ETV Bharat / bharat

ISRO Third Lunar Mission : তৃতীয় চন্দ্ৰ অভিযানৰ বাবে সাজু ইছৰো; ভাৰতৰ দৃষ্টি বিৰল কৃতিত্বৰ দিশে

author img

By

Published : Jul 12, 2023, 3:10 PM IST

বিজ্ঞানীসকলৰ মতে, শুকুৰবাৰে দুপৰীয়া ২.৩৫ বজাত উৎক্ষেপণৰ প্ৰায় ১৬ মিনিট পিছত প্ৰপালচন মডিউল ৰকেটৰ পৰা পৃথক হোৱাৰ সম্ভাৱনা আছে । আৰু পৃথিৱীৰ পৰা ১৭০ কিলোমিটাৰ ওচৰত আৰু ৩৬,৫০০ কিলোমিটাৰ দূৰত্বত চন্দ্ৰ কক্ষপথৰ ফালে আগবাঢ়ি যোৱাৰ লগতে উপবৃত্তাকাৰ চক্ৰত প্ৰায় ৫-৬ বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিব ।

ISRO Third Lunar Mission
ISRO Third Lunar Mission

নিউজ ডেস্ক, ১২ জুলাই : হতাশাৰ চাৰি বছৰ পিছত ইছৰোৰ চন্দ্ৰযানে শুকুৰবাৰে তৃতীয় অভিযানত চন্দ্ৰৰ ফালে উৰিবলৈ সাজু হৈছে । এই অভিযানৰ চন্দ্ৰপৃষ্ঠত সফল আৰু মসৃণ অৱতৰণে দেশক চন্দ্ৰ অভিযান সম্পূৰ্ণ কৰা অভিজাত ৰাষ্ট্ৰৰ ক্লাবৰ তালিকাত প্ৰৱেশ ঘটাব । 'ফেট বয়' এলভিএম৩-এম৪ ৰকেটে দেশৰ উচ্চাকাংক্ষী চন্দ্ৰ অভিযানৰ অংশ হিচাপে চন্দ্ৰযান-৩ কঢ়িয়াই নিব । যাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ১৪ জুলাইত শ্ৰীহৰিকোটাৰ মহাকাশবন্দৰৰ পৰা বৃহৎ প্ৰত্যাশিত উৎক্ষেপণৰ বাবে সাজু হৈছে । আনহাতে, চন্দ্ৰযানৰ চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ আগষ্টৰ শেষৰ ফালে পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য, ২০১৯ চনত চন্দ্ৰযান-২ অভিযান ব্যৰ্থ হৈছিল । সেইবাৰ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানৰ আকাংক্ষিত মসৃণ অৱতৰণ লাভ কৰাত ব্যৰ্থ হৈছিল । যাৰ ফলত ইছৰো দলটো একপ্ৰকাৰ হতাশাত ভাগি পৰিছিল । কিন্তু বিৰল কৃতিত্ব অৰ্জন কৰা প্ৰত্যক্ষ কৰিবলৈ উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদানীন্তন ইছৰোৰ মুৰব্বী কে শিৱানক সান্ত্বনা দিয়াৰ ছবি বহুতৰে স্মৃতিত এতিয়াও সজীৱ হৈ আছে ।

সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ বিজ্ঞানীসকলে কেইবা ঘণ্টাৰ কঠোৰ পৰিশ্ৰম বিনিয়োগ কৰাৰ পিছত বৰ্তমান চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণৰ প্ৰযুক্তি আয়ত্ত কৰাৰ লক্ষ্য ৰাখিছে । এই সফলতাই আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পিছত এই কৃতিত্ব অৰ্জন কৰা ভাৰতক কেৱল চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰি তুলিব ।

উল্লেখ্য, চন্দ্ৰযান-৩ হৈছে এলভিএম৩ লঞ্চাৰৰ চতুৰ্থ কাৰ্যকৰী অভিযানত (এম4) উৰণৰ বাবে সাজু হোৱা তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান । মহাকাশ সংস্থাটোৱে কয় যে ইছৰোৱে ইয়াৰ চন্দ্ৰ মডিউলৰ দ্বাৰা চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ প্ৰদৰ্শন কৰি আৰু চন্দ্ৰৰ ভূখণ্ডত ভ্ৰমণ প্ৰদৰ্শন কৰি এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব বিচাৰিছে । এই অভিযানটো ভৱিষ্যতৰ আন্তঃগ্ৰহ অভিযানত সহায়ক হ'ব বুলি আশা কৰা হৈছে ।

চন্দ্ৰযান-3 অভিযানত এটা থলুৱা প্ৰপালচন মডিউল, লেণ্ডাৰ মডিউল আৰু এটা ৰ'ভাৰ আছে । যাৰ উদ্দেশ্য হৈছে আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰদৰ্শন কৰা । ৪৩.৫ মিটাৰ ওখ ৰকেটৰ সৈতে ১৪ জুলাইৰ আবেলি ২.৩৫ বজাত পূৰ্বনিৰ্ধাৰিত সময়ত দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা লিফ্ট-অফৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ বাবে বৃহস্পতিবাৰে উৎক্ষেপণৰ কাউণ্ট-ডাউন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Chandrayaan 3 : চন্দ্ৰ অভিযানৰ উৎক্ষেপণ আখৰা সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.