ETV Bharat / bharat

JNU Kidnapping Case : জেএনইউৰ চৌহদত ছাত্ৰীক উৎপীড়ন, অপহৰণৰ চেষ্টা; গোচৰ ৰুজু

জেএনইউ চৌহদত গাড়ীত যোৱা যুৱকৰ দল এটাই পথৰ কাষেৰে গৈ থকা দুগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ । এই সন্দৰ্ভত দুখন এজাহাৰ দাখিল কৰা হৈছে । এখন এজাহাৰত ছাত্ৰীকেইগৰাকীক আক্ৰমণ আৰু আনখনত উৎপীড়ন আৰু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ কৰা হৈছে । আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে (kidnapping allegation in JNU premises) ।

JNU Kidnapping Case
JNU Kidnapping Case
author img

By

Published : Jun 7, 2023, 3:51 PM IST

নিউজ ডেস্ক, ৭ জুন : মঙলবাৰে নিশা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (Jawaharlal Nehru University) চৌহদত দুগৰাকী ছাত্ৰীক এখন গাড়ীৰে অপহৰণৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত ভুক্তভোগী শিক্ষাৰ্থীসকলে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে (kidnapping allegation in JNU premises) । আৰক্ষী উপায়ুক্তই (দক্ষিণ-পশ্চিম দিল্লী) জনোৱা মতে, ঘটনা সন্দৰ্ভত দুখন এজাহাৰ দাখিল কৰা হৈছে । এগৰাকী শিক্ষাৰ্থীয়ে আক্ৰমণৰ অভিযোগ দাখিল কৰিছে । আনহাতে, আনগৰাকী ছাত্ৰীয়ে উৎপীড়ন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ দাখিল কৰিছে । এই ক্ষেত্ৰত দুখন পৃথক এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি ডিচিপিয়ে কয় । দুয়োটা ঘটনাতে অভিযুক্ত আৰু বাহন একে বুলি চিনাক্ত কৰা হৈছে । ঘটনাৰ তদন্ত আৰম্ভ হৈছে (JNU Kidnapping Case) ।

এবিভিপিৰ (ABVP) মতে, ছাত্ৰী দুগৰাকীয়ে নিশা প্ৰায় ১ বজাত বিশ্ববিদ্যালয় চৌহদৰ এটা ৰাস্তাত খোজকাঢ়ি আছিল । তেনেতে হাৰিয়ানাৰ পঞ্জীয়ন নম্বৰৰ এখন বগা ছুইফ্ট ডিজায়াৰ গাড়ীত থকা দুই-তিনিজনমান যুৱকে ছাত্ৰী দুগৰাকীক গাড়ীখনলৈ টানি নিয়াৰ চেষ্টা কৰে । অৱশ্যে তেওঁলোকৰ প্ৰতিবাদ তথা বাধাৰ বাবে অপহৰণ কৰাত সফল হ'ব নোৱাৰিলে । তাৰ পিছত দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এবিভিপিয়ে অভিযোগ কৰিছে যে গাড়ীখন প্ৰায়ে বিশ্ববিদ্যালয় চৌহদত দেখা যায় ।

আনহাতে, জেএনইউ ছাত্ৰ সন্থাই (JNU student union) কয় যে ভুক্তভোগী দুগৰাকীৰ এগৰাকীয়ে তেওঁৰ এমএলচি সম্পন্ন কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে । ইয়াৰ উপৰি জেএনইউ ছাত্ৰ সন্থাৰ হৈও উপাচাৰ্যৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে । আনহাতে, পুৱা ১১ বজাত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লগতে ছাত্ৰ সন্থাৰ হৈ দিল্লী আৰক্ষীক এক সময়সীমাও বিন্ধি দিয়া হৈছে । ছাত্ৰ সন্থাই কয় যে যদি দিল্লী আৰক্ষীয়ে অভিযুক্তক ১২ বজাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেন্তে ছাত্ৰ সন্থাই আন্দোলন আৰম্ভ কৰিব ।

উল্লেখ্য, এবিভিপি আৰু জেএনইউ ছাত্ৰ সন্থাই প্ৰকাশ কৰা মতে, জেএনইউ চৌহদ ৰাজধানীৰ আটাইতকৈ সুৰক্ষিত চৌহদসমূহৰ ভিতৰত এটা । তথাপিও তাত এনে নিৰাপত্তাৰ ত্ৰুটিয়ে নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । জেএনইউ চৌহদত নিৰাপত্তা ব্যৱস্থা আৰু কঠোৰ কৰিব লাগে, যাতে বাহিৰৰ লোক আৰু দুৰ্বৃত্ত তাত প্ৰৱেশ কৰিব নোৱাৰে ।

লগতে পঢ়ক :Kuki Community Protest : অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কুকি সম্প্ৰদায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.