নিউজ ডেস্ক, 25 ডিচেম্বৰ: বৰ্তমান সময়ত চাকৰি এটাৰ খুবেই প্ৰয়োজন সকলোকে ৷ ল’ৰা বা ছোৱালী উভয়েই আজিৰ দিনত আটাইতকৈ বেছি মনোনিবেশ কৰে নিজৰ কেৰিয়াৰ গঢ় দিয়াত ৷ নিজৰ পছন্দৰ চাকৰি এটা বাচনি কৰাটোক সকলোৱে অগ্ৰাধিকাৰ দিয়ে ৷ কিয়নো এটা চাকৰি অবিহনে জীৱিকা তথা জীৱনৰ চখ পূৰণ কেতিয়াও সম্ভৱ নহয় ৷ সেয়ে স্বচ্ছল জীৱন যাপনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল উপাৰ্জন আৰু উপাৰ্জনৰ ক্ষেত্ৰত প্ৰায়ভাগৰে প্ৰথম পছন্দ চাকৰি ৷
চাকৰিৰো আকৌ স্তৰ আছে ৷ চৰকাৰী, বেচৰকাৰী, উচ্চ বৰ্গ, নিম্ন বৰ্গ ৷ কথা হ’ল যোগ্য-ভোগ্য বসুন্ধৰা ৷ যাৰ যোগ্যতা আছে, তেওঁ সেই ধৰণেই চাকৰি পাব ৷ সৰহভাগৰে পছন্দ অৱশ্যে চৰকাৰী চাকৰি ৷ কাৰণ চৰকাৰী চাকৰিত এটা নিশ্চয়তা থাকে ৷ সেয়া লাগিলে দৰমহাই হওক বা চাকৰিৰ স্থায়িত্বই হওক ৷ কিন্তু চৰকাৰী চাকৰিৰ বাবেই হাত সাৱটি বহি নাথাকি বৰ্তমান বহু যুৱক-যুৱতীয়ে নিজকে নিয়োগ কৰিছে ব্যক্তিগত খণ্ডত ৷
ব্যক্তিগত খণ্ডৰ ভিতৰত বহুতেই বিচাৰে আই টি খণ্ডত কাম কৰিবলৈ ৷ অৱশ্যে আই টি খণ্ডৰ বাবে সেইধৰণৰ দক্ষতা থাকিব লাগে ৷ মোটা দৰমহা, বিভিন্ন সা-সুবিধা আদিৰ বাবেই বহুতৰে বাবে আই টি খণ্ডৰ চাকৰি অন্যতম পছন্দ বুলি ক’ব পাৰি ৷ কিন্তু আই টি খণ্ডত চাকৰি কৰিব বিচৰসকলৰ বাবে বছৰৰ শেষত আহিছে দুঃখবৰ ৷
এটা প্ৰতিবেদনত প্ৰকাশ পাইছে যে গুগল আৰু আমাজনকে ধৰি 6 খনকৈ বিগফাৰ্মে অতিশীঘ্ৰে ভাৰতত নতুন নিযুক্তি বন্ধ কৰিব ৷ ইকনমিক টাইমছৰ এক তথ্য মতে, আই টি খণ্ডৰ প্ৰতি আগ্ৰহীসকলৰ বাবে গুগল আৰু ফেচবুক (মেটা)ৰ দৰে কিছুমান কোম্পানী আটাইতকৈ পছন্দৰ প্ৰতিষ্ঠান যদিও ভাৰতত এই প্ৰতিষ্ঠানসমূহে অতি সোনকালে নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সম্ভাৱনা আছে ৷
বিশেষজ্ঞ কৰ্মচাৰীৰ দ্বাৰা গঠিত এক্সফেনোৱে ইক’নমিক টাইমছ বাবে একত্ৰিত কৰা তথ্যত উল্লেখ কৰা হৈছে যে ভাৰতত বিগ ৬ কোম্পানী- ফেচবুক (মেটা প্লেটফৰ্ম), আমাজন, এপল, মাইক্ৰ’ছফ্ট, নেটফ্লিক্স আৰু গুগলৰ চাকৰিত নিযুক্তিৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে ।
এই কোম্পানীসমূহৰ মুঠ ২০২৩ চনত ভাৰতত পূৰ্বৰ বছৰৰ তুলনাত সক্ৰিয় চাকৰিৰ নিযুক্তি ৯০ শতাংশ হ্ৰাস পাইছে ৷ যাৰ ফলত ভাৰতত এই প্ৰতিষ্ঠানসমূহে নিযুক্তি বন্ধ কৰিব বুলি চৰ্চা হৈছে ।
বৰ্তমান এই প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় নিযুক্তি সৰ্বকালৰ নিম্নতম স্তৰত আছে ৷ ভাৰতত এই সংখ্যা ৯৮ শতাংশ হ্ৰাস পাইছে । উল্লেখ্য যে বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ ফল ভোগা খণ্ডসমূহৰ ভিতৰত টেক কোম্পানীসমূহ অন্যতম ৷ কিয়নো তেওঁলোকৰ ৰাজহৰ সৰহভাগেই আমেৰিকাৰ অৰ্থনীতিৰ সৈতে একেলগে আগুৱায় ।
অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহৰ ভিতৰত অন্যতম আছিল যোৱা বছৰ গুগলে লোৱা সিদ্ধান্ত ৷ কোম্পানীটোৱে একেলগে ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল । যিটো আছিল এতিয়ালৈকে সংঘটিত বিশ্বৰ আটাইতকৈ ডাঙৰ চাকৰি কৰ্তনৰ ঘটনা ৷
এক্সফেনোৰ গৱেষণাৰ মুৰব্বী প্ৰসাধ এম এছৰ উদ্ধৃতিৰে ইকনমিক টাইমছে কয়, ‘‘বছৰটোৰ ভিতৰত গোটটোৱে কম বা কোনো নিযুক্তি নকৰা ব্যৱস্থাই টেক টেলেণ্টৰ আন্দোলনত প্ৰভাৱ পেলাব । বিশেষকৈ অভিজ্ঞ পাৰ্শ্বীয় স্তৰত ৷’’
এই নিযুক্তি কেতিয়া পুনৰ আৰম্ভ হ’ব ?
প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতত বিশেষকৈ গুগল, নেটফ্লিক্স, ফেচবুক (মেটা)ৰ দৰে কোম্পানীত টেক চাকৰিৰ চাহিদা ৭৮ শতাংশ হ্ৰাস পাইছে । বৰ্তমানৰ বিশ্ব অৰ্থনৈতিক অৱস্থা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নতিৰ লগে লগে এই নিযুক্তি বিৰতিৰ প্ৰক্ৰিয়া অহা ছমাহলৈ অব্যাহত থাকিব ৷
বৰ্তমান বিশ্বজুৰি বিগ টেক ফাৰ্মসমূহত মাত্ৰ ৩০ হাজাৰ চাকৰিৰ সুযোগ আছে ৷ য’ত নিযুক্তিৰ হাৰ ৫০ শতাংশতকৈ অধিক হ্ৰাস পোৱা দেখা গৈছে । ইফালে, ভাৰতত বৰ্তমান তেওঁলোকৰ মূল কাৰ্যকলাপৰ বাবে ১ লাখ ৫০ হাজাৰতকৈও কম লোকে কৰ্মসংস্থাপন লাভ কৰিছে ।
কেৱল ডাঙৰ টেক কোম্পানীয়েই নহয়, ভাৰতীয় ষ্টাৰ্টআপসমূহেও এই বছৰ চাকৰি কৰ্তন আৰু নিযুক্তি স্থগিত ৰখাৰ জৰিয়তে ক্ষতিগ্ৰস্ত হৈছে । শেহতীয়া তথ্য অনুসৰি ভাৰতীয় ষ্টাৰ্টআপ কোম্পানীসমূহে এই বছৰ সমগ্ৰ দেশতে ২৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ।