ETV Bharat / bharat

ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত; উদ্বোধনৰ দিনা ভংগ কৰিব সৰস্বতী দেৱীয়ে

author img

By PTI

Published : Jan 9, 2024, 1:20 PM IST

Saraswati Devi Maun Vrat for Ram Mandir : ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস হোৱাৰ দিনা তেওঁ এক শপত গ্ৰহণ কৰিছিল । তেওঁ সিদিনা মৌন ব্ৰত আৰম্ভ কৰিছিল আৰু প্ৰতিজ্ঞা কৰিছিল যে কেৱল ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়তহে তেওঁৰ এই মৌন ব্ৰত ভংগ কৰিব ।

ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত
ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত

নিউজ ডেস্ক, ৯ জানুৱাৰী : অধীৰ অপেক্ষাৰ অন্তত অৱশেষত ২২ জানুৱাৰীত আহিব সেই বিশেষ ক্ষণটো । বহু প্ৰতীক্ষিত ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব অহা ২২ জানুৱাৰীত । সেই দিনটোতে ঝাৰখণ্ডৰ এগৰাকী ৮৫ বছৰীয়া মহিলাৰ সপোন পূৰণ হ'ব । সুদীৰ্ঘ দিন ধৰি অপেক্ষা কৰি থকা সেই পৱিত্ৰ ক্ষণটো অৱশেষত আহি উপস্থিত হোৱাত তেওঁ ভংগ কৰিব এক প্ৰতিজ্ঞা । অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে ২২ জানুৱাৰীত তেওঁৰ তিনি দশকজোৰা 'মৌন ব্ৰত' ভংগ কৰিব ।

১৯৯২ চনত বাবৰি মছজিদ ধ্বংস হোৱাৰ দিনা সৰস্বতী দেৱী নামৰ মহিলাগৰাকীয়ে তেওঁ এক শপত গ্ৰহণ কৰিছিল । তেওঁ সিদিনা মৌন ব্ৰত আৰম্ভ কৰিছিল আৰু প্ৰতিজ্ঞা কৰিছিল যে কেৱল ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়তহে তেওঁৰ এই মৌন ব্ৰত ভংগ কৰিব । তেওঁৰ পৰিয়ালে এই দাবী কৰিছে ।

আনহাতে, ধনবাদৰ বাসিন্দা মহিলাগৰাকীয়ে সোমবাৰে নিশা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান দৰ্শন কৰিবলৈ ৰে'লযোগে উত্তৰ প্ৰদেশৰ মন্দিৰ চহৰ অযোধ্যালৈ ৰাওনা হৈছে ।

অযোধ্যাত 'মৌনী মাতা' নামেৰে জনাজাত সৰস্বতী দেৱীয়ে সাংকেতিক ভাষাৰ জৰিয়তে পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰি আহিছিল বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ।

অৱশ্যে তেওঁ 'মৌন ব্ৰত'ৰ পৰা দিনটোত সাময়িক বিৰতি লৈছিল । ২০২০ চনলৈকে প্ৰতিদিনে দুপৰীয়া তেওঁ এঘণ্টা কথা পাতিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ভেটি স্থাপন কৰাৰ দিনা তেওঁ সম্পূৰ্ণ নীৰৱ হৈ পৰিছিল ।

"১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস হোৱাৰ দিনা মোৰ মাতৃয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নোহোৱালৈকে মৌনতা অৱলম্বন কৰাৰ প্ৰতিজ্ঞা কৰিছিল । এতিয়া মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ঘোষণা হোৱাৰ পিছৰে পৰা তেওঁ আনন্দিত হৈ আছে ।" সৰস্বতী দেৱীৰ কনিষ্ঠ সন্তান ৫৫ বছৰীয়া হৰে ৰাম আগৰৱালাই পিটিআইক জনায় ।

"তেওঁ সোমবাৰে নিশা ধনবাদ ৰে'ল ষ্টেচনৰ পৰা গংগা-সুতলেজ এক্সপ্ৰেছত অযোধ্যালৈ ৰাওনা হৈছে । তেওঁ ২২ জানুৱাৰীত মৌনতা ভংগ কৰিব ।" তেওঁ লগতে কয় ।

পুত্ৰ হৰো ৰামে লগতে কয় যে সৰস্বতী দেৱীক মহন্ত নৃত্য গোপাল দাসৰ শিষ্যসকলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

উল্লেখ্য, পৰিয়ালৰ সদস্যসকলে জনোৱা অনুসৰি, চাৰিগৰাকী কন্যাসহ আঠটা সন্তানৰ মাতৃ সৰস্বতী দেৱীয়ে ১৯৮৬ চনত তেওঁৰ স্বামী দেৱকীনন্দন আগৰৱালাৰ মৃত্যুৰ পিছত ভগৱান ৰামৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰিছিল । তেওঁ বেছিভাগ সময় তীৰ্থযাত্ৰাতে অতিবাহিত কৰি আহিছে ।

সৰস্বতী দেৱীয়ে বৰ্তমান তেওঁৰ দ্বিতীয় জ্যেষ্ঠ পুত্ৰ নন্দলাল আগৰৱালাৰ সৈতে বাস কৰি আছে । তেওঁ ধনবাদৰ ধাইয়াস্থিত কোল ইণ্ডিয়াৰ এক শাখা ভাৰত কোকিং কোল লিমিটেডৰ (বিচিচিএল) এজন বিষয়া ।

আনহাতে, নন্দলালৰ পত্নী ইন্নু আগৰৱালাই (৫৩) কয় যে তেওঁৰ বিবাহৰ কেইমাহমান পিছত শাহুৱেকক ভগৱান ৰামৰ প্ৰতি ভক্তিৰে মৌনতাৰ শপত গ্ৰহণ কৰা দেখিছিল ।

লগতে পঢ়ক :বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.