ETV Bharat / bharat

বিপদসংকুলভাৱে নদীৰ ওপৰেৰে চলিল জেচিবি - alaknanda river

উত্তৰাখণ্ডৰ জোশীমটৰ দ্বিংগ-তপোন অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ল ৷ পাহাৰীয়া অঞ্চলটোত দলঙৰ অভাৱত পথ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছিল যদিও অৱশেষত নদীৰ ওপৰেদি শূণ্যত তাঁৰৰ সহায়ত জেচিবি মেচিন লৈ যোৱাত অঞ্চলটোত আনন্দই বিৰাজ কৰিছে ৷

jcb-machine-transported-across-alaknanda-river-with-the-help-of-wires-in-chamoli
শূণ্যত অলকনন্দা নদী পাৰ কৰোৱা হ’ল জেচিবি মেচিন
author img

By

Published : May 4, 2021, 10:04 PM IST

নেচনেল ডেস্ক, 4 মে’: দীৰ্ঘ সময় ধৰি যাতায়তৰ সমস্যাত ভুগি থকা উত্তৰাখণ্ডৰ জোশীমটৰ দ্বিংগ-তপোন অঞ্চলৰ ৰাইজৰ সমস্যা অৱশেষত সমাধান হ’বলৈ গৈ আছে ৷ পাহাৰীয়া অঞ্চলটোত দলঙৰ অভাৱত পথ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছিল ৷ ঠাইডোখৰত সবাতোকৈ প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল জেচিবি মেচিনক অলকনন্দা নদীৰ সিটো পাৰলৈ লৈ যোৱাটো ৷

কিন্তু পথচোৱাৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে তাঁৰৰ সহায়ত জেচিবি মেচিনক নদীৰ সিটোপাৰলৈ লৈ যায় ৷ জেচিবিক নদী পাৰ কৰোৱাৰ দৃশ্য চাবলৈ উক্ত স্থানত উপস্থিত হয় বহু স্থানীয় লোক ৷ এতিয়া জেচিবি মেচিন অলকনন্দা নদী পাৰ কৰোৱাৰ পাছত অঞ্চলটোৰ পথ নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত আশাৰ ৰেঙনি জাগি উঠিছে ৷

উল্লেখ্য যে, চৰকাৰৰ ফালৰ পৰা লাংজি, পোশনী, হোনা, দ্বিংগ আৰু তপোন গাঁৱৰ প্ৰায় 25 হাজাৰ লোকৰ যাতায়তৰ সুবিধাৰ্থে 2010 চনত উক্ত অঞ্চলত 6 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছিল ৷ 2018 চনত অঞ্চলটোত বন বিভাগৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়াও সম্পন্ন হয় যদিও অলকনন্দা নদীৰ ওপৰত দলং নথকাৰ বাবে পথৰ নিৰ্মাণ কাৰ্য স্থগিত ৰখা হৈছিল ৷ অৱশেষত উক্ত অঞ্চলত নদীৰ ওপৰেদি শূণ্যত তাঁৰৰ সহায়ত জেচিবি মেচিন লৈ যোৱাত অঞ্চলটোত আনন্দই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: আৱেগিক সুৰেশ বৰা: জিতু গোস্বামীৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হিমন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.