নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : কৰ্ণাটকৰ বেলাগাভি জিলাত যোৱা 10 ডিচেম্বৰৰ নিশা জঘন্য ঘটনা সংঘটিত হৈছিল ৷ বেলাগাভি তালুকৰ এখন গাঁৱত এগৰাকী মহিলাক বিবস্ত্ৰা কৰি পেৰেড কৰোৱাৰ লগতে বিদ্যুতৰ খুটাত বান্ধি, মাৰপিট কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত 11 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰ পিচতে কৰ্ণাটক চৰকাৰে এই ঘটনাৰ তদন্ত চিআইডিক হস্তান্তৰ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ।
আইন-শৃংখলা এডিজিপি আৰ হিতেন্দ্ৰই এই সন্দৰ্ভত চিআইডিৰ ডিজিপিলৈ এখন পত্ৰ লিখিছে । মহানগৰ আৰক্ষী আয়ুক্তক চিআইডিৰ তদন্ত বিষয়াক ব্যক্তিগতভাৱে এই ঘটনাৰ তদন্ত সংশ্লিষ্ট আই.অ’ৰ ওচৰলৈ গোচৰৰ ফাইল প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে । বেংগালুৰুৰ আৰক্ষী প্ৰধান, চিআইডি, বিশেষ গোট আৰু অৰ্থনৈতিক অপৰাধৰ সঞ্চালকে এই ঘটনাৰ অধিক তদন্তৰ বাবে আহ্বান জনাইছে ৷ এই গোচৰটোৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিচত পত্ৰখনত উল্লেখ কৰা অনুসৰি বিতং প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এগৰাকী যুৱকে প্ৰেমিকাক পলুৱাই নিয়াৰ বাবেই প্ৰেমিকাৰ ঘৰৰ পৰিয়ালৰ লোকে যুৱকজনৰ মাতৃক আক্ৰমণ কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি মহিলাগৰাকীক বিবস্ত্ৰা কৰি গাঁৱত পেৰেড কৰাৰ লগতে তেওঁক বিদ্যুতৰ খুটাত বান্ধি প্ৰহাৰ কৰে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে গাঁওখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
পৰৱৰ্তী সময়ত এই ঘটনাৰ লগত জড়িত ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এই ঘটনাৰ বিৰোধিতা কৰি বিজেপিৰ কৰ্মীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগ, ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি আয়োগ আৰু বিজেপিৰ তথ্য অনুসন্ধান সমিতিৰ সদস্যসকলে মহিলাগৰাকীক সাক্ষাৎ কৰি সাহস দিয়াৰ লগতে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰাৰ আশ্বাস দিছিল ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কৰ্মকৰ্তাসকলেও বেলাগাভিলৈ আহি ঘটনাৰ বিষয়ে বুজ লৈছিল ৷
পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চিআইডি বিষয়াসকল সোমবাৰে মহিলাগৰাকীক সাক্ষাৎ কৰাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: জঘন্য ! মহিলাক বিবস্ত্ৰা কৰি পেৰেড, বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ