শ্ৰীনগৰ,23 ডিচেম্বৰ: পিপলছ এলায়েঞ্চ ফৰ গুপ্কৰ ডিক্লেৰেশন চমুকৈ পিএজিডিয়ে জম্মু-কাশ্মীৰৰ নিৰ্বাচনত 280 খন আসনৰ ভিতৰত 110 খন বিজয় সাব্যস্ত কৰি প্ৰথমবাৰৰ বাবে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত বিশাল জয় সাব্যস্ত কৰে ৷ এই নিৰ্বাচনত বিজেপিয়ে এককভাৱে 75 খন আসনত বিজয়ী হয় ৷
কেন্দ্ৰীয় শাসিত নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিজেপিয়ে প্ৰথমবাৰৰ বাবে কাশ্মীৰত 3 খন আসনত জয় লাভেৰে বিজয়ৰ দিশে আগবাঢ়ে৷ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত প্ৰায় 50 জনকৈ নিৰ্দলীয় প্ৰাৰ্থীক জয়ী ঘোষণা কৰা হয় ৷ কংগ্ৰেছে 26 খন আসন দখল কৰাৰ বিপৰীতে জম্মু-কাশ্মীৰ অপণী পাৰ্টীয়ে পৰিষদৰ 12 খন আসনত জয়লাভ কৰে ৷ পিডিএফ আৰু জম্মু-কাশ্মীৰ নেশ্যনেল পেন্থৰ্ছ পাৰ্টীয়ে দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে বিএছপিয়ে এখন আসন দখল কৰে ৷
বন্দীপোৰাৰ হাজিন অঞ্চলত আৰু কুপৱাড়াৰ দ্ৰমুল্লাত প্ৰাৰ্থীসকলৰ জাতীয় কিছু সমস্যা থকাৰ পৰিপ্ৰেক্ষিতত ভোটগণনা কাৰ্য আধাতে বন্ধ কৰি দিয়া হয় ৷ পিডিপিৰ যুৱনেতা ৱহিদ পাৰা আজিও সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈ আছে ৷
নিৰ্বাচনৰ ফলাফল সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পিডিপিৰ অধ্যক্ষ মেহবুবা মুফটি আৰু এনচিৰ উপাধ্যক্ষ ওমৰ আব্দুল্লাই কয় যে, জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে গুপ্কৰ জোঁটবন্ধনক ভোট দি কেন্দ্ৰই জাৰি কৰা 370 নং অনুচ্ছেদৰ সিদ্ধান্তক খাৰিজ কৰিছে ৷
8টাকৈ পৰ্যায়ত অনুষ্ঠিত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন বিগত 28 নৱেম্বৰত আৰম্ভ হৈছিল ৷ 370 নং অনুচ্ছেদ জাৰি কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত এয়া প্ৰথম নিৰ্বাচন আছিল ৷