ETV Bharat / bharat

Karnataka Polls 2023 : কৰ্ণাটকৰ নিৰ্বাচনী যুঁজত সমুখ সমৰত 2613 প্ৰাৰ্থী

author img

By

Published : Apr 25, 2023, 10:26 AM IST

কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হৈছে । মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন সমাপ্ত হোৱাৰ পিচত বৰ্তমান 224 খন বিধানসভা আসনত 2613 গৰাকী প্ৰাৰ্থীয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে যুঁজ দিব (2613 candidates in Karnataka election fray) । আনহাতে, কিছু আসনত ৰাজনৈতিক দলসমূহে বিদ্ৰোহী প্ৰাৰ্থীৰ সমস্যাৰ সন্মুখীন হোৱাটো খাটাং ।

Karnataka poll 2023
10 মে'ত অনুষ্ঠিত হ'বলগা কৰ্ণাটক বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, 25 এপ্ৰিল : অহা 10 মে'ত অনুষ্ঠিত হ'বলগা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময়সীমা সোমবাৰে অন্ত পৰে (Karnataka Election 2023) । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম সময় সমাপ্ত হোৱাৰ পিচত বৰ্তমান নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব মুঠ 2613 গৰাকী প্ৰাৰ্থী (2,613 candidates in Karnataka poll fray)। নিৰ্বাচন আয়োগৰ তথ্যত এই কথা প্ৰকাশ পাইছে ।

উল্লেখ্য যে, কৰ্ণাটক বিধানসভাৰ 2023 বৰ্ষৰ নিৰ্বাচনৰ বাবে মুঠ 517 জন প্ৰাৰ্থীয়ে অন্তিম দিনটোলৈকে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে (517 candidates withdrawn candidature in Karnataka) । ইয়াৰ উপৰি ৰাজনৈতিক দলবোৰে কেইবাটাও খণ্ডত 'বিদ্ৰোহী সমস্যা'ৰ সন্মুখীন হ'বলগা হৈছে ।

কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মুঠ 2613 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 2,427 গৰাকী পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে 184 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ 2 গৰাকী (Chief Electoral Officer Karnataka) ৷ স্বীকৃত ৰাজনৈতিক দলসমূহৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিজেপিৰ পৰা 224 গৰাকী (BJP candidates in Karnataka Election 2023), কংগ্ৰেছৰ 223 গৰাকী (মেলুকোটত সৰ্বোদয় কৰ্ণাটক পাৰ্টীক সমৰ্থন), 207 গৰাকী জেডি (এছ), 209 গৰাকী আপ, 133 গৰাকী বিএছপি, 4 গৰাকী চিপিআই (এম), 8 গৰাকী হৈছে জেডি (ইউ) আৰু 2 গৰাকী এনপিপিৰ প্ৰাৰ্থী (Congress candidates in Karnataka Election 2023) ।

ইয়াৰ উপৰি 685 গৰাকী প্ৰাৰ্থী হৈছে পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলৰ আৰু 918 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী (Registered Unrecognised Political Parties) । আনহাতে, 16 টা সমষ্টিত 15 গৰাকীতকৈ অধিক প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । সেয়েহে নিৰ্বাচনৰ সময়ত এই সমষ্টিবোৰত দুটাকৈ বেলট ইউনিট (Ballot Unit) ব্যৱহাৰ কৰা হ'ব ।

ইফালে ৰাজনৈতিক দলবোৰে অন্তিম মুহূৰ্তত তেওঁলোকৰ নিজ নিজ দলৰ পৰা টিকট প্ৰত্যাখ্যান কৰাৰ বাবে অসন্তুষ্ট হৈ মনোনয়ন দাখিল কৰা বিদ্ৰোহী প্ৰাৰ্থীসকলক তেওঁলোকৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে যথেষ্ট প্ৰচেষ্টা চলোৱা হৈছিল । কিছু ক্ষেত্ৰত আকৌ দলবোৰে এনে বিদ্ৰোহী প্ৰাৰ্থীসকলক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ সৈমান কৰোৱাত সফল হোৱাৰ বিপৰীতে আন কেইবাটাও সমষ্টিত এইসকল প্ৰাৰ্থীৰ নিৰ্বাচনী সম্ভাৱনাৰ ওপৰত 'বিদ্ৰোহী সমস্যা' ডাঙৰ হৈ পৰে (rebel trouble in Karnataka Election 2023) । ৰাজ্যখনত এই বিদ্ৰোহী সমস্যা আন দলবোৰৰ তুলনাত বিজেপি আৰু কংগ্ৰেছৰ ক্ষেত্ৰত অধিক যেন লাগিছে ।

উল্লেখ্য যে, কংগ্ৰেছৰ দলীয় সূত্ৰ অনুসৰি, পুলাকেশীনগৰ (অখণ্ড শ্ৰীনিবাস মূৰ্তি), হাৰাপানাহাল্লি (এম পি লতা মল্লিকাৰ্জুন), শিৰাহাট্টি (ৰামকৃষ্ণ দোদামণি), শিকাৰীপুৰা (নাগৰাজ গৌড়া), জগলুৰ (এইচ পি ৰাজেশ), আৰাকালাগুডুত (কৃষ্ণনেগৌড়া) বিদ্ৰোহীৰ সন্মুখীন হৈছে । আনহাতে, বিজেপিৰ বিদ্ৰোহী সমস্যাত আছে পুত্তুৰ (অৰুণ কুমাৰ পুট্টিলা), আফজলপুৰ (নীতিন গুট্টেদাৰ), গুলিহাট্টি শেখৰ (হোচাদুৰ্গা), বেইলহোংগাল (বিশ্বনাথ পাটিল), গুণ্ডলুপেট (এম পি সুনীল), চেন্নাগিৰি (মাদাল মল্লিকাৰ্জুন), মালুৰ (বিজয় কুমাৰ), গান্ধী নগৰ (কৃষ্ণিয়া হট্টী) । অন্যান্যসকলৰ ভিতৰত এইকেইটা সমষ্টিত বিদ্ৰোহী সমস্যা অধিক বুলি দলীয় সূত্ৰত প্ৰকাশ ।

ইফালে বিদ্ৰোহী প্ৰাৰ্থী হিচাপে মনোনয়ন প্ৰত্যাহাৰ কৰাসকলৰ ভিতৰত আছে বেংগালুৰুৰ প্ৰাক্তন মেয়ৰ তথা চিকপেটৰ পৰা মনোনয়-পত্ৰ দাখিল কৰা কংগ্ৰেছৰ গংগাম্বেক মল্লিকাৰ্জুন, ৰামদুৰ্গৰ পৰা বিজেপিৰ মহাদেৱাপ্পা য়াদাৱাদ । উল্লেখ্য যে, 224 জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অহা 10 মে'ত অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ ফলাফল 13 মে'ত ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক : Kedarnath latest news : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ; ভক্তৰ সীমাহীন ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.