নিউজ ডেস্ক, 9 জুন: শুকুৰবাৰে পুৱতি নিশা জন শতাব্দী এক্সপ্ৰেছ ৰে’লৰ দুটা চকা লাইচ্যুত হয় ৷ ৰে’লখন বেচিন ব্ৰীজৰ কৰ্মশালাৰ ওচৰ পাওঁতে এই ঘটনা সংঘটিত হয় ৷ যোৱা নিশা ১২ বজাত চেন্নাই কেন্দ্ৰীয় ৰেল ষ্টেচনত যাত্ৰীক নমোৱাৰ পিচতে এই দুৰ্ঘটনাটো ঘটে । এই ৰেলখন অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া পৰা আহিছিল (Jan Shatabdi express derailed)।
ৰেলখন বেচিন ব্ৰীজৰ কৰ্মশালালৈ লৈ যোৱা হৈছিল । ৰেলখনৰ দুটা চকা ৰে’লৰ চিৰিৰ পৰা আঁতৰি অহাৰ লগে লগে ৰেলখন ৰখাই দিয়া হয় । 2 ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত ৰেলৱে’ৰ কৰ্মচাৰীৰ সহায়ত দুয়োটা চকা স্বাভাৱিক অৱস্থালৈ অনা হয় । ৰে’ল আৰক্ষীৰ বিষয়াসকলৰ সৈতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । মন কৰিবলগীয়া যে, এই ঘটনাৰ বাবে সেই স্থানত যথেষ্ট হুলস্থুলৰ সৃষ্টি হয় (Chennai central railway station)।
ইয়াৰ পূৰ্বেও তামিলনাডুৰ কুনুৰ ৰে’লৱে’ ষ্টেচনৰ পৰা ওলাই অহাৰ মাত্ৰ কেইমিটাৰমান পিচতে নীলগিৰি মাউণ্টেইন ৰে’লৱে’ ৰেলখন লাইনচ্যুত হয় ৷ যাৰ ফলত আতংকিত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Train accidents in India on 2023)।
লগতে পঢ়ক: Fire in Train: এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড; বিপদমুক্ত সকলো যাত্ৰী
ৰে’লৱে’ৰ বিষয়াসকলে কয় যে, "কুনুৰৰ পৰা ৰে'লখন যাত্ৰা কৰি মেট্টুপালয়াম অভিমুখে গৈ আছিল ৷ তেতিয়াই এই ঘটনা সংঘটিত হয় । ৰে'লখনৰ চতুৰ্থটো দবা লাইনচ্যুত হয় ৷ যাৰ ফলত অভিযন্তাসকলে লগে লগে ৰে'লখন ৰখাই দিয়ে ।" ৰে’লৰ দবাটোত থকা 150 জনতকৈও অধিক যাত্ৰীক মেট্টুপালায়মলৈ কঢ়িয়াই নিয়াৰ বাবে বাছৰ ব্যৱস্থা কৰা হয় (Balasore Train accident news) ৷
বিষয়াসকলে “সামান্য” বুলি অভিহিত কৰা এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । তেওঁলোকে লগতে কয় যে, লাইনচ্যুত হোৱা বিষয়টোৰ তদন্ত চলি আছে । শুকুৰবাৰে পুৱালৈকে পথটোৰে ৰে’লসেৱা পুনৰ আৰম্ভ কৰা হয় (Train accident news)।
ইফালে বৃহস্পতিবাৰে নিশা ওড়িশাত পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা AC দবাৰ তলত নিশা জুইৰ সূত্ৰপাত ঘটে ৷ খাৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ অৱশ্যে ৰে’লখন খাৰিয়াৰ ৰোড ষ্টেচনত ৰখোৱাৰ পিচত যাত্ৰীসকলক নমাই দিয়া হয় আৰু অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰা হয় ৷ ব্ৰেক পেডত ঘৰ্ষণৰ ফলত সূত্ৰপাত ঘটিছিল জুইৰ ৷ অগ্নি নিৰ্বাপনৰ পাচতক পুনৰ ৰেলখনক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হয় ৷