ETV Bharat / bharat

India-Canada foreign minister hold secret meeting: ৱাশ্বিংটনত ভাৰত আৰু কানাডাৰ বৈদেশিক মন্ত্ৰীৰ মাজত গোপন বৈঠক !

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:15 PM IST

খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ পাচত প্ৰথমবাৰলৈ ৱাশ্বিংটনত গোপন বৈঠকত মিলিত ভাৰত আৰু কানাডাৰ বৈদেশিক মন্ত্ৰী ৷ অৱশ্যে ভাৰত তথা কানাডাই এতিয়ালৈ আনুষ্ঠানিকভাৱে এই বৈঠকৰ সন্দৰ্ভত কোনো তথ্য ব্যক্ত কৰা নাই ৷ ইফালে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলীয়ে শেহতীয়াকৈ এই সমস্যাৰ “ব্যক্তিগত” সমাধান বিচাৰি কাম কৰি থকাৰ কথা ব্যক্ত কৰে ।

India-Canada foreign minister hold secret meeting
ভাৰত আৰু কানাডাৰ বৈদেশিক মন্ত্ৰীৰ মাজত গোপন বৈঠক

নিউজ ডেস্ক, ১১ অক্টোবৰ: ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ পাচত ৰাষ্ট্ৰ দুখনৰ মাজত দেখা দিয়া তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক হত্যাৰ আঁৰত ভাৰতৰ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে ৷ ইয়াৰ পাচতেই দুয়োখন ৰাষ্ট্ৰ কূটনৈতিক বিবাদত লিপ্ত হয় ৷

কিন্তু শেহতীয়াকৈ কানাডাই পুনৰ ভাৰতৰ লগত সম্পৰ্ক উন্নীত কৰাত আশা কৰে ৷ ইয়াৰ মাজতেই কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত গোপন বৈঠকত মিলিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । অৱশ্যে ভাৰত তথা কানাডাই এতিয়ালৈ আনুষ্ঠানিকভাৱে এই বৈঠকৰ সন্দৰ্ভত কোনো তথ্য ব্যক্ত কৰা নাই ৷

ভাৰতে কানাডাৰ কূটনীতিবিদসকলক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাচৰে পৰা কানাডাই পুনৰ ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে অহৰহ কাম কৰাৰ পৰিলক্ষিত হৈছে । কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলীয়ে শেহতীয়াকৈ কয় যে, তেওঁলোকে এই সমস্যাৰ “ব্যক্তিগত” সমাধান বিচাৰি কাম কৰি আছে ।

কানাডাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি ভাৰত চৰকাৰৰ সৈতে যোগাযোগত আছো । কানাডাৰ কূটনীতিবিদসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব আমি গুৰুত্ব সহকাৰে লৈছো । ইয়াৰ উপৰিও আমি গোপনীয়ভাৱে কথা কোৱাটো পছন্দ কৰো কাৰণ আমি বিশ্বাস কৰোঁ যে কূটনৈতিক বিষয়বোৰ গোপনীয় কৰি ৰখাটোৱেই উত্তম । প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ মতে পৰিস্থিতি আৰু বেয়া হ’ব নালাগে ।

দৰাচলতে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগ আৰু ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰাৰ পিছত ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰে । ভাৰতেও ট্ৰুডোৰ এই অভিযোগক মিছা আৰু ভিত্তিহীন আখ্যা দি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ পিছত ভাৰতে কানাডাৰ কূটনীতিবিদক দেশ এৰি যাবলৈ কয় । ইয়াৰ পিচত কানাডাই নিজৰ কূটনীতিবিদসকলক ছিংগাপুৰ বা কুৱালালামপুৰলৈ পঠিয়াবলগীয়া হৈছিল ।

লগতে পঢ়ক: India Canada Relation : আমি ব্যক্তিগতভাৱে ভাৰতৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকিম; কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জোলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.