ETV Bharat / bharat

Anjali hit and run case : হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰাৰ দাবীত থানাৰ বাহিৰত পৰিয়ালৰ প্ৰতিবাদ

কাঞ্জাৱালা হিট এণ্ড ৰাণ (Kanjhawala hit and run victim family) ভুক্তভোগী অঞ্জলিৰ পৰিয়ালে এজাহাৰত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০২ ধাৰা অৰ্থাৎ হত্যাকাণ্ডৰ গোচৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত চুলতানপুৰী আৰক্ষী থানাৰ (Sultanpuri police station) বাহিৰত ধৰ্ণা আৰম্ভ কৰিছে (Anjali uncle protests outside PS)।

author img

By

Published : Jan 10, 2023, 5:01 PM IST

Kanjhawala death case deceased uncle sit outisde sultanpur police station in Delhi
হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰাৰ দাবীত থানাৰ বাহিৰত পৰিয়ালৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: কাঞ্জাৱালা হিট এণ্ড ৰাণ কেছৰ (Kanjhawala hit and run victim family) ভুক্তভোগী অঞ্জলীৰ পৰিয়ালে মঙলবাৰে চুলতানপুৰী আৰক্ষী থানাৰ সন্মুখত ধৰ্ণাত বহে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দাখিল কৰা প্ৰথম তদন্ত প্ৰতিবেদন অনুসৰি অঞ্জলিৰ পৰিয়ালে এজাহাৰখনত হত্যাৰ অভিযোগ অন্তৰ্ভুক্ত কৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে (Add murder charge in FIR) ৷ অঞ্জলীৰ খুৰাকে কোৱা অনুসৰি তেওঁলোকে জ্যেষ্ঠ আৰক্ষী বিষয়াক লগ কৰি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিবলৈ অনুৰোধ জনাব খুজিছিল যদিও কোনো এজন বিষয়াক লগ কৰিবলৈ সক্ষম নহ'ল পৰিয়ালটো (Anjali uncle protests outside PS)৷

পৰিয়ালটোৱে অঞ্জলিৰ ফটোসহ এখন বেনাৰত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Demanding justice for Anjali)৷ বেনাৰখনত অঞ্জলীৰ ন্যায়ৰ দাবী কৰা এটা শ্লোগান উল্লেখ কৰা হৈছিল (Kanjhawala death case victim family news today) ৷ থানাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী পৰিয়ালটোৰ সৈতে আলোচনা কৰি তেওঁলোকক আন্দোলন উঠাই লৈ তেওঁলোকৰ লগত এক আলোচনাত মিলিত হ’বলৈ পৰামৰ্শ দিয়ে ৷

ষ্টেশ্যন হাউচ অফিচাৰ এছ এইছ ওৱে এই সন্দৰ্ভত জনোৱা অনুসৰি পৰিয়ালটোৱে আৰক্ষী উপায়ুক্তৰ (ডিচিপি)(Deputy Commissioner of Police) সৈতে কথা পাতিবলৈ অনুৰোধ কৰিছিল ৷ ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) (Indian Penal Code)৩০২ (হত্যা) ধাৰা সলনি কৰাৰ বাবে তেওঁ সিদ্ধান্ত ল'ব নোৱাৰে ৷ উচ্চস্তৰীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব ৷

ইফালে অঞ্জলীৰ পৰিয়ালৰ লোকে কয় যে যেতিয়া অভিযুক্তই অপৰাধ স্বীকাৰ কৰিছে, তাৰ পিছতো আৰক্ষীয়ে আৰু কি প্ৰমাণ বিচাৰি ৰৈ আছে ? উল্লেখ্য যে ১ জানুৱাৰীৰ পুৱতি নিশা ২০ বছৰীয়া অঞ্জলীৰ স্কুটীত এখন বাহনে খুন্দিয়াই চুলতানপুৰীৰ পৰা দিল্লীৰ কাঞ্জাৱালালৈ ১২ কিলোমিটাৰতকৈও অধিক দূৰলৈ চোঁচৰাই লৈ গৈছিল ৷ ফলত থিতাতে মৃত্যু হৈছিল অঞ্জলীৰ ৷

এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে চিচিটিভি ফুটেজৰ পৰীক্ষা কৰি দুৰ্ঘটনাটোৰ সময়ত তেওঁৰ সৈতে থকা বান্ধৱী নিধিক ঘটনা সন্দৰ্ভত সোধপোছ কৰিছিল ৷ নিধিৰ ভাষ্য অনুসৰি আৰক্ষীয়ে সাত অভিযুক্তক আটক কৰি সোধপোছ কৰিছিল ৷

অভিযুক্তকেইটাই আৰক্ষীক কোৱা অনুসৰি গাড়ীখনত ইমান উচ্চ স্বৰৰ সংগীত বাজি আছিল যে তেওঁলোকে কেতিয়া অঞ্জলীক খুন্দিয়াই গাড়ীৰে ইমান দূৰলৈ চোঁচৰাই লৈ গৈছিল তাৰ উমানেই নাপালে ৷ যেতিয়া এই ঘটনাৰ গম পাই মানে তেওঁলোকে ভয় খাইছিল যে যদি তেওঁলোকে অঞ্জলীক বচাবলৈ গাড়ীখন ৰখাই দিয়ে ৷ তেন্তে তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হ'ব ৷

তাৰ পিছত অঞ্জলীক উলংগ আৰু মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইতিমধ্যে অঞ্জলীৰ হিট আণ্ড ৰাণ ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ মুঠ ১৮ টা দলে তদন্ত কৰি আছে ।

লগতে পঢ়ক: Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.