ETV Bharat / bharat

ওড়িশাত আয়কৰ অভিযান; দ্বিতীয় দিনা ৪৬ কোটি নগদ ধন জব্দ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:33 PM IST

শুকুৰবাৰলৈকে প্ৰায় ২২৫ কোটি টকা উদ্ধাৰৰ পিচত আয়কৰ চোৰাংচোৱাই শনিবাৰে বোলাংগীৰ জিলাৰ সুদাপাৰা অঞ্চলত এজন দেশীয় সুৰা নিৰ্মাতাৰ ঘৰৰ পৰা আৰু ২০ বেগ নগদ ধন জব্দ কৰে ।

IT raids in Odisha
ওড়িশাত আয়কৰ অভিযান; দ্বিতীয়দিনা ৪৬ কোটি নগদ ধন জব্দ

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ‘‘ৰাইজৰ পৰা লুণ্ঠন কৰা ধন ঘূৰাই দিয়া হ'ব’’ বুলি আশ্বাস দিয়াৰ এদিন পিচতে শনিবাৰে আয়কৰ বিভাগে ওড়িশাৰ এটা সুৰা ডিষ্টিলাৰী গ্ৰুপৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে । এই অভিযানৰ দ্বিতীয় দিনা ৪৬ কোটি টকা নগদ জব্দ কৰা হৈছে বুলি বোলাংগীৰ এছবিআইৰ আঞ্চলিক প্ৰবন্ধকে জনাইছে । তেওঁ কয় যে বেংকটোৱে মুঠ ১৭৬ টা নগদ ধনেৰে ভৰ্তি মোনা লাভ কৰিছে ।

আনহাতে, শুকুৰবাৰলৈকে প্ৰায় ২২৫ কোটি টকা উদ্ধাৰৰ পিচত আয়কৰ চোৰাংচোৱাই শনিবাৰে বোলাংগীৰ জিলাৰ সুদাপাৰা অঞ্চলত এজন দেশীয় সুৰা নিৰ্মাতাৰ ঘৰৰ পৰা আৰু ২০ বেগ নগদ ধন জব্দ কৰে । সুদাপাৰাৰ পৰা উদ্ধাৰ কৰা ধনৰ পৰিমাণ গণনা কৰা হৈছে । এগৰাকী বিষয়াই কয় যে ইয়াৰ পৰিমাণ ৫০ কোটি টকাৰ অধিক হ'ব ।

আয়কৰ বিভাগৰ চোৰাংচোৱাসকলে শুকুৰবাৰে গণনাৰ বাবে বোলাংগীৰৰ এছবিআই মুখ্য শাখালৈ ১৫৬ টা নগদ ধনভৰ্তি মোনা লৈ যায় । বিগত তিনিদিন ধৰি ভূৱনেশ্বৰত শিবিৰ পাতি থকা আয়কৰ বিভাগৰ ডি জি সঞ্জয় বাহাদুৰে অৱশ্যে চলি থকা এই অভিযানৰ বিষয়ে বিশেষ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।

তেওঁ শনিবাৰে সাংবাদিকৰ আগত কয়, "আমাৰ দলে ইয়াৰ ওপৰত কাম কৰি আছে’’ । আনহাতে, সূত্ৰত প্ৰকাশ পোৱা মতে, ১৫০ গৰাকী বিষয়াই সুৰা ডিষ্টিলাৰী গ্ৰুপত অভিযান চলাই থকাৰ সময়ত আয়কৰ বিভাগে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা ডিজিটেল নথিপত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে হায়দৰাবাদৰ আন ২০ গৰাকী বিষয়াকো নিযুক্ত কৰিছে ।

জব্দ কৰা ধনখিনি চম্বলপুৰ আৰু বোলাংগীৰৰ দুটা এছ বি আই শাখাত গণনা কৰা হয় । সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, ইয়াৰে বেছিভাগ ৫০০ টকীয়া নোট । নোট গণনা প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে বিভিন্ন বেংকৰ পৰা নোট গণনা যন্ত্ৰ অনা হৈছে বুলিও তেওঁলোকে কয় ।

উল্লেখ্য যে, পশ্চিম ওড়িশাৰ অন্যতম বৃহৎ দেশীয় সুৰা নিৰ্মাতা বলদেউ চাহু আৰু গ্ৰুপ অব কোম্পানীৰ সৈতে সম্পৰ্কিত উৎপাদন গোট আৰু অংশীদাৰসকলৰ চৌহদত অভিযান চলোৱাৰ পিচত সংস্থাটোৱে এতিয়া এই গোটটোৰ সৈতে জড়িত সকলো লোকৰ কাৰ্যালয় আৰু বাসস্থানক লক্ষ্য কৰি লৈছে ।

এই আয়কৰ অভিযান বলদেউ চাহু ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ সহায়ক সংস্থা বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ (বিডিপিএল) পৰা আৰম্ভ হৈছিল । তেওঁলোকে কয় যে ইয়াৰে এটা গোট ঝাৰখণ্ডৰ এগৰাকী কংগ্ৰেছ সাংসদৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে । চম্বলপুৰ, ৰূঢ়কেলা, বোলাংগীৰ, সুন্দৰগড় আৰু ভূৱনেশ্বৰত অভিযান চলোৱা হৈছিল ।

লগতে পঢ়ক : ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত : প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.