ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্বত কংগনা - উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশ চৰকাৰে অভিনেত্ৰী কংগনা ৰাণাৱটক তেওঁলোকৰ উচ্চাকাংক্ষী 'এক জিলা এক সামগ্ৰী' কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নামাকৰণ কৰিছে । অভিনেত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ।

Kangana Ranaut named brand ambassador of UP govt's 'one district-one product' scheme
উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ কংগনা
author img

By

Published : Oct 2, 2021, 12:31 PM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ : উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন কাৰ্যসূচী ‘এক জিলা এক সামগ্ৰী’ৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰা হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ নাম ৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (তথ্য) নবনীত চেহগলে টুইটযোগে কয়, "জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে ৷ তেওঁ অভিনেত্ৰীগৰাকীক এটি ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ এই ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বাবে কংগনা জী আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব ৷"

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ 75 খন জিলাত নিৰ্দিষ্ট পৰম্পৰাগত ঔদ্যোগিক কেন্দ্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এক জিলা-এক সামগ্ৰী (ODOP) কাৰ্যসূচী আৰম্ভ কৰিছে । এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি অভিনেত্ৰীগৰাকীয়ে বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ বিভিন্ন কৰ্মৰাজীৰ বাবে প্ৰসংশা কৰে ৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈও অনুৰোধ জনায় ৷

লগতে পঢ়ক : চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.