ETV Bharat / bharat

জল জীৱন মিছন মোবাইল এপ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে - দেশজুৰি গ্ৰাম সভাও অনুষ্ঠিত

জাতিৰ পিতা মহাত্মা গান্ধী(Mahatma Gandhi)ৰ ১৫২ সংখ্যক জন্ম জয়ন্তীত জল জীৱন মিছন মোবাইল এপ্লিকেছন(Jal Jeevan Mission mobile application) মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)য়ে । গান্ধী জয়ন্তীৰ দিনাই ৰাষ্ট্ৰীয় জল জীৱন কোষো(Rashtriya Jal Jeevan Kosh) মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সমগ্ৰ দেশৰ নাগৰিককে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে জল জীৱন আঁচনি গ্ৰহণ কৰা হৈছে ।

PM Narendra Modi launched the Jal Jeevan Mission mobile application
জল জীৱন মিছন মোবাইল এপ মুকলি
author img

By

Published : Oct 2, 2021, 5:41 PM IST

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ: শনিবাৰে জল জীৱন মিছন মোবাইল এপ্লিকেছন(Jal Jeevan Mission mobile application) মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)য়ে । তেওঁ কয় যে, জল জীৱন মিছনে দেশৰ মহিলাসকলৰ সময় ৰাহি কৰাৰ লগতে কষ্টও লাঘৱ কৰিছে । কিয়নো, পূৰ্বে গ্ৰামাঞ্চলৰ মহিলাসকলে বহু দূৰৰ পৰা খোৱা পানী আনিবলৈ যাবলগীয়া হৈছিল । মহাত্মা গান্ধীৰ ১৫২ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছন মোবাইল এপ্লিকেছন মুকলি কৰে ।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত গাঁও পঞ্চায়তৰ মুৰব্বী আৰু জল সমিতি/ গ্ৰাম্য পানী আৰু অনাময় সমিতি(Village Water and Sanitation Committees)ৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী মোডীক জনায় যে, জল জীৱন মিছনৰ জৰিয়তে তেওঁলোকৰ গাওঁসমূহত প্ৰতিটো পৰিয়ালৰে ঘৰত এটাকৈ টেপ সংযোগ কৰা হৈছে । ইয়াৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হৈছে । মত-বিনিময়ৰ সময়ত তেওঁলোকে প্ৰধানমন্ত্ৰীক জনায় যে, গাঁৱৰ মহিলাসকলে এতিয়া তেওঁলোকৰ সন্তানক পঢ়োৱা আৰু ধন উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰা আদিত ব্যস্ত হোৱাৰ সুযোগ পাইছে । গান্ধী জয়ন্তীৰ দিনাই প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰীয় জল জীৱন কোষো মুকলি কৰে ।

ইয়াৰ জৰিয়তে ভাৰতৰ অথবা বিদেশৰ যিকোনো ব্যক্তি, প্ৰতিষ্ঠান, কৰ্প'ৰেট অথবা সমাজসেৱকে প্ৰতিটো গ্ৰাম্য পৰিয়াল, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, আশ্ৰম আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত পানীৰ টেপ সংযোগ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰিব । শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, জল জীৱন মিছন সন্দৰ্ভত শনিবাৰে দেশজুৰি গ্ৰাম সভাও অনুষ্ঠিত হ'ব । গ্ৰাম সভাসমূহত গাঁৱৰ পানী যোগান প্ৰণালীৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু দীৰ্ঘম্যাদী ৰূপত জল সুৰক্ষাৰ বাবেও কাম কৰিব ।

জল সমিতিয়ে গাঁৱৰ পানী যোগান প্ৰণালীৰ পৰিকল্পনা, ৰূপায়ণ, ব্যৱস্থাপনা, সঞ্চালন আৰু তত্বাৱধান আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে, প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰাটো সম্ভৱপৰ হৈ উঠিছে । ৬ লাখতকৈও অধিক গাঁৱৰ ভিতৰত প্ৰায় ৩.৫ লাখ গাঁৱত জল সমিতি/গ্ৰাম্য পানী আৰু অনাময় সমিতি গঠন কৰা হৈছে । ফিল্ড টেষ্ট কিট ব্যৱহাৰ কৰি পানীৰ মান পৰীক্ষা কৰিবলৈ ৭.১ লাখৰো অধিক মহিলাক প্ৰশিক্ষণ দিয়া হৈছে ।

ভাৰতৰ প্ৰতিটো পৰিয়ালক টেপৰ বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যেৰে ২০১৯ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ বিষয়ে ঘোষণা কৰিছিল । এই অভিযান আৰম্ভ কৰাৰ সময়ত গ্ৰামাঞ্চলৰ মাত্ৰ ৩.২৩ কোটি(১৭ শতাংশ) পৰিয়ালত টেপৰ পানী যোগানৰ ব্যৱস্থা আছিল । ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকা স্বত্বেও যোৱা দুটা বছৰত ৫ কোটিৰো অধিক পৰিয়ালৰ ঘৰত টেপৰ পানীৰ সংযোগ দিয়া হৈছে । আজি পৰ্যন্ত, প্ৰায় ৮.২৬ কোটি (৪৩ শতাংশ) পৰিয়ালৰ ঘৰত টেপৰ পানী যোগানৰ সুবিধা উপলব্ধ আছে ।

দেশৰ ৭৮ খন জিলাৰ, ৫৮ খন গাঁও পঞ্চায়তৰ প্ৰতিটো পৰিয়াল আৰু ১.১৬ লাখ গাঁৱত টেপৰ পানী যোগান ধৰা হৈছে । এতিয়ালৈকে ৭.৭২ লাখ(৭৬ শতাংশ) বিদ্যালয় আৰু ৭.৪৮ লাখ (৬৭.৫ শতাংশ) অংগনৱাড়ী কেন্দ্ৰত টেপৰ পানী যোগান ধৰা হৈছে । প্ৰধানমন্ত্ৰীৰ 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস'ৰ দৃষ্টিভংগীক বাস্তৱ ৰূপত প্ৰতিফলিত কৰিবলৈ আৰু 'বটম আপ' পদ্ধতি অনুসৰণ কৰি জল জীৱন মিছন আৰম্ভ কৰা হৈছে । ৰা

জ্যসমূহৰ সৈতে অংশীদাৰিত্বত ৩.৬০ লাখ কোটি টকাৰ বাজেট সাপেক্ষে এই আঁচনি ৰূপায়ণ কৰা হৈছে । আনহাতে, ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ গাঁওসমূহত পানী আৰু অনাময় ব্যৱস্থাৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত পি আৰ আইসকলক ১.৪২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে । মুঠতে দেশৰ কোনো লোকে যাতে লেতেৰা পানী খাই তৃষ্ণা নিবাাৰণ কৰিবলগীয়া নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে পানীৰ সু-ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰিছে ।

লগতে পঢ়ক:পেট্ৰ’ল-ডিজেলৰ মূল্যই গঢ়িলে ৰেকৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.