ETV Bharat / bharat

Bangladeh Jail Killing Day: আজি বাংলাদেশে পালন কৰিছে কাৰাগাৰ হত্যা দিৱস

author img

By

Published : Nov 3, 2022, 2:27 PM IST

বাংলাদেশৰ ইতিহাসৰ এটা কলংকিত দিন হৈছে ৩ নৱেম্বৰ (3 November black day of Bangladesh) । কিয়নো ১৯৭৫ চনৰ এই ৩ নৱেম্বৰতে সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক নিৰ্মম আৰু মৰ্মান্তিক হত্যাকাণ্ড । যি হত্য়াকাণ্ড বাংলাদেশৰ ইতিহাসত এক মচিব নোৱাৰা দুৰ্বিষহ স্মৃতি হিচাবে চিৰদিন থাকি যাব । আজিৰ দিনটোতে কাৰাগাৰৰ ভিতৰত হত্যা কৰা হৈছিল বাংলাদেশৰ চাৰিগৰাকীকৈ জাতীয় নায়কক । যাৰ স্মৃতিত প্ৰতিবছৰে বাংলাদেশত ৩ নৱেম্বৰ তাৰিখটো কলংকিত কাৰাগাৰ হত্যা দিৱস হিচাবে পালন কৰা হয় (Bangladesh Jail killing day) ।

Bangladesh
Bangladesh

নিউজ ডেস্ক, ৩ নৱেম্বৰ : বাংলাদেশৰ ইতিহাসৰ এটা কলংকিত দিন হৈছে ৩ নৱেম্বৰ (3 November black day of Bangladesh) । কিয়নো ১৯৭৫ চনৰ এই ৩ নৱেম্বৰতে সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক নিৰ্মম আৰু মৰ্মান্তিক হত্যাকাণ্ড । যি হত্য়াকাণ্ড বাংলাদেশৰ ইতিহাসত এক মচিব নোৱাৰা দুৰ্বিষহ স্মৃতি হিচাবে চিৰদিন থাকি যাব । আজিৰ দিনটোতে কাৰাগাৰৰ ভিতৰত হত্যা কৰা হৈছিল বাংলাদেশৰ চাৰিগৰাকীকৈ জাতীয় নায়কক । যাৰ স্মৃতিত প্ৰতিবছৰে বাংলাদেশত ৩ নৱেম্বৰ তাৰিখটো কলংকিত কাৰাগাৰ হত্যা দিৱস হিচাবে পালন কৰা হয় (Bangladesh Jail killing day) ।

উল্লেখ্য, ১৯৭৫ চনৰ ১৫ আগষ্টত বাংলাদেশৰ জাতিৰ পিতা তথা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক (Sheikh Mujibur Rahman killing tragedy) পৰিয়ালসহ নৃশংসভাৱে হত্যা কৰা হৈছিল । তাৰ পিছত উক্ত বছৰৰে ৩ নৱেম্বৰত আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় বাংলাদেশত । কাৰাগাৰৰ কোঠাৰ ভিতৰতে বাংলাদেশৰ প্ৰথম অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি চৈয়দ নজৰুল ইছলাম, প্ৰধানমন্ত্ৰী তাজুদ্দিন আহমদ, কেবিনেট সদস্য কেপ্টেইন এম মনছুৰ আলী আৰু এ এইচ এম কামৰুজ্জামানক গুলীয়াই হত্যা কৰা হয় (4 Bangladesh leader killed in Jail) ।

এই চাৰিজন জাতীয় নেতাৰ স্মৃতিতে আজিৰ দিনটোত বাংলাদেশত কাৰাগাৰ হত্যা দিৱস হিচাবে উদযাপন কৰা হয় (Jail killing day observed in Bangladesh) । এই উপলক্ষে আজি বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশবাসীক সম্বোধন কৰে ।

উল্লেখ্য, ১৯৭৫ চনৰ ৩ নৱেম্বৰত বাংলাদেশৰ মুক্তিযুদ্ধৰ নেতৃত্ব দিয়া চাৰিজন জাতীয় নেতাক প্ৰথমতে বিপথে পৰিচালিত সেনাবাহিনীৰ কিছু লোকে গুলীচালনা কৰে আৰু তাৰ পিছত বেয়নেটেৰে খুঁচি খুঁচি হত্যা কৰে । উক্ত জে'ল হত্যাকাণ্ড সংঘটিত কৰি বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰে হত্যাকাৰীয়ে । ইয়াৰ পিছত কাৰাগাৰ হত্যাকাণ্ডৰ পিছদিনা তদানীন্তন কাৰাগাৰ উপ-মহাপৰিদৰ্শক কাজী আব্দুল আৱালে লালবাগ থানাত হত্যাৰ গোচৰ ৰুজু কৰে ।

অৱশ্যে সুদীৰ্ঘ ২১ বছৰ ধৰি উক্ত গোচৰৰ প্ৰক্ৰিয়াটো গাপ দি ৰখা হৈছিল । কিন্তু ১৯৯৬ চনত আৱামী লীগ চৰকাৰ বাংলাদেশৰ ক্ষমতালৈ অহাৰ পিছত উক্ত গোচৰটো পুনৰ সজীৱ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । তাৰেই ফলশ্ৰুতিত ১৯৯৮ চনৰ ১৫ অক্টোবৰত ২৩ জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে । ২০০৪ চনৰ ২০ অক্টোবৰত ঢাকা মেট্ৰোপলিটান সত্ৰ আদালতৰ ন্যায়াধীশ গোচৰৰ ৰায়দান দিয়ে মতিউৰ ৰহমানে । উক্ত ৰায়দানত তিনিজনক মৃত্যুদণ্ড আৰু ১২ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয় ।

মৃত্যুদণ্ডৰ শাস্তি লাভ কৰাকেইজন হৈছে ৰিছালদাৰ মুছলিম উদ্দিন, দফাদাৰ মাৰ্ফাত আলী শ্বাহ আৰু দফাদাৰ আবুল হাচেম মৃধা । আনহাতে, যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱাসকলৰ ভিতৰত আছে খাণ্ডাকেৰ আব্দুৰ ৰছিদ, চৰিফুল হক ডালিম, এম এইচ এম বি নূৰ চৌধুৰী, এ এম ৰাছেদ চৌধুৰী, আব্দুল মাজেদ, আহমদ চৰিফুল হোছেইন, কিছমত হোছেইন, নাজমুল হোছেইন আনছাৰ, চৈয়দ ফাৰুক ৰহমান, শ্বাহৰিয়াৰ ৰছিদ, বজলুল হুদা ।

আনহাতে, উক্ত জে'ল হত্যাকাণ্ডৰ ১০ জন অভিযুক্ত বৰ্তমানো পলাতক অৱস্থাত আছে । উল্লেখ্য, ২০১০ চনৰ মে’ মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ঢাকা কেন্দ্ৰীয় কাৰাগাৰত বঙ্গবন্ধু আৰু আন চাৰিজন ৰাষ্ট্ৰীয় নেতাৰ স্মৃতিত জে'ল স্মৃতি বিজড়িত সংগ্ৰহালয় উদ্বোধন কৰে । পিছত ২০১৩ চনৰ ২৮ নৱেম্বৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰাগাৰ-দ্বিতীয় বিভাগে এক অধিসূচনাযোগে বঙ্গবন্ধু আৰু চাৰিগৰাকী নেতাৰ সোঁৱৰণী সংগ্ৰহালয়ক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ শাখা হিচাপে ঘোষণা কৰে ।

বৃহস্পতিবাৰে কাৰাগাৰ হত্যা দিৱস উপলক্ষে বাংলাদেশত সূৰ্যোদয়ৰ লগে লগে বঙ্গবন্ধু ভৱন আৰু দলটোৰ সকলো স্তৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাষ্ট্ৰীয় আৰু দলীয় পতাকা অৰ্ধনমিতভাৱে উত্তোলনৰ লগতে ক'লা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । লগতে বাংলাদেশৰ মুক্তিযুদ্ধক সমৰ্থন কৰা বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনে চাৰিওগৰাকী জাতীয় নেতাৰ সমাধিস্থলত গৈ মাল্যাৰ্পণ কৰি সশ্ৰদ্ধ স্মৰণ কৰে ।

লগতে পঢ়ক :Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.