নেশ্যনেল ডেস্ক,17 জুন : জম্মু-কাশ্মীৰ ভাৰতবৰ্ষৰ এক অভিন্ন অংগ ৷ এই বাস্তৱক কোনেও সলনি কৰিব নোৱাৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Pakistan Foreign Minister)য়ে সংযুক্ত ৰাষ্ট্ৰৰ দুই শীৰ্ষ বিষয়াক এক পত্ৰ প্ৰেৰণৰ পাচত ভাৰতীয় বৈদেশিক মন্ত্ৰালয় (MEA)য়ে এই কথা সদৰি কৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে পত্ৰখনত উত্থাপন কৰা অভিযোগ অনুসৰি, নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ ভৌগলিক সীমাৰেখাৰ আৰ্হি সলনি কৰিছে ৷
বৈদেশিক মন্ত্ৰলায়ৰ মুখপাত্ৰ অৰিন্দম বাগছী (Arindam Bagchi)য়ে কয় যে, কোনেও সীমান্তৰ সন্ত্ৰাসবাদীক গ্ৰহণযোগ্য বুলি মানি ল’ব নোৱাৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্বাহ মাহমুদ কুৰেচী (Shah Mahmood Qureshi)য়ে সংযুক্ত ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত এইদৰে প্ৰত্যুত্তৰ দিয়ে মুখপাত্ৰ অৰিন্দম বাগছীয়ে ৷ পত্ৰখনত মন্ত্ৰী মাহমুদ কুৰেচীয়ে অভিযোগ উত্থাপন কৰে যে, ভাৰতে বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰ (Domicile Certificate) জাৰি কৰি কাশ্মীৰবাসীৰ ৰাষ্ট্ৰীয় পৰিচয় সলনি কৰিছে ৷
2019 বৰ্ষৰ 5 আগষ্টত ভাৰতক ভৌগলিক সীমা সলনি কৰিবলৈ সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদক আহ্বান জনায় পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ 2019 চনত ভাৰতে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ পাচত ভাৰত-পাকিস্তানৰ মাজত পুনৰ সম্পৰ্ক বিচ্ছেদ হয় ৷ তেতিয়াৰ পৰাই কাশ্মীৰৰ প্ৰতিটো দিশত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভ কৰাত বিফল হয় পাকিস্তান ৷ ভাৰতে কয় যে, পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদ আৰু শত্ৰুমুক্ত পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত ভাৰতে অহৰহ চেষ্টা চলাই আছে ৷
লগতে পঢ়ক : শশীকলাসহ পৰিয়ালৰ AIADMKত পুনৰ প্ৰৱেশ নিষেধ !