ETV Bharat / bharat

First in India: অসম চৰকাৰৰ বাল্যবিবাহ বিৰোধী পদক্ষেপক আদৰণী কৈলাশ সত্যাৰ্থী ফাউণ্ডেচনৰ

author img

By

Published : Feb 8, 2023, 6:35 PM IST

অসম চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানক সমৰ্থন কৈলাশ সত্যাৰ্থী ফাউণ্ডেচনৰ ৷ লগতে ইয়াৰ ভুক্তভোগী মহিলাক স্বামীয়ে জামিন নোপোৱা পৰ্যন্ত প্ৰতিমাহে 2000 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবেও আহ্বান জনাইছে কৈলাশ সত্যৰ্থী চিলড্ৰেনছ ফাউণ্ডেচনে (Kailash Satyarthi Foundation on child marriage) ৷

Kailash Satyarthi Foundation on child marriage
অসম চৰকাৰৰ বাল্যবিবাহ বিৰোধী পদক্ষেপক আদৰণী

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: শান্তিৰ ন’বেল বিজয়ী কৈলাশ সত্যৰ্থীয়ে প্ৰতিষ্ঠা কৰা কৈলাশ সত্যৰ্থী চিলড্ৰেনছ ফাউণ্ডেচনে (Kailash Satyarthi Children’s Foundation) অসম চৰকাৰে ৰাজ্যত বাল্যবিবাহ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে । সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এক বিবৃতিত ফাউণ্ডেচনৰ তৰফৰ পৰা কোৱা হয় যে, দেশৰ যিকোনো ৰাজ্য চৰকাৰে দেশৰ আইন আখৰে আখৰে পালন কৰি শিশুক সুৰক্ষা দিয়াৰ বাবে প্ৰথম কঠোৰ পদক্ষেপ লৈছে অসম চৰকাৰে (Kailash Satyarthi Foundation on child marriage) ৷

কে এছ চি এফে অসম চৰকাৰে ভুক্তভোগীসকলক বিশেষ আৰ্থিক সাহায্য, আইনী সহায়, সম্পূৰ্ণ পুনৰ্বাসন প্ৰদান কৰিব লাগিব বুলিও দাবী জনায় । ভুক্তভোগীক সম্পূৰ্ণৰূপে সহায় কৰিব পৰাকৈ নতুন আঁচনিৰ বাবে আবেদন জনায় । বিবৃতিটোত কোৱা হৈছে যে, প্ৰথমে এই আঁচনিখনৰ অন্তৰ্গত স্বামীক গ্ৰেপ্তাৰ কৰা প্ৰতিগৰাকী ছোৱালীক তেওঁৰ স্বামীয়ে জামিন নোপোৱালৈকে আৰ্থিক সাহায্য হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিমাহে 2000 টকা তাৎক্ষণিকভাৱে মুকলি কৰি দিব লাগে (Assam govt crackdown on underage marriage) ।

দ্বিতীয়তে, ৰাজ্য আৰু জিলা আইনী সেৱা কৰ্তৃপক্ষক সকলো ছোৱালীক এসপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিব লাগে ৷ য'ত আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, 2012 (POCSO act 2012)ৰ অধীনত ধাৰাসমূহ আৰু লগতে বাল্যবিবাহ প্ৰতিৰোধ আইন (Prohibition of child marriage act), 2006 ৰ ধাৰা প্ৰয়োগ কৰিছে । তৃতীয়তে, কোনো ছোৱালীয়ে যদি তেওঁলোকৰ বিবাহ বাতিল ঘোষণা কৰিব বিচাৰে তেন্তে সাহায্য দিব লাগে ৷ শেষত বাল্য বিবাহৰ বাহিৰত জন্ম হোৱা সন্তানক কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইনৰ অধীনত সহায় প্ৰদান কৰিব লাগে" (Operation against child marriage in Assam) ৷

লগতে পঢ়ক: No to Child marriage: কেৱল স্বামীয়েই নহয়, বাল্যবিবাহ আয়োজনৰ ক্ষেত্রত জড়িত সকলো সমানে দোষী

অসম চৰকাৰৰ কঠোৰ পদক্ষেপক প্ৰশংসা কৰি কে এছ চি এফৰ পৰিচালন সঞ্চালক ৰিয়াৰ এডমিৰেল ৰাহুল কুমাৰ শ্ৰাৱতে কয়, ‘‘ৰাজ্যত বাল্যবিবাহ নিৰ্মূল আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক আমাৰ সংগঠনে শলাগ লৈছে । অসম চৰকাৰৰ এই পদক্ষেপ শিশু সুৰক্ষাৰ বাবে দেশৰ যিকোনো ৰাজ্য চৰকাৰৰে গ্ৰহণ কৰা প্ৰথম কঠোৰ পদক্ষেপ হিচাপে পৰিগণতি হৈছে । এই পৰিস্থিতিৰ লগত জড়িত মানৱীয় দিশটো চাবলৈও আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো । যিহেতু কণমানি ছোৱালী বাল্যবিবাহৰ বলি হয়, সেয়েহে ৰাজ্য চৰকাৰে আমাৰ প্ৰস্তাৱক দয়াৰ ভাবেৰে বিবেচনা কৰি ভুক্তভোগীসকলক তাৎক্ষণিকভাৱে পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদান কৰি তেওঁলোকৰ যন্ত্ৰণা হ্ৰাস কৰিব লাগিব” (Child marriage news) ।

এইবোৰৰ উপৰিও কে এছ চি এফে ৰাজ্য চৰকাৰক সকলো জিলাতে সজাগতা বিয়পোৱা, আইনী সাহায্য আৰু শিশু ভুক্তভোগীক পুনৰ্বাসন, যৌন নিৰ্যাতন ভোগা আৰু যৌন অপৰাধ প্ৰতিৰোধ (POCSO) আইনৰ অধীনত বলি হোৱা শিশুসকলক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়৷ বিবৃতিটোত আৰু কোৱা হৈছে যে অসম চৰকাৰৰ এই দৃঢ় পদক্ষেপ 2022 চনৰ 16 অক্টোবৰত বাল্যবিবাহৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ তৃণমূল পৰ্যায়ৰ দেশজোৰা অভিযান আৰম্ভ কৰা নোবেল শান্তি বিজয়ী কৈলাশ সত্যাৰ্থীৰ ক্লাৰিয়ান আহ্বানৰ সৈতে মিল আছে ।

দেশজোৰা এই অভিযানত সমগ্ৰ দেশতে 2 কোটি লোকৰ অংশগ্ৰহণৰ সাক্ষী হৈছিল আৰু 10 হাজাৰৰো অধিক গাঁৱত 75 হাজাৰৰো অধিক মহিলা আৰু শিশুৰ নেতৃত্বত আছিল । কৈলাশ সত্যৰ্থী শিশু ন্যাসো অন্যান্য নাগৰিক সমাজৰ সৈতে এই অভিযানত যোগদান কৰা অন্যতম আগশাৰীৰ সংগঠন আছিল । নোবেল বঁটা বিজয়ী কৈলাশ সত্যৰ্থীৰ ক্লাৰিয়ান আহ্বানৰ পিচত সংগঠনসমূহে ইয়াক ব্যাপক ৰূপত অনুসৰণ কৰিছিল । প্ৰচাৰৰ সময়ত অসম আমাৰ অন্যতম কেন্দ্ৰবিন্দু ৰাজ্য হৈয়েই আছিল আৰু দেশজোৰা প্ৰচাৰৰ কেইসপ্তাহমানৰ পিচতে ৰাজ্য চৰকাৰে শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা অপৰাধীক শাস্তি প্ৰদানৰ বাবে সাহসী পদক্ষেপ লোৱাটো এক ইতিবাচক লক্ষণ ৷

লগতে পঢ়ক: Anti Child Marriage Drive : চৰকাৰে চলোৱা বাল্য বিবাহবিৰোধী অভিযান বে-আইনী: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.