ETV Bharat / bharat

Newsclick Contoversy : প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:44 PM IST

শুকুৰবাৰে আদালতৰ পৰা সকাহ নাপালে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থই ৷ পাটিয়ালা হাউছ কোৰ্টে তেওঁৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈকে বৃদ্ধি কৰে ৷

Newsclick Contoversy
প্ৰবীৰ পুৰকায়স্থৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈ বৃদ্ধি

নিউজ ডেস্ক, 20 অক্টোবৰ : পাটিয়ালা হাউছ কোৰ্টে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে । পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক যোৱা ২ অক্টোবৰত ইডিয়ে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল । দুয়োজনে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি গ্ৰেপ্তাৰৰ ভিত্তি প্ৰকাশ নকৰাক প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ে নাকচ কৰে ৷

নিউজক্লিকৰ সৈতে জড়িত সাংবাদিকৰ ঘৰত অভিযান চলাই দীৰ্ঘদিনীয়া জেৰা চলায় ইডিয়ে । ইয়াৰ উপৰিও দক্ষিণ দিল্লী অঞ্চলত অৱস্থিত নিউজ ক্লিকৰ কাৰ্যালয়টোও ছীল কৰা হয় ৷ চীনৰ পৰা ধন লৈ ভাৰত বিৰোধী এজেণ্ডা চলোৱাৰ অভিযোগত প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ ইডিৰ গ্ৰেপ্তাৰৰ পিছত পাটিয়ালা হাউছ কোৰ্টে দুয়োকে সাত দিনৰ ইডি ৰিমাণ্ডত প্ৰেৰণ কৰিছিল ৷ তেতিয়াৰ পৰা দুয়োজনেই ন্যায়িক জিম্মাত আছে ৷

শুকুৰবাৰে পুনৰবাৰ ন্যায়িক জিম্মা শেষ হোৱাৰ লগে লগে পুনৰ ২৫ অক্টোবৰলৈ ন্যায়িক ৰিমাণ্ড বৃদ্ধি কৰা হৈছে ৷ উল্লেখ্য যে, দুয়োকে গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি বহু সাংবাদিকে প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ বেনাৰত প্ৰতিবাদ কৰিছিল । লগতে দুয়োকে মুক্তিৰ দাবী উত্থাপন কৰি চৰকাৰে সাংবাদিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি জাননী জাৰি কৰি ইউএপিএ গোচৰত তেওঁলোকৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ড বাতিল কৰিবলৈ অস্বীকাৰ কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ৷ দুয়োৰে আবেদন সন্দৰ্ভত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে জাননী জাৰি কৰে । এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৩০ অক্টোবৰত ৷

লগতে পঢ়ক : Pakistani Spy Arrested: পাকিস্তানলৈ তথ্য প্ৰেৰণ; পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ গুজৰাট এটিএছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.