নেশ্যনেল ডেস্ক, 25 জুন : অৱশেষত শুকুৰবাৰে নিশাৰ ভাগত মুকলি কৰি দিয়া হয় বন্ধ হৈ থকা জম্মু-শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱা (Jammu Srinagar Highway Reopened) ৷ বিগত কেবাদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত শ্ৰীনগৰ-জম্মুৰ মাজত যাতায়ত সেৱা ব্যাহত হৈ পৰিছিল ৷ আনকি হঠাৎ অহা বানৰ ফলত বিগত চাৰিদিন ধৰি প্ৰশাসনৰ তৰফৰ পৰা বন্ধ কৰা হৈছিল উক্ত পথচোৱা (Traffic on Jammu Srinagar National Highway)৷
যাৰ ফলত উক্ত পথচোৱাত বিগত চাৰিদিন ধৰি শ শ বাহন আবদ্ধ হৈ পৰিছিল ৷ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত শুকুৰবাৰে নিশা আবদ্ধ হৈ থকা কাশ্মীৰ অভিমুখী বাহনসমূহ যাবলৈ প্ৰশাসনৰ ফালৰ পৰা অনুমতি প্ৰদান কৰা হয় ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক শবীৰ আহমেদ মালিকে ৷
তথ্য অনুসৰি, ৰামবান আৰু উধমপুৰ জিলাৰ 33 টা স্থানত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা ৷ ফলত চলিত সপ্তাহৰ মঙলবাৰৰ পৰা প্ৰায় 270 কিলোমিটাৰ দূৰত্বৰ ঘাইপথচোৱা বন্ধ কৰি দিয়া হৈছিল । যাৰ ফলতেই শ শ যান-বাহন উক্ত পথচোৱাত আবদ্ধ হৈ পৰিছিল ৷
বৰ্তমান উক্ত পথচোৱাৰে আবদ্ধ হৈ থকা বাহনসমূহৰ লগতে অমৰনাথ যাত্ৰাৰ বাবে লংগৰ কঢ়িয়াই অনা বাহনসমূহক ধৰি প্ৰায় 1500 বাহনক যাবলৈ অনুমতি প্ৰদান কৰে আৰক্ষী তথা প্ৰশাসনে ৷ কেৱল শুকুৰবাৰেই নহয় শনিবাৰেও শ্ৰীনগৰৰ পৰা জম্মুলৈ অহা-যোৱা কৰাৰ বাবে মুকলি কৰি দিয়া হয় এই পথচোৱা ৷
উল্লেখ্য যে, বিগত কেবাদিনো ধৰি হৈ থকা বানৰ ফলত জম্মু-শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ ভিন্ন অঞ্চল বানৰ কৱলত পৰিছিল ৷ অৱশ্যে উক্ত অঞ্চলৰ বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Kolkata Tram Service: সময়ৰ সোঁতত বিলিন হৈ পৰিব পাৰে কলিকতাৰ আবেগ ট্ৰাম সেৱা