ETV Bharat / bharat

Raid in Tihar Jail: তিহাৰ জেলৰ ভিতৰত জব্দ চাৰ্জিকেল ব্লেডৰ লগতে ড্ৰাগছ - তিহাৰ জেল

তিহাৰ কাৰাগাৰ আপোনাৰ মোৰ সকলোৰে পৰিচিত ৷ দেশৰ ভিতৰতে অন্যতম এখন কাৰাগাৰ হৈছে তিহাৰ ৷ য’ত বন্দী হৈ থাকে বহু গুৰুতৰ অপৰাধৰ অপৰাধীৰ লগতে হাই প্ৰফাইল কয়দীও ৷ কিন্তু এইবাৰ তিহাৰৰ ভিতৰত ওলাইছে ড্ৰাগছ (Drugs in Tihar jail) ৷

Tihar Jail latest news
Drugs in Tihar jail
author img

By

Published : Mar 10, 2023, 10:46 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ: শুকুৰবাৰে সন্ধিয়া কাৰাগাৰ প্ৰশাসনে তিহাৰ কাৰাগাৰত অভিযান চলায় । এছিয়াৰ আটাইতকৈ নিৰাপদ হিচাপে খ্যাত তিহাৰ জেলত এক বৃহৎ সফলতা লাভ কৰিছে দলটোৱে । ইয়াৰ ৩ নং জেলত জেলৰ দলটোৱে অভিযান চলাই বৃহৎ পৰিমাণৰ চাৰ্জিকেল ব্লেড, ড্ৰাগছ, দুটা টাচস্ক্ৰীণ মোবাইল আৰু চিম কাৰ্ড উদ্ধাৰ কৰে । ইয়াৰ লগতে আন কিছু নিষিদ্ধ সামগ্ৰীও জব্দ কৰা হৈছে । শুকুৰবাৰে সন্ধিয়া বিষয়টোৰ বিষয়ে তথ্য দিওঁতে তিহাৰ কাৰাগাৰৰ মুখপাত্ৰই কয় যে, সন্ধিয়া প্ৰায় ৬:৪০ বজাত তিনি নম্বৰ কেন্দ্ৰীয় কাৰাগাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Raid in Tihar Jail) ।

যেতিয়া জেলৰ কৰ্মীসকলে অনুভৱ কৰে যে এই জেলৰ বন্দীসকলে কিবা সন্দেহজনক কাৰ্যকলাপ সংঘটিত কৰিছে, তেতিয়াই জ্যেষ্ঠ বিষয়াসকলক এই বিষয়ে অৱগত কৰা হ’ল । ইয়াৰ পিচতে তিহাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হয় । সন্দেহযুক্ত কয়দী কেইজনৰ তালাচী চলোৱাৰ সময়ত ভিতৰৰ পৰা চাৰ্জিকেল ব্লেড, মোবাইল, চিম কাৰ্ড আদি উদ্ধাৰ কৰা হয় (Drugs in Tihar jail)।

দলটোৱে অধিক তদন্ত কৰাত পোহৰলৈ আহে যে কাৰাগাৰৰ বেৰৰ সিটো ফালৰ পৰা এই ফাললৈ কিছুমান পেকেট পেলাই দিয়া হৈছে । এই পেকেটবোৰ ভিতৰলৈ দলিয়াই দিয়া কয়দীসকলক চিনাক্ত কৰা হৈছে । এই বিষয়ত তিহাৰ কাৰাগাৰ প্ৰশাসনে দিল্লী আৰক্ষীক তথ্য দিছে ৷ যাতে এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মণ্ডোলী, ৰোহিনী আৰু তিহাৰৰ কাৰাগাৰত ধাৰাবাহিকভাৱে মোবাইল আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে । সঞ্জয় বেনিৱালে তিহাৰৰ নতুন ডিজি হিচাপে দায়িত্ব লোৱাৰ পিচৰে পৰা এনেধৰণৰ ব্যৱস্থা অবিৰতভাৱে গ্ৰহণ কৰা হৈছে (Drugs inside Tihar Jail) ।

লগতে পঢ়ক : Sukesh Chandrashekhar After Sisodias Arrest : এইবাৰ অৰবিন্দ কেজৰিৱাল !

অভিযানৰ অন্তত কাৰাবন্দীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয় ৷ তেওঁলোকে যিকোনো প্ৰকাৰে ম’বাইল, চিম কাৰ্ড, চাৰ্জিকেল ব্লেড আদি লুকুৱাবলৈ চেষ্টা চলায় । যোৱা কেইমাহমানৰ ভিতৰত শ শ মোবাইল আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ হৈছিল একে ধৰণে । ইয়াৰ বাবে আগন্তুক সময়ত ভিতৰ ভাগত এনে নিষিদ্ধ সামগ্ৰী ব্যৱহাৰ কৰাটো আৰু অধিক কঠিন হৈ পৰিব । তাৎপৰ্যপূৰ্ণভাৱে জেলৰ জোৱানৰ এটা দলে মণ্ডোলী কাৰাগাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ মোবাইল আদি উদ্ধাৰ কৰে । ইয়াৰ পিছত ডিজি সঞ্জয় বেনিৱালৰ নিৰ্দেশত তিহাৰ কাৰাগাৰতো এই ব্যৱস্থা গ্ৰহণ কৰা হয় (Tihar Jail latest news) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.