ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান

author img

By

Published : Aug 22, 2021, 7:08 AM IST

শনিবাৰে 89 বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙে ৷ বিগত 4 জুলাইৰ পৰা বিভিন্ন অংগ বিকল হোৱাৰ ফলত সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চ (SGPGIMS)ত চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকী ৷

Kalyan Singh, Former Uttar Pradesh Chief Minister, Dies At 89
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান

নিউজ ডেস্ক, 22 আগষ্ট : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান ৷ শনিবাৰে নিশা সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চ (SGPGIMS)ত চিকিৎসাধীন অৱস্থাত শেষ নিঃশ্বাস ত্যাগ কৰে কল্যাণ সিঙে ৷ বিগত 4 জুলাইৰ পৰা বিভিন্ন অংগ বিকল হোৱাৰ ফলত চিকিৎসায়লখনে ভৰ্তি হৈ আছিল বিজেপি নেতাগৰাকী ৷

শুকুৰবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ডায়লায়চিছ কৰোৱা হয় ৷ কল্যাণ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ যোৱা মাহত বিজেপি নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ প্ৰধানমন্ত্ৰীয়ে টুইটযোগ লিখিছিল, "countless people across India are praying for the speedy recovery of Kalyan Singh Ji" অৰ্থাৎ ‘ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসংখ্য লোকে কল্যাণ সিঙ জীৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ৷’

শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷

কল্যাণ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি যোগী আদিত্যনাথে তেওঁৰ মৃত্যু এক অপুৰণীয় ক্ষতি বুলি কয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত 3 দিনীয়া ৰাজ্যিক শোক পালনৰ সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ 23 আগষ্টত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

ইয়াৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু মায়াৱতীয়েও টুইটযোগে সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ উল্লেখ্য যে, কল্যাণ সিঙ দুবাৰকৈ দেশৰ আটাইটকৈ জনপ্ৰিয় ৰাজ্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৷ তেওঁ 1991 চনৰ জুনৰ পৰা 1992 চনৰ ডিচেম্বৰলৈ আৰু 1997 চনৰ ছেপ্টেম্বৰৰ পৰা 1999 চনৰ নৱেম্বৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ইয়াৰ উপৰিও তেওঁ 2014 চনৰ পৰা 2019 লৈ ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক : পুনৰ নিশা তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.