ETV Bharat / bharat

সুদা হাতে তামিলনাডুৰ পৰা উভতিল অসম চৰকাৰৰ উচ্চস্তৰীয় দল - চিলনীয়ে কানখন নিলে ঐ

তামিলনাডুৰ পৰা অসমলৈ উভতাই পঠোৱা নহয় জয়মালাক(Assam elephant cannot be returned) ৷ তামিলনাডুৰ মুখ্য বন সংৰক্ষক শ্ৰীনিবাস ৰেড্ডীয়ে জানিবলৈ দিয়ে এই কথা ৷ জয়মালাৰ বাবে তামিলনাডুৰ কৃষ্ণ মন্দিৰৰ সমীপত দহ লাখ ব্যয়েৰে এখন ডাঙৰ ফেন আৰু গা ধোৱাৰ বাবে এটা পৃথক মণ্ডপম নিৰ্মাণ কৰা হৈছে ৷

Jaymala cannot be returned
সুদা হাতে তামিলনাডুৰ পৰা উভতিল অসমৰ চৰকাৰৰ উচ্চস্তৰীয় দল
author img

By

Published : Sep 3, 2022, 8:58 PM IST

Updated : Sep 4, 2022, 10:37 AM IST

নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: অসমীয়া সমাজত এটা জনপ্ৰিয় প্ৰবাদ আছে- চিলনীয়ে কাণখন নিলে ঐ ! ইয়াৰ পাছৰখিনি এনে ধৰণৰ- যদি মানুহজনৰ সামান্যও বিবেক বুদ্ধি আছে, তেনেহ’লে তেওঁ প্ৰথমে নিজৰ কাণখন খেপিয়াই চাব ৷ আৰু যদি তেওঁৰ বিবেক বুদ্ধি বুলিবলৈ একোৱেই নাই তেন্তে নিজৰ কাণখন খেপিয়াই চোৱাৰ পৰিবৰ্তে চিলনীৰ পাছে পাছে দৌৰিব ৷

অসমৰ পৰা নি প্ৰায় এযুগ ধৰি তামিলনাডুৰ এটা মন্দিৰত ৰখা জয়মালা নামৰ হাতীটোক(Assam elephant Jaymala) লৈ অসম চৰকাৰে যিখন নাটক প্ৰদৰ্শন কৰিলে সিয়ে চিলনীয়ে কাণখন নিয়া বুলি বিশ্বাস কৰি চিলনীৰ পাছে পাছে দৌৰা বিবেক বুদ্ধিহীন মানুহজনৰ কাহিনীটোকে যেন সঁচা বুলি প্ৰমাণ কৰিলে ৷

জয়মালা সন্দৰ্ভত একাংশ লোকে চলোৱা ভিত্তিহীন প্ৰচাৰৰ আগগুৰি নোলোৱাকৈ অসম চৰকাৰে উচ্চস্তৰীয় বৈঠক আয়োজন কৰি চাৰিগৰাকীকৈ শীৰ্ষ বিষয়া আৰু বিশেষজ্ঞক তামিলনাডুলৈ পঠিয়ালে(Assam delegate team to Tamil Nadu) ৷ আৰু আজি শেনটো হৈ তামিলনাডুলৈ যোৱা অসমৰ উচ্চস্তৰীয় চাৰিজনীয়া দলটো ফেঁচা হৈ অসমলৈ উভতি আহিবলগীয়া হ’ল ৷

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত তামিলনাডুৰ মুখ্য বন সংৰক্ষক শ্ৰীনিবাস ৰেড্ডীয়ে(Tamil Nadu Chief Conservator of Forests) জানিবলৈ দিয়ে- " অসমৰ পৰা এটা চাৰিজনীয়া দল আহিছিল ৷ তেওঁলোকে বান্দালুৰ বন্যপ্ৰাণী উদ্যানত আমাৰ সৈতে মিলিত হৈছিল ৷ তেতিয়া আমি তেওঁলোকক জনাওঁ যে, আমি হাতীটো ওভটাই দিব নোৱাৰো ৷ হাতীটো বহু বছৰ আগতে অনা হৈছিল ৷ হাতীটোক নিৰ্যাতন চলোৱা যিটো ভিডিঅ’ ভাইৰেল হৈছে সেইটো বহু পুৰণি ভিডিঅ’ ৷ আমি তেওঁলোকক বুজাই দিওঁ যে এতিয়া অকল সেইটো হাতীয়েই নহয়, সকলো হাতীয়েই সুন্দৰ পৰিবেশত আছে ৷"

অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে হাতীটো এবাৰ চাব বিচাৰিছিল যদিও তামিলনাডুৰ বন বিভাগৰ শীৰ্ষ বিষয়াগৰাকীয়ে অসমৰ দলটোক হাতীটোক চোৱাৰ ক্ষেত্ৰত স্পষ্টভাবে বাৰণ কৰে বুলিও শ্ৰীনিবাস ৰেড্ডীয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, 15 বছৰ আগতেই পাঁচ বছৰীয়া হাতী এটাক তামিলনাডুৰ শ্ৰীভিল্লীপুথুৰ আন্দাল মন্দিৰলৈ অনা হৈছিল ৷ হাতীটোক মন্দিৰ কৰ্তৃপক্ষই জয়মালতা নামেৰে নামাকৰণ কৰে ৷ দুবছৰ আগতে হাতীটোৰ পৰিচৰ্যাকাৰী বিনীল কুমাৰে কইম্বাটুৰৰ থেকামবাট্টি হস্তী শিবিৰত জয়মালতাক নিৰ্যাতন(Elephant Jaymala brutally tortured in Tamilnadu) চলোৱাৰ অভিযোগত ৰাজন আৰু বিনীল কুমাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ উপৰি তেওঁলোকক বন বিভাগে গ্ৰেপ্তাৰো কৰিছিল বুলি তামিলনাডুৰ মুখ্য বন সংৰক্ষক শ্ৰীনিবাস ৰেড্ডীয়ে জানিবলৈ দিয়ে ৷

সম্প্ৰতি পেৰুৰৰ ৰামজী নামৰ মাউত এজনক জয়মালতাৰ পৰিচৰ্যাকাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ শেহতীয়াভাৱে কৃষ্ণ মন্দিৰৰ সমীপত এখন ডাঙৰ ফেন আৰু দহ লাখ ব্যয়েৰে হাতীৰ গা ধোৱাৰ বাবে এটা পৃথক মণ্ডপম নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তামিলনাডুৰ মুখ্য বন সংৰক্ষক শ্ৰীনিবাস ৰেড্ডীয়ে ৷

লগতে পঢ়ক : শুকুৰবাৰে তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল

Last Updated : Sep 4, 2022, 10:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.