ETV Bharat / bharat

ক্ৰিকেটাৰৰ চৰিত্ৰত অভিনয়ৰ সম্ভাৱনা কাৰ্তিক আৰিয়ানৰ

author img

By

Published : Apr 7, 2021, 5:47 PM IST

বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ আহিবলগীয়া ছবিৰ মুখ্য চৰিত্ৰত পৃথক ৰূপত দেখা পোৱাৰ সম্ভাৱনা আছে ৷ সততে ৰোমাণ্টিক ছবিত অভিনয় কৰি অহা কাৰ্তিকে হৰৰ, কমেডী আৰু এক্সনধৰ্মী ছবিৰ পাচত এইবাৰ ঢাপলি মেলিছে ক্ৰীড়াধৰ্মী চলচিত্ৰৰ দিশে ৷

এগৰাকী ক্ৰিকেটাৰৰ চৰিত্ৰত অভিনয় কৰিব নেকি বলিউড ষ্টাৰ কাৰ্তিক আৰিয়ানে

চিটাৰা ডেস্ক,7 এপ্ৰিল: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ আহিবলগীয়া ছবিৰ মুখ্য চৰিত্ৰত পৃথক ৰূপত দেখা পোৱাৰ সম্ভাৱনা আছে ৷ সততে ৰোমাণ্টিক ছবিত অভিনয় কৰি অহা কাৰ্তিকে হৰৰ, কমেডী আৰু এক্সনধৰ্মী ছবিৰ পাচত এইবাৰ ঢাপলি মেলিছে ক্ৰীড়াধৰ্মী চলচিত্ৰৰ দিশে ৷

কাৰ্তিকে ক্ৰিকেটৰ পটভূমিত নিৰ্মাণ হ'বলগীয়া এখন চলচিত্ৰৰ বাবে সম্প্ৰতি যো-জা চলাই আছে ৷ এতিয়ালৈ নাম স্থিৰ নোহোৱা চলচিত্ৰখন কৰণ জোহৰৰ বেনাৰত ধৰ্মা প্ৰডাকচনত নিৰ্মাণ কৰা হ'ব ৷ ছবিখনৰ নামৰ সন্দৰ্ভত অভিনয় কৰিবলগীয়া তাৰকাসকলৰ সৈতে আলোচনা কৰি আছে ।

এই ছবিখনৰ বাবে কে জেৱে গুঞ্জন চাক্সেনা-দ্য কাৰ্গিল গাৰ্লৰ পৰিচালক শৰণ শৰ্মাৰ সৈতে পুনৰ মিলিত হোৱাৰ কথা চৰ্চা হৈছে । প্ৰি প্ৰডাকচন পৰ্যায়ত থকা ছবিখন কোনো বায়’পিক নহয় যদিও আৱেগেৰে ভৰা এটা কাল্পনিক কাহিনী বুলি কোৱাৰ পাচতহে অভিনেতাজনে ছবিখনত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷ অৱশ্যে কাৰ্তিকৰ কাষ্টিং সম্পৰ্কে বাতৰি বিয়পি পৰিছে যদিও ছবিখনৰ বাবে এতিয়াও স্বাক্ষৰ কৰিবলৈ বাকী আছে । ইফালে ছবি জগতৰ সকলো দিশ ঠিকে থাকিলে ছবিখন এই বছৰৰ শেষৰফালে মুক্তি দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে ছবি নিৰ্মাতাই ।

উল্লেখ্য যে, টাবু আৰু কিয়াৰা আদৱানী অভিনীত হৰৰ-কমেডী ছবি ভুল-ভুলাইয়া 2 ত পুনৰ কাৰ্তিকক দেখা পোৱা যাব ৷ 2007 চনতে মুক্তি লাভ কৰা আৰু অক্ষয় কুমাৰে অভিনয় কৰা ছবিখনৰ এইবাৰ দ্বিতীয় খণ্ড এই বছৰৰ নৱেম্বৰ মাহত ছবিগৃহলৈ আহিব ৷

লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.