্য যে প্ৰায়ে কাশ্মীৰী পণ্ডিতসকল সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ আহিছে । বিগত বছৰৰ অক্টোবৰ মাহত অনুৰূপ ঘটনা সংঘটিত হৈছিল । দক্ষিণ কাশ্মীৰৰ চফিয়ান জিলাত বাগিচালৈ গৈ থকা অৱস্থাতে সন্ত্ৰাসবাদীয়ে এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল (Kashmiri Pandit killed in South Kashmir)। পুৰাণ কৃষ্ণ ভাট নামৰ নিহত লোকজন পেছাত কৃষক আছিল ।
ইয়াৰ পাছত, একেখন জিলাতে আন এজন কাশ্মীৰী পণ্ডিতকো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল । ইফালে সেই ঘটনা নিহত সুনিল পণ্ডিতৰ পত্নী সুনিতাক শনিবাৰে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই নিযুক্তি পত্ৰ প্ৰদান কৰিছে । লক্ষণীয়ভাৱে যোৱা বছৰত সামৰিক আক্ৰমণৰ পৃথক পৃথক ঘটনাত প্ৰায় ৬ জন কাশ্মীৰী পণ্ডিত নিহত হৈছে ।
লগতে পঢ়ক :Maoist attack in Chhattisgarh : মাওবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএএফ জোৱান