ETV Bharat / bharat

Jaishankar US visit : আধুনিক আমেৰিকা-ভাৰত সম্পৰ্কত বৈদেশিক মন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ - Jaishankar US visit

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে আমেৰিকা ভ্ৰমণ সমাপ্ত কৰে । তেওঁ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে । আমেৰিকাৰ বিষয়াসকলেও বৈদেশিক মন্ত্ৰীৰ প্ৰশংসা কৰে ।

Jaishankar US visit
আধুনিক আমেৰিকা-ভাৰত সম্পৰ্কত বৈদেশিক মন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:03 AM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : প্ৰায় সপ্তাহজোৰা আমেৰিকা ভ্ৰমণ সামৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ১ অক্টোবৰত সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছে । য'ত তেওঁ এই ভ্ৰমণৰ মুখ্য অংশবোৰ শ্বেয়াৰ কৰিছে । ভিডিঅ'টো পোষ্ট কৰি তেওঁ এক্সত আমেৰিকা ভ্ৰমণৰ কথা উল্লেখ কৰিছে ।

ভিডিঅ'টোত ৱাশ্বিংটন ডিচিত জয়শংকৰৰ বৈঠকসমূহৰ আভাস দিয়া হৈছে । বৈঠকবোৰত তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, বাণিজ্য সচিব জিনা ৰাইমণ্ডো আৰু বাণিজ্য প্ৰতিনিধি কেথৰিন টাইৰ সৈতে দেখা গৈছে । ৱাশ্বিংটন ডিচিত থকা সময়ছোৱাত জয়শংকৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ দূত তৰনজিৎ সিং সান্ধুকো দেখা গৈছে ।

ইয়াৰ পূৰ্বে জয়শংকৰৰ ভ্ৰমণকালত আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্ধিত কৌশলগত সম্পৰ্কৰ প্ৰশংসা কৰে । এই সুসম্পৰ্কৰ বাবে বিষয়াসকলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক ধন্যবাদ জ্ঞাপন কৰে । আমেৰিকাৰ বিষয়াসকলে আধুনিক আমেৰিকা-ভাৰত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বৈদেশিক মন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে । আমেৰিকাৰ বিষয়াসকলে ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিৎ সিং সান্ধুৰ দ্বাৰা আয়োজিত এক অভ্যৰ্থনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতৰ মন্ত্ৰীগৰাকীৰ প্ৰশংসা কৰে ।

অনুষ্ঠানটোত ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিৎ সিং সান্ধুৰ আমন্ত্ৰণত আমেৰিকাৰ শীৰ্ষ বিষয়া আৰু প্ৰভাৱশালী লোকসকলে অংশগ্ৰহণ কৰে । তেওঁলোকৰ ভিতৰত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ শল্য চিকিৎসক জেনেৰেল বিবেক মূৰ্তি, উপ-বিদেশ সচিব ৰিচাৰ্ড বাৰ্মা, ৰাষ্ট্ৰপতি বিডেনৰ ঘৰুৱা নীতি উপদেষ্টা নীৰা টণ্ডন, ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ নীতিৰ হোৱাইট হাউচ কাৰ্যালয়ৰ সঞ্চালক ড০ ৰাহুল গুপ্তা আৰু ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেচনৰ সঞ্চালক ড০ সেতুৰামন পঞ্চনাথন ।

লগতে পঢ়ক :US shutdown halted : অস্থায়ী পুঁজি বিধেয়কত অনুমোদন কংগ্ৰেছৰ, স্বস্তিৰ নিশ্বাস আমেৰিকাবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.