ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত জেপি নাড্ডা - DGP Tripura Police

ত্ৰিপুৰাত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপে নাড্ডা (Upcoming Tripura Assembly election) । দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ত্ৰিপুৰাত উপস্থিত হৈছে জেপি নাড্ডা (JP Nadda arrived in Tripura) ।

JP Nadda
JP Nadda
author img

By

Published : Aug 28, 2022, 1:58 PM IST

Updated : Aug 28, 2022, 5:18 PM IST

নিউজ ডেস্ক, ২৮ আগষ্ট : ত্ৰিপুৰা বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা (JP Nadda arrived in Tripura) । নাড্ডা আজি পুৱা আগৰতলাৰ এমবিবি বিমানবন্দৰত উপস্থিত হয় (National President of BJP JP Nadda) ।

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত জেপি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক বিমানবন্দৰত মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা (Tripura Chief Minister Dr Manik Saha), ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, প্ৰতিমা ভৌমিক (সাংসদ, পশ্চিম ত্ৰিপুৰা), ত্ৰিপুৰাৰ ৰাজ্যিক প্ৰভাৰী বিনোদ সোনকাৰ, ৰেবাতী ত্ৰিপুৰা (সাংসদ, পূব ত্ৰিপুৰা), ফণীন্দ্ৰনাথ শৰ্মা (অসম আৰু ত্ৰিপুৰা বিজেপিৰ সাধাৰণ সম্পাদক)ই ফুলৰ তোড়াৰে আদৰণি জনায় (BJP leaders welcome JP Nadda) ।

সমান্তৰালভাৱে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council) খুমুলৱঙত বহু প্ৰত্যাশিত ৰাজহুৱা সভাৰ প্ৰস্তুতিও পূৰ্ণ গতিত চলি আছে ।

আনহাতে, বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ শীৰ্ষ নেতাসকলে নাড্ডাৰ সৈতে বিমানবন্দৰতে প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' অনুষ্ঠান শুনে (Mann Ki Baat of Prime Minister) । বিমানবন্দৰৰ পৰা ৰাজ্যিক অতিথিশালালৈ যোৱাৰ পথত বিজেপি কৰ্মীসকলে তেওঁক স্বাগতম জনাবলৈ ছয়টা স্থানত সমবেত হয় (JP Nadda two day Tripura visit)।

বিজেপি দলৰ সূত্ৰই জনোৱা মতে, আজি বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডাই দুপৰীয়া ২ বজাৰ পৰা সাংগঠনিক কাৰ্যসূচী আৰম্ভ কৰিব । প্ৰথমতে তেওঁ বিজেপিৰ ৰাজ্যিক সমিতি আৰু বিভিন্ন মৰ্চাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হ'ব ।

তাৰ পিছত তেওঁ জনজাতীয় বিধায়ক আৰু জিলা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত সভাপতিত্ব কৰিব । ইয়াৰ পিছত তেওঁ সন্ধিয়া ৬ বজাৰ পৰা বিজেপি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হ'ব । উক্ত বৈঠকৰ শেষত আইপিএফটিৰ বিধায়কসকলে তেওঁক তৃণমূলৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাব ।

আনহাতে, নিশা ৯.৩০ বজাৰ পৰা তেওঁ বিজেপিৰ প্ৰদেশ ক'ৰ কমিটিৰ সদস্যসকলৰ সৈতে আলোচনাত বহিব । দ্বিতীয়দিনাৰ কাৰ্যসূচী হিচাবে তেওঁ ২৯ আগষ্টত খুমুলৱঙত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব (JP Nadda meeting with BJP Core Committee) । বিজেপিৰ সকলো জ্যেষ্ঠ নেতাই ইতিমধ্যে অনুষ্ঠানৰ কামবোৰ পৰীক্ষা কৰিবলৈ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰিছে ।

উল্লেখ্য, ত্ৰিপুৰা আৰক্ষীৰ ডিজিপি অমিতাভ ৰঞ্জন (DGP Tripura Police) আৰু পশ্চিম ত্ৰিপুৰা জিলাৰ এছপি বগাটি জগদীশৱাৰ ৰেড্ডীও তেওঁলোকৰ ভ্ৰমণকালত উপস্থিত থাকে ।

লগতে পঢ়ক : আজি গুজৰাটৰ কচ্ছত 'বীৰ বালাক মেম'ৰিয়েল' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Last Updated : Aug 28, 2022, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.