ETV Bharat / bharat

JDU MLA attacked : নালন্দাত জেডি(ইউ)ৰ বিধায়কক আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:28 PM IST

বিহাৰৰ নালন্দাত জেডি(ইউ)ৰ বিধায়ক কৃষ্ণ মুৰাৰী শৰণৰ বাহনক বাইকত অহা দুৰ্বৃত্তই ঘেৰি ধৰে । বন্দুক দেখুৱাই বিধায়কজনক গালি-গালাজ কৰে । ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ । ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ।

JDU MLA attacked
নালন্দাত জেডি(ইউ)ৰ বিধায়কক আক্ৰমণ

নেশ্যনেল ডেস্ক,২৮ অক্টোবৰ : বিহাৰৰ নালন্দাত জেডি(ইউ)ৰ বিধায়ক কৃষ্ণ মুৰাৰী শৰণক আক্ৰমণ । বিধায়কগৰাকীৰ বাহনক বাইকত অহা দুৰ্বৃত্তই ঘেৰি ধৰে আৰু বন্দুক দেখুৱাই মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে । সৌভাগ্যক্ৰমে দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰা নাছিল । জানিব পৰা মতে বিধায়কজনৰ নিৰাপত্তাৰক্ষীক দেখি দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে নালন্দাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

আৰক্ষীয়ে জনোৱা মতে ঘটনাটো জিলাখনৰ পেটেল মহাবিদ্যালয়ৰ সমীপত সংঘটিত হৈছে । বিধায়কজনে কোৱা মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৩১ অক্টোবৰত পেটেল মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ কথা আছে । যাৰ বাবে তেওঁ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ শুকুৰবাৰে সন্ধিয়া ৫ বজাত মহাবিদ্যালয়খন ভ্ৰমণ কৰিছিল । কিন্তু উভতি যোৱাৰ সময়তে বাইকত অহা ৬ জনীয়া দুৰ্বৃত্তই পেটেল মহাবিদ্যালয়ৰ সমীপত বিধায়কজনৰ বাহনখন ঘেৰি ধৰিছিল । তাৰ পাছত দুৰ্বৃত্তৰ দলটোৱে গালি-গালাজ কৰে আৰু বন্দুক দেখুৱাবলৈ আৰম্ভ কৰে । অৱশ্যে বিধায়কজনৰ নিৰাপত্তাৰক্ষী বাহনৰ পৰা নামি অহাৰ লগে লগে দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ।

জেডি(ইউ)ৰ বিধায়কজনে জনোৱা মতে ইতিমধ্যে এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে । জানিব পৰা মতে বিধায়কজনে বাহনেৰে দুৰ্বৃত্তকেইটাক ত্ৰিলোকপুৰ গাঁৱলৈ খেদি যায় । কিন্তু তেওঁলোক পলায়ন কৰিবলৈ সক্ষম হয় । বিধায়কজনৰ নিৰাপত্তাৰক্ষীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰা আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে ৩১ অক্টোবৰত পেটেল মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । একেদিনাই মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱনো উদ্বোধন কৰা হ'ব । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আগমনৰ পূৰ্বেই দুৰ্বৃত্তৰ দলটো কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :ED arrests : ৰেচন কেলেংকাৰীৰ সন্দৰ্ভত মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.