ETV Bharat / bharat

কল্যাণ সিং আৰু বাবৰি মছজিদ ধ্বংসৰ এক কাহিনী

author img

By

Published : Aug 22, 2021, 7:52 AM IST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কল্যাণ সিঙে দায়িত্ব পালন কৰি থকাৰ সময়তে বাবৰি মছজিদ ধ্বংস হৈছিল । নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিছিল ঠিকেই, কিন্তু বাবৰি মছজিদ ধ্বংস হোৱাক লৈ কেতিয়াও অনুশোচনা কৰা নাছিল । ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰ নায়ক স্বৰূপ কল্যাণ সিঙৰ মতে উক্ত দিনটোত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল ।

Kalyan Singh, the former Chief Minister of Uttar Pradesh
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰ নেতৃত্ব দিয়া নেতাসকলৰ মাজৰ এজন আগশাৰীৰ নেতা হিচাপে গণ্য কৰা হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক । কল্যাণ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা সময়তে ১৯৯২ চনৰ ৬ ডিচেম্বৰত পবিত্ৰ চহৰ অযোধ্যাত হাজাৰ হাজাৰ 'কৰ সেৱক' সমবেত হৈছিল । এই ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে ।

অৱশ্যে, তেওঁ কেতিয়াও ঘটনাটোৰ বাবে অনুশোচনা কৰা নাছিল ৷ বৰং গৌৰৱ অনুভৱ কৰিছিল । বৰঞ্চ এই ঘটনাই তেওঁক ভগৱান ৰামৰ একান্ত ভক্ত আৰু ৰাম মন্দিৰ আন্দোলনৰ "নায়ক"ত পৰিণত কৰিছিল । ভাৰতীয় জনতা পাৰ্টীয়ে ৰাম মন্দিৰ আন্দোলনৰ পটভূমিতে ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ এক সুকীয়া প্ৰতীক চিহ্নিত কৰিছিল ৷ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰে জড়িত নেতাসকল ৰাজনৈতিকভাৱে লাভান্বিত হৈছিল । এই আবেগৰ ভিত্তিতে গেৰুৱা দলটোৱে কেৱল কেন্দ্ৰতে নহয়, হিন্দু সম্প্ৰদায়ৰ আধিপত্য থকা ভাৰতৰ বহু ৰাজ্যতো ক্ষমতালৈ আহিছিল ।

কল্যাণ সিঙে গ্ৰহণ কৰা কেতবোৰ কঠোৰ সিদ্ধান্ত :

১৯৯২ চনৰ ৬ ডিচেম্বৰৰ পুৱা যেতিয়া অযোধ্যাৰ বিতৰ্কিত ভূমিৰ চাৰিওফালে কাৰ সেৱকসকল সমবেত হৈছিল, তেতিয়া ফৈজাবাদ জিলাৰ(বৰ্তমানৰ অযোধ্যা) তদানীন্তন জিলা দণ্ডাধীশে ৰাজ্য চৰকাৰলৈ গুলীচালনাৰ অনুমতি বিচাৰি এখন লিখিত প্ৰতিবেদন প্ৰেৰণ কৰিছিল । জ্যেষ্ঠ সাংবাদিক পি এন দ্বিবেদীয়ে জনোৱা মতে, তেতিয়াৰ মুখ্য সচিবে মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ সন্মুখত ফৈজাবাদৰ জিলা দণ্ডাধীশৰ প্ৰতিবেদন উপস্থাপন কৰিছিল ।

এই প্ৰতিবেদনখনত স্পষ্টকৈ লিখা হৈছিল যে, সাকেত মহাবিদ্যালয়ৰ সমীপত তিনিৰ পৰা চাৰি লাখ লোক সমবেত হৈছে । এই কথা উল্লেখ কৰি জিলা প্ৰশাসনে গুলীচালনা কৰা উচিত হ’ব নে নহ'ব প্ৰশ্ন কৰিছিল । প্ৰতিবেদনখনত লগতে স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে, গুলীচালনা কৰিলে অভাৱনীয়ভাৱে ৰক্তপাত হোৱাটো নিশ্চিত । এই পৰিস্থিতিৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি মুখ্যমন্ত্ৰী সিঙে গুলীচালনা কৰিবলৈ অনুমতি দিয়াৰ পৰা বিৰত আছিল । তেওঁ ভীৰ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনক আন বিকল্প ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল ।

মীৰ বাকীয়ে নিৰ্মাণ কৰা বাবৰি মছজিদ :

লোকবিশ্বাস অনুসৰি, মোগল সম্ৰাট বাবৰৰ সেনাপতি মীৰ বাকীয়ে ১৫২৮ চনত উক্ত স্থানত পূৰ্বৰে পৰা থকা এটা ৰাম মন্দিৰ ধ্বংস কৰি বাবৰি মছজিদ নিৰ্মাণ কৰিছিল । কল্যাণ সিঙে সদায় বিশ্বাস কৰিছিল যে, কোটি কোটি হিন্দুৰ অনুভূতিত আঘাত হানিবলৈ ৰাম মন্দিৰ ধ্বংস কৰাৰ পিছত মীৰ বাকীয়ে মছজিদ নিৰ্মাণ কৰিছিল ।

উক্ত দিনটো অৰ্থাৎ ১৯৯২ চনৰ ২ ডিচেম্বৰৰ বিষয়ে কওঁতে সিঙে কয় যে, সেইদিনা তিনিটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল ৷ সেয়া ক্ৰমে- বাবৰি মছজিদ ধ্বংস, কল্যাণ সিঙৰ পদত্যাগ আৰু ৰাম মন্দিৰ নিৰ্মাণৰ সম্ভাৱনা স্পষ্ট । ইয়াৰ দ্বাৰ প্ৰকাশ হৈছে যে, কল্যাণ সিঙে বাবৰি মছজিদ ধ্বংসৰ কৰাৰ আঁৰৰ দায়িত্ব নিজে ল’ব বিচাৰিছিল । তেওঁৰ ভাষাত এই কৃতিত্ব তেওঁ নিজৰ সলনি আন কাকো দিব বিচৰা নাছিল ।

ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ত অযোধ্যাত উপস্থিত আছিল কল্যাণ সিং :

জ্যেষ্ঠ সাংবাদিক পি এন দ্বিবেদীৰ মতে, কল্যাণ সিঙে নিজেই কৈ আহিছে যে, ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহুৰ্ত । ২০২০ চনৰ ৫ আগষ্টত ভূমি পূজনৰ দিনা তেওঁ অযোধ্যাত উপস্থিত আছিল । তেওঁ কয় যে, "আজিৰ দিনটো মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনবোৰৰ ভিতৰত এটা দিন । অযোধ্যাত বিশাল ৰাম মন্দিৰ দেখিবলৈ পোৱাতো মোৰ জীৱনৰ এক সপোন আছিল, যি এতিয়া বাস্তৱায়িত হৈছে" । তেওঁ লগতে কয় যে, বাবৰি মছজিদ ধ্বংস হোৱাৰ বাবে তেওঁৰ চৰকাৰৰ পতন হোৱাৰ হোৱাক লৈ তেওঁ কেতিয়াও অনুশোচনা কৰা নাই ।

লিবেৰহান আয়োগৰ প্ৰতিবেদনত কল্যাণ সিঙক অভিযুক্ত আখ্যা দিয়া হৈছে :

অযোধ্যাত বিতৰ্কিত গাঁথনি ধ্বংস হোৱাৰ পাছত এই বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা লিবেৰহান আয়োগে নিজৰ প্ৰতিবেদনত কল্যাণ সিঙক অভিযুক্ত আখ্যা দিয়ে । অৱশ্যে, সংবাদ মাধ্যমৰ আগত সিঙে আয়োগৰ প্ৰতিবেদনক আৱৰ্জনা বুলি অভিহিত কৰিছিল আৰু এনে আৱৰ্জনা পেলাই দিয়াৰ যোগ্য বুলি মন্তব্য কৰিছিল । তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডি, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ উদাহৰণো দাঙি ধৰিছিল যাক কঠোৰ নিৰাপত্তা থকা স্বত্বেও হত্যা কৰা হৈছিল ।

তেওঁ কৈছিল যে, বাবৰি মছজিদ ধ্বংস হোৱাৰ দিনটোত তেওঁ সংশ্লিষ্ট বিষয়াসকলক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো সম্ভৱ শান্তিপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । তেওঁ লগতে কয় যে, তেওঁ গুলীচালনা কৰিবলৈ অনুমতি দিয়া নাছিল, কিয়নো এই সিদ্ধান্তই বহু ৰাম ভক্ত কৰ সেৱকৰ প্ৰাণ কাঢ়ি নিয়াৰ সম্ভাৱনা আছিল । তেওঁলোকক হত্যা কৰাৰ পাপ তেওঁ ল'ব বিচৰা নাছিল বুলিও মন্তব্য কৰিছিল । এই ঘটনাক এক স্বতঃস্ফূৰ্ত ঘটনা বুলি অভিহিত কৰি তেওঁ বিতৰ্কিত গাঁথনি ধ্বংস কৰাৰ আঁৰত কোনো ষড়যন্ত্ৰৰ থকাৰ কথাও অস্বীকাৰ কৰে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.