ETV Bharat / bharat

Monsoon Session of Parliament : নতুন সংসদত পুৰণি শৰেৰে চৰকাৰক বিদ্ধ কৰিবলৈ সাজু বিৰোধী - Monsoon Session in new Parliament

কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত নেতা জয়ৰাম ৰমেশে কয় যে বিৰোধী দলসমূহ আদানি বিষয়টোৰ ক্ষেত্ৰত জেপিচি তদন্তৰ দাবীত সকলো প্ৰকাৰে ঐক্যবদ্ধ হৈছে (oppositions demanding JPC on Adani issue) । তেওঁ কয়, "আগন্তুক অধিবেশন নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব, কিন্তু মূল বিষয়বোৰ পুৰণিয়ে হ'ব ।"

Monsoon Session of Parliament
Monsoon Session of Parliament
author img

By

Published : Jun 1, 2023, 8:09 PM IST

নিউজ ডেস্ক, ১ জুন : আগন্তুক সংসদৰ বৰ্ষাকালীন অধিবেশনত চৰকাৰক আক্ৰমণ কৰিবলৈ সকলো প্ৰকাৰে সাজু হৈছে বিৰোধী (monsoon session of parliament) । বৃহস্পতিবাৰে এই সন্দৰ্ভত এক পূৰ্বাভাস প্ৰদান কৰে কংগ্ৰেছে । যাৰ ফলত এটা কথা পৰিলক্ষিত হৈছে যে কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ বিৰোধী আৰু মোদী চৰকাৰৰ মাজত সংঘৰ্ষৰ এক নতুন মঞ্চ তৈয়াৰ হৈছে । লগতে কোৱা হৈছে যে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনৰ মূল দাবী হ'ব আদানি বিষয়ত যুটীয়া সংসদীয় সমিতি গঠন আৰু তাৰ দ্বাৰা তদন্ত (Joint Parliamentary Committee on Adani issue) ।

উল্লেখ্য, কংগ্ৰেছে সংসদৰ পূৰ্বৱৰ্তী বাজেট অধিবেশনত ১৯ টা সমভাবাপন্ন দলৰ নেতৃত্ব প্ৰদান কৰিছিল । তাৰ দ্বাৰা আদানি বিষয়ত চৰকাৰক থকাসৰকা কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পিছত এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছিল (Rahul Gandhi attacked PM Narendra Modi) । কিন্তু তেওঁৰ ভাষণ লোকসভাৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হয় । কংগ্ৰেছে পিচত অভিযোগ কৰে যে ৰাহুলে প্ৰধানমন্ত্ৰীক কঠোৰ প্ৰশ্ন সোধাৰ বাবেই প্ৰধানমন্ত্ৰীৰ মোদী উপাধি সম্পৰ্কীয় ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত চুৰাট আদালতে তেওঁক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰোৱা হৈছিল (oppositions demanding JPC on Adani issue) ।

কংগ্ৰেছে লগতে অভিযোগ কৰে যে ২৩ মাৰ্চত যিটো গতিত ৰায়টো প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৰাহুলক ২৪ মাৰ্চত লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল, তাৰ দ্বাৰা এইটো প্ৰতীয়মান হয় যে বিজেপিয়ে প্ৰতিশোধমূলক ৰাজনীতি প্ৰদৰ্শন কৰিছিল । "আমি সকলোৱে আদানি সমস্যাৰ জেপিচি তদন্তৰ দাবীত একত্ৰিত হৈছোঁ । সকলো বিৰোধী দলে একেলগে এই দাবী উত্থাপন কৰিব । দৰাচলতে এইটো এতিয়া আদানি গ্ৰুপৰ বিষয় হৈ থকা নাই, ই মোদানি বিষয় হৈ পৰিছে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বন্ধু গৌতম আদানিৰ পক্ষ লৈছে আৰু কেৱল এটা জেপিচিয়েহে প্ৰধানমন্ত্ৰী মোদী আৰু আদানি গ্ৰুপৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰিব পাৰে ।" কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত নেতা জয়ৰাম ৰমেশে এনেদৰে কয় ।

তেওঁ লগতে কয়, "আগন্তুক অধিবেশন নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব, কিন্তু মূল বিষয়বোৰ পুৰণিয়ে হ'ব (Monsoon Session in new Parliament) ।" ৰমেশৰ মতে, দলে মোদী চৰকাৰে আদানি গ্ৰুপক প্ৰদান কৰা তথাকথিত অনুগ্ৰহবোৰৰ বিষয়ে সৰৱ হ'ব আৰু "হাম আদানি কে হে কৌন" শৃংখলাৰ অধীনত ১০০ টা প্ৰশ্ন সুধিব । বৃহস্পতিবাৰে দলটোৱে ইয়াৰ বিভিন্ন উদাহৰণৰ তালিকা তৈয়াৰ কৰি এখন পুস্তিকা প্ৰকাশ কৰিছে য'ত কেন্দ্ৰই ব্যক্তিগত ব্যৱসায়ীজনৰ পক্ষ লোৱাৰ বাবে নিয়মবোৰ সলনি কৰিছিল (Adani row in parliament) ।

"আমি ফেব্ৰুৱাৰীৰ পৰা বিষয়টোক লৈ ১০০ টা প্ৰশ্ন উত্থাপন কৰি আহিছোঁ । কিন্তু প্ৰধানমন্ত্ৰীয়ে এটাও উত্তৰ দিয়া নাই । আমি প্ৰধানমন্ত্ৰীক বিষয়টোৰ ওপৰত তেওঁৰ নীৰৱতা ভংগ কৰিবলৈ অনুৰোধ জনাইছোঁ । তেওঁলোকে কিয় জেপিচি নিযুক্তি দিবলৈ ভয় কৰে, য'ত বিজেপিৰ সৰ্বাধিকসংখ্যক সদস্য থাকিব ।" ৰমেশে লগতে কয় ।

লগতে পঢ়ক :Meeting of Opposition Parties : পাটনাত বিৰোধী দলৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.